ETV Bharat / bharat

৫ জানুৱাৰীত কোচি-মাংগালুৰু গেছ পাইপলাইন উদ্বোধন কৰিব মোদীয়ে

author img

By

Published : Jan 4, 2021, 5:38 PM IST

Updated : Jan 4, 2021, 6:11 PM IST

৪৫০ কিঃমিঃ দৈৰ্ঘ্যৰ কোচি-মাংগালুৰু গেছ পাইপলাইন অহা ৫ জানুৱাৰীত উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই পাইপলাইনৰ জৰিয়তে পৰিৱেশৰ বাবে অনুকুল ইন্ধন যোগান ধৰা হ'ব । ৩,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে কোচি-মাংগালুৰু গেছ পাইপলাইন ।

অহা ৫ জানুৱাৰীত কোচি-মাংগালুৰু গেছ পাইপলাইন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেস্ক, ৪ জানুৱাৰী: কম খৰচতে পৰিৱেশৰ বাবে অনুকূল ইন্ধন যোগান ধৰাৰ উদ্দেশ্যেৰে স্থাপন কৰা হৈছে কোচি-মাংগালুৰু গেছ পাইপলাইন । অহা ৫ জানুৱাৰীত এই পাইপলাইন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । গেছ অথ'ৰিটি অৱ ইণ্ডিয়া লিমিটেডৰ চেয়াৰমেন মনোজ জৈনে এই কথা প্ৰকাশ কৰিছে । 'ৱান নেশ্যন,ৱান গেছ গ্ৰীড' গঢ়ি তোলাৰ দিশত কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে ।

মঙলবাৰে দিনৰ ১১ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব । কৰ্ণাটকৰ ৰাজ্যপাল বাজুভাই ৱালা, মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰপ্পা, কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন,কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । গেছ অথ'ৰিটি অৱ ইণ্ডিয়া লিমিটেড নিৰ্মাণ কৰা ৪৫০ কিঃমিঃ দৈৰ্ঘ্যৰ কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইনৰ জৰিয়তে ঘৰুৱা আৰু ব্যৱসায়িকভাৱে ব্যৱহাৰৰ বাবে গেছ যোগান ধৰা হ'ব ।

প্ৰতিদিনে ১২ মিলিয়ন মেট্ৰিক মানৰ কিউবিক মিটাৰ পৰিবহণ কৰাৰ ক্ষমতা আছে এই পাইপলাইনৰ । কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইনে কোচিত থকা লিকুইফাইড প্ৰাকৃতিক গেছ পুনঃনিৰ্ধাৰণ টাৰ্মিনেলৰ পৰা এৰ্ণাকুলাম,পালাক্কড়,মালাপ্পুৰম,কঝিক'ড়ে,কন্নুৰ আৰু কাছৰাগড় হৈ মাংগালুৰুলৈ গেছ কঢ়িয়াই নিব । ৩,০০০ কোটি টকীয়া এই পাইপলাইনৰ নিৰ্মাণ কাৰ্যত ১২ লাখ লোকে কাম কৰিছিল । এই পাইপলাইনেৰে কম খৰচতে পৰিৱেশৰ বাবে অনুকুল ইন্ধন প্ৰাকৃতিক গেছৰ ৰূপত ঘৰুৱা ব্যৱহাৰ আৰু সংকুচিত প্ৰাকৃতিক গেছ হিচাপে পৰিবহন ক্ষেত্ৰৰ বাবে যোগান ধৰা হ'ব ।

লগতে পঢ়ক:বিজেপি নেতাৰ হত্যাঃ ওড়িশাৰ আইন মন্ত্ৰীসহ ১৩ জনৰ বিৰুদ্ধে অভিযোগ

Last Updated : Jan 4, 2021, 6:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.