ETV Bharat / bharat

Toycathon ৰ অংশগ্ৰহণকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Jun 22, 2021, 5:04 PM IST

২৪ জুনত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে Toycathon 2021 ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ১.২ লাখ অংশগ্ৰহণকাৰীয়ে টয়কাথন ২০২১ (Toycathon 2021) ৰ বাবে ১৭০০০ তকৈও অধিক আইডিয়া পঞ্জীয়ন আৰু দাখিল কৰিছে ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছে এই তথ্য ৷

PM Modi to interact with participants of Toycathon 2021 on June 24
24 জুনত Toycathon 2021ৰ অংশগ্ৰহণকাৰীৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

নেচনেল ডেস্ক, 22 জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৪ জুনৰ পুৱা ১১ বজাত ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে Toycathon 2021 ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব । টয়কাথন 2021 যুটীয়াভাৱে শিক্ষা মন্ত্ৰালয়, ডব্লিউচিডি মন্ত্ৰালয়, এমএছএমই মন্ত্ৰালয়, ডিপিআইআইটি, বস্ত্ৰ মন্ত্ৰালয়, তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয় আৰু AICTEৰ দ্বাৰা 5 জানুৱাৰীত উদ্ভাৱনী পুতলা আৰু খেলৰ ধাৰণাসমূহৰ crowd-source ৰ বাবে মুকলি কৰা হৈছিল । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মঙলবাৰে জনোৱা অনুসৰি, সমগ্ৰ ভাৰতৰ পৰা প্ৰায় ১.২ লাখ অংশগ্ৰহণকাৰীয়ে টয়কাথন ২০২১ (Toycathon 2021) ৰ বাবে ১৭০০০ তকৈও অধিক ধাৰণা পঞ্জীয়ন আৰু দাখিল কৰিছে ৷ যাৰ ভিতৰত ২২-২৪ জুনলৈ অনুষ্ঠিত হ'বলগীয়া তিনিদিনীয়া অনলাইন টয়কাথন গ্ৰেণ্ড ফিনালেৰ বাবে ১৫৬৭ টা ধাৰণা তালিকাভুক্ত কৰা হৈছে ।

ক’ভিড-19 প্ৰতিবন্ধকতাৰ বাবে এই গ্ৰেণ্ড ফাইনেলত ডিজিটেল পুতলাৰ ধাৰণা থকা দল থাকিব, আনহাতে নন-ডিজিটেল পুতলাৰ ধাৰণাবোৰৰ বাবে এক পৃথক ভৌতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব । ভাৰতৰ ঘৰুৱা বজাৰ, লগতে বিশ্বব্যাপী পুতলা বজাৰে আমাৰ উৎপাদন খণ্ডক এক বৃহৎ সুযোগ প্ৰদান কৰি আহিছে । টয়কাথন ২০২১ ৰ উদ্দেশ্য হৈছে ভাৰতৰ পুতলা উদ্যোগক খণ্ডক আগবঢ়াই লৈ যোৱা যাতে ই ভাৰতীয় বজাৰক বৈশ্বিক পুতলা বজাৰৰ এক বহল অংশ দখল কৰাত সহায় কৰে ।

লগতে পঢ়ক: কৰ্তব্যত দেখুওৱা সততাৰ বাবে গৃহৰক্ষী জোৱানক ১ লাখৰ পুৰস্কাৰ DGPৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.