ETV Bharat / bharat

10 ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিব নতুন সংসদ ভৱনৰ আধাৰশিলা

author img

By

Published : Dec 9, 2020, 8:12 AM IST

10 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূমি পূজনৰ মাংগলিক কাৰ্য সম্পন্ন কৰিব ৷ সাংসদ আৰু মন্ত্ৰালয়ৰ কাৰ্যালয়সমূহৰ উপৰিও নতুন ভৱনটোত থাকিব এটা সংবিধান ভৱন ৷ উক্ত সংবিধান ভৱনত প্ৰকৃত সংবিধানখন প্ৰদৰ্শন কৰা হ'ব ৷

PM Modi to lay foundation stone of new Parliament building on Dec 10
10 ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে স্থাপন কৰিব নতুন সংসদ ভৱনৰ আধাৰশিলা

নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ: 10 ডিচেম্বৰত নতুন সংসদ ভৱনৰ ভূমি পূজন ৷ বৃহস্পতিবাৰে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন হ'বলগীয়া উক্ত সংসদ ভৱনটোত লোকসভা বৰ্তমানতকৈ তিনিগুণ ডাঙৰকৈ গঢ়ি তোলা হ'ব আৰু সেই অনুপাতে ৰাজ্যসভাকো বৰ্তমানৰ আকাৰতকৈ ডাঙৰকৈ গঢ়ি তোলা হ'ব বুলি জানিব পৰা গৈছে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতি অনুসৰি, এই নতুন ভৱন আত্মনিৰ্ভৰ ভাৰতৰ এক অংশ আৰু এই নতুন ভৱনটো স্বাধীনতাৰ পাছত পোনপ্ৰথম বাৰৰ বাবে জনতাৰ সংসদ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হিচাপে বিবেচিত হ'ব ৷ বিবৃতিটোত কোৱা হৈছে যে, আটকধুনীয়াকৈ নিৰ্মাণ হ'বলগীয়া ভৱনটো আকাৰত তিনিকোণীয়া হ'ব আৰু ভাৰতীয় সংস্কৃতি আৰু কলাৰ বৈচিত্ৰতা প্ৰদৰ্শন কৰিব ৷

জানিব পৰা মতে, ভৱনটোৰ আন্তঃগাঁথনি প্ৰক্ৰিয়াত গ্ৰীণ টেকন'লজী প্ৰয়োগ কৰা হ'ব যিয়ে নতুন সংস্থাপনৰ বাট মুকলি কৰাৰ লগতে অৰ্থনীতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷ 10 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া আধাৰশিলা স্থাপন অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে এম্বেচেদৰ আৰু উচ্চ আয়ুক্তসকলে অংশ ল'ব ৷

লগতে পঢ়ক: ৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.