ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে ২ মাৰ্চত উদ্বোধন কৰিব 'সামুদ্ৰিক ভাৰত সন্মিলন ২০২১' - www.maritimeindiasummit.in

ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২ মাৰ্চত উদ্বোধন কৰিব 'সামুদ্ৰিক ভাৰত সন্মিলন ২০২১' । ডেনমাৰ্ক হৈছে এই তিনিদিনীয়া সন্মিলনৰ সহযোগী দেশ ।

প্ৰধানমন্ত্ৰীয়ে ২ মাৰ্চত উদ্বোধন কৰিব 'সামুদ্ৰিক ভাৰত সন্মিলন ২০২১'

author img

By

Published : Feb 28, 2021, 8:29 PM IST

নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে ২ মাৰ্চত উদ্বোধন কৰিব 'সামুদ্ৰিক ভাৰত সন্মিলন ২০২১' । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে ২ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ এক ভাৰ্চুৱেল প্লেটফৰ্ম www.maritimeindiasummit.in ত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ দ্বাৰা সামুদ্ৰিক ভাৰত সন্মিলন ২০২১ ৰ আয়োজন কৰা হৈছে ।

এই সন্মিলনে পৰৱৰ্তী দশকৰ বাবে ভাৰতৰ সামুদ্ৰিক খণ্ডৰ বাবে উন্নয়নৰ মাপকাঠি হ'ব আৰু ভাৰতক বিশ্বজুৰি সামুদ্ৰিক খণ্ডৰ উন্নয়নৰ বাবে কাম কৰিবলৈ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে । কেইবাখনো দেশৰ বিশিষ্ট ব্যক্তিসকলে সন্মিলনত উপস্থিত থাকিব আৰু এই সন্মিলনৰ জৰিয়তে ভাৰতীয় সামুদ্ৰিক ক্ষেত্ৰত সম্ভাৱ্য ব্যৱসায়িক সুযোগ আৰু বিনিয়োগ অন্বেষণ কৰিব বুলি আশা কৰা হৈছে । ডেনমাৰ্ক হৈছে এই তিনিদিনীয়া সন্মিলনৰ সহযোগী দেশ ।

লগতে পঢ়ক:মহাকাশলৈ মানৱ বিহীন যান পঠিওৱাৰ পৰিকল্পনা ISROৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.