ETV Bharat / bharat

ক'ভিড-১৯ৰ টীকাকৰণ নিম্ন হাৰত হোৱা জিলাৰ জিলা দণ্ডাধীশৰে আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Nov 3, 2021, 9:58 AM IST

সমগ্ৰ দেশতে বৰ্তমান ক'ভিড-১৯ৰ টীকাকৰণ(COVID-19 vaccination) অভিযান অব্যাহত আছে যদিও কেতবোৰ ৰাজ্যত এতিয়াও টীকাকৰণ অভিযান সফলভাৱে ৰূপায়িত হোৱা নাই । আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে ৪০ খনৰো অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব ।

PM Modi to hold review meeting
ক'ভিড ১৯ৰ টীকাকৰণ নিম্ন হাৰত হোৱা জিলাৰ জিলা দণ্ডাধীশৰে আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ : বুধবাৰে এক পৰ্যালোচনা বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) । ক'ভিড-১৯ৰ প্ৰতিষেধক কমকৈ প্ৰদান কৰা জিলাসমূহৰ জিলা দণ্ডাধীশৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, প্ৰধানমন্ত্ৰী মোডীয়ে ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু আন কেইবাখনো ৰাজ্যৰ ৪০ খনতকৈও অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰিব ।

এই ৰাজ্যকেইখনৰ যিবোৰ জিলাত টীকাকৰণ অভিযান সফলভাৱে ৰূপায়িত হোৱা নাই সেইবোৰ জিলাৰ জিলা দণ্ডাধীশৰ সৈতে আলোচনা কৰিব মোডীয়ে । এই বৈঠকত ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব ।

উল্লেখ্য যে, যোৱা ২৪ ঘণ্টাত প্ৰতিষেধকৰ ৫২,৩৯,৪৪৪ টা পালি প্ৰদান কৰা হৈছে । মঙলবাৰে পুৱা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, ভাৰতত কোভিড-১৯ৰ টীকাকৰণ অভিযানে ১০৬.৮৫ কোটি অতিক্ৰম কৰিছে ।

আৰম্ভণিৰে পৰা এই পৰ্যন্ত টীকাকৰণ অভিযান দ্ৰুত গতিত অব্যাহত আছে যদিও ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আদি কেতবোৰ ৰাজ্যত আশা কৰা ধৰণে এই অভিযান সফল হোৱা নাই । এই অভিযান সফল নোহোৱাৰ কাৰণবোৰৰ বিষয়ে আজিৰ বৈঠকত পৰ্যালোচনা কৰা হ'ব ।

লগতে পঢ়ক:কেপ্টেইন অমৰিন্দৰ সিঙে গঠন কৰিলে পঞ্জাৱ লোক কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.