ETV Bharat / bharat

দুবাই বিশ্ব জলবায়ু কাৰ্য সন্মিলন; উদ্বোধনী অধিবেশনত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে

বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰীয়ে 'গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভ' সম্পৰ্কীয় এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব । "প্ৰধানমন্ত্ৰীয়ে আজি সন্ধিয়া বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দুবাইলৈ ৰাওনা হ'ব ।" তেওঁ কয় ।

author img

By ANI

Published : Nov 30, 2023, 4:10 PM IST

উদ্বোধনী অধিবেশনত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে
ডুবাই বিশ্ব জলবায়ু কাৰ্য সন্মিলন

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব ৰাষ্ট্ৰত অনুষ্ঠিত হ'বলগীয়া বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰিব । লগতে তেওঁ তিনিটা উচ্চ পৰ্যায়ৰ পাৰ্শ্বীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰিব । ইয়াৰে ভিতৰত দুটা ভাৰতে সহ-আয়োজন কৰিব । ইয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদী বৃহস্পতিবাৰে সন্ধিয়া ইউএই লৈ ৰাওনা হ'ব আৰু শুকুৰবাৰে সন্মিলনৰ অনুষ্ঠানত উপস্থিত থাকিব । উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে চলিত বছৰৰ জুলাই মাহতো ইউএই ভ্ৰমণ কৰিছিল ।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ ইউএই ভ্ৰমণ সন্দৰ্ভত এক বিশেষ সংবাদমেল সম্বোধন কৰি বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰীয়ে 'গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভ' সম্পৰ্কীয় এক অনুষ্ঠানতো অংশগ্ৰহণ কৰিব । "প্ৰধানমন্ত্ৰীয়ে আজি সন্ধিয়া বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ডুবাইবলৈ ৰাওনা হ'ব । ই হৈছে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচনৰ (ইউএনএফচি) ২৮ সংখ্যক সন্মিলনৰ উচ্চ পৰ্যায়ৰ অনুষ্ঠান । আজি সন্ধিয়া যাত্ৰা কৰি তেওঁ কাইলৈ সন্ধিয়া ভাৰতলৈ উভতি অহাৰ পূৰ্বে শীৰ্ষ সন্মিলনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।" তেওঁ কয় ।

"চিঅ'পি২৮ত অংশগ্ৰহণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে বিশ্ব জলবায়ু কাৰ্য সন্মিলনৰ উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰিব । চিঅ'পি২৮ত তেওঁৰ ভাষণৰ উপৰি প্ৰধানমন্ত্ৰীয়ে তিনিটা উচ্চ-পৰ্যায়ৰ পাৰ্শ্ব অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰ ভিতৰত দুটা ভাৰতে সহ-আয়োজক হিচাপে পৰিচালনা কৰিছে । ভাৰত আৰু ইউএইৰ দ্বাৰা সহ-আয়োজিত প্ৰথম উচ্চ-পৰ্যায়ৰ অনুষ্ঠানটো হৈছে গ্ৰীণ ক্ৰেডিটছ ইনিচিয়েটিভৰ শুভাৰম্ভ ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ে দুটা অগ্ৰণী পদক্ষেপ আৰম্ভ কৰিছে । ই জলবায়ু পৰিৱৰ্তনৰ প্ৰতি ভাৰতৰ সক্ৰিয় দৃষ্টিভংগী আৰু স্থিৰতা সূচায় আৰু ২০২১ চনত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা 'লাইফষ্টাইল ফৰ এনভায়ৰনমেণ্ট' আন্দোলনক আগুৱাই নিব । গ্ৰীণ ক্ৰেডিট প্ৰ'গ্ৰাম (জিচিপি) আৰু ইকোমাৰ্ক আঁচনিৰ দৰে পদক্ষেপবোৰে পৰম্পৰা আৰু সংৰক্ষণৰ দ্বাৰা নিহিত পৰিৱেশ অনুকূল পদ্ধতিবোৰক উৎসাহিত কৰিব, যিটোৱে লাইফ (LiFE) ধাৰণাটোক প্ৰতিফলিত কৰে ।

আনহাতে, যোৱা মাহত পৰিৱেশ মন্ত্ৰালয়ৰ অধিসূচনাৰ কথা উল্লেখ কৰি কোৱাট্ৰাই কয় যে গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভ হৈছে গ্ৰীণ ক্ৰেডিট কাৰ্যসূচীৰ ওপৰত আধাৰিত এক প্ৰচেষ্টা । তেওঁ কয়, "ই মূলত আৱৰ্জনা আৰু অৱক্ষয় হোৱা ভূমি আৰু নদীৰ অৱবাহিকা অঞ্চলত খেতিৰ বাবে গ্ৰীণ ক্ৰেডিটৰ বিষয়টো কল্পনা কৰে, যাতে সেইবোৰৰ জীৱনীশক্তি পুনৰুদ্ধাৰ হয় ।"

আহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত আৰু ছুইডেনৰ দ্বাৰা সহ-আয়োজিত উচ্চ পৰ্যায়ৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব । "ভাৰত আৰু ছুইডেনৰ দ্বাৰা সহ-আয়োজিত দ্বিতীয়টো (পাৰ্শ্বীয় অনুষ্ঠান) হৈছে উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গোট লীড আইটি 2.0 মুকলি কৰা । প্ৰণিধানযোগ্য যে ই হৈছে 2019 চনত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ জলবায়ু কাৰ্য সন্মিলনত ভাৰত আৰু ছুইডেনে আৰম্ভ কৰা এক যৌথ পদক্ষেপ । মূলত এই পদক্ষেপে সিদ্ধান্ত লওঁতাসকলৰ মাজত সহযোগিতা বৃদ্ধি কৰে, ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড দুয়োকে একত্ৰিত কৰে । ইয়াৰ উদ্দেশ্য হৈছে উদ্যোগটোক শূন্য কাৰ্বন নিৰ্গমনলৈ ত্বৰান্বিত কৰা, মূলত গধুৰ উদ্যোগৰ পৰা ।" তেওঁ কয় ।

কোৱাট্ৰাই লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আন এক উচ্চ-পৰ্যায়ৰ অনুষ্ঠান 'ট্ৰান্সফৰ্মিং ক্লাইমেট ফাইনেন্স'ত অংশগ্ৰহণ কৰিব । এই অনুষ্ঠান চিঅ'পি28ৰ অধ্যক্ষতা ইউএইয়ে আয়োজন কৰিব । বিশ্ব জলবায়ু কাৰ্য সন্মিলন হৈছে জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচনৰ (ইউএনএফচি) 28 সংখ্যক দলবোৰৰ সন্মিলনৰ (চিঅ'পি28) উচ্চ-স্তৰীয় অনুষ্ঠান । এই অনুষ্ঠান ইউএইৰ অধ্যক্ষতাত ২৮ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ১২ ডিচেম্বৰলৈকে চলিব ।

লগতে পঢ়ক :CAA কাৰ্যকৰীকৰণ কোনেও বন্ধ কৰিব নোৱাৰে; কলকাতাত ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.