ETV Bharat / bharat

আজি ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব মোডী-বাইডেন

author img

By

Published : Apr 11, 2022, 10:36 AM IST

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত সোমবাৰে অনুষ্ঠিত হ’ব ভাৰ্চুৱেল বৈঠক(PM Modi to hold virtual interaction with US President) ৷ মোডী-বাইডেনে ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ প্ৰায় শেষৰ পৰ্যায়, জলবায়ু সংকটৰ সৈতে মোকাবিলা, বিশ্ব অৰ্থনীতি শক্তিশালী কৰা, ভাৰত-প্ৰশান্ত মহাসাগৰত নিৰাপত্তা, গণতন্ত্ৰ আৰু সমৃদ্ধি বৃদ্ধিৰ বাবে এক মুক্ত, সুনিৰ্দিষ্ট আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বৰ্তাই ৰখাৰ সন্দৰ্ভত আলোচনা কৰিব বুলি দেওবাৰে সদৰি কৰিছে হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পাচাকীয়ে ৷

PM Modi to hold virtual interaction with US President Joe Biden today
আজি ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব মোডী-বাইডেন

ইণ্টাৰনেশ্যনেল ডেস্ক, 11 এপ্ৰিল: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক উন্নত কৰাৰ স্বাৰ্থত বৈঠকত(PM Modi to hold virtual interaction with US President) মিলিত হ’ব ৷ এই বৈঠক ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব ৷

এই বৈঠকত স্থান পাব ক’ভিড-১৯ মহামাৰী(Covid 19 pandemic)ৰ সংক্ৰমণৰ প্ৰায় শেষৰ পৰ্যায়, জলবায়ু সংকট(Climate crisis)ৰ সৈতে মোকাবিলা, বিশ্ব অৰ্থনীতি(Global economy) শক্তিশালী কৰা, ভাৰত-প্ৰশান্ত মহাসাগৰত নিৰাপত্তা বৃদ্ধিৰ দৰে বিষয়সমূহে ৷ হোৱাইট হাউচৰ প্ৰেছ সচিব জেন পাচাকীয়ে দেওবাৰে এই বিষয়ে এনেদৰে সদৰি কৰে ৷

দুয়োগৰাকী নেতাই এক ইণ্ডো-পেচিফিক ইক’ন’মিক ফ্ৰেমৱৰ্কৰ(Indo-Pacific Economic Framework) বিকাশ আৰু উচ্চ মানদণ্ডৰ আন্তঃগাঁথনি প্ৰদানৰ ক্ষেত্ৰত মন্তব্য আগবঢ়াব । ৰাষ্ট্ৰপতি বাইডেনে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধৰ পৰিণাম আৰু বিশ্বব্যাপী খাদ্য যোগান আৰু সামগ্ৰীৰ বজাৰত ইয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিব ৷ হোৱাইট হাউচৰ প্ৰেছ সচিবে এক বিবৃতিত এই কথা উল্লেখ কৰে ৷

বিবৃতিত উল্লেখ কৰা অনুসৰি, বাইডেনে শেহতীয়াকৈ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৷ এই বৈঠকখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে বৈদেশিক সচিব এণ্টনি ব্লিংকেন, প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত অনুষ্ঠিত হ'ব ৷

লগতে চাওক: US Budget 2023 : ইণ্ডো-পেচিফিক ৰণনীতিৰ বাবে আমেৰিকাৰ ১.৮ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.