ETV Bharat / bharat

PM Modi on Africa G20 membership : আফ্ৰিকাক জি-২০ৰ স্থায়ী সদস্য কৰাৰ ভাৰতৰ প্ৰস্তাৱক সমৰ্থন আমেৰিকাৰ

প্ৰধানমন্ত্ৰী মোডীয়ে আফ্ৰিকাক স্থায়ী জি-২০ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল । সেই প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি জ' বিডেনক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে । এই বছৰ ভাৰতে জি-২০ বৈঠকৰ অধ্যক্ষতা কৰিছে ।

PM Modi on Africa G20 membership
আফ্ৰিকাক জি-২০ৰ স্থায়ী সদস্য কৰাৰ ভাৰতৰ প্ৰস্তাৱক সমৰ্থন আমেৰিকাৰ
author img

By

Published : Jun 23, 2023, 11:57 AM IST

নেশ্যনেল ডেস্ক,২৩ জুন : আফ্ৰিকাক জি-২০ৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনক ধন্যবাদ জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে জি-২০ৰ অধ্যক্ষতাত ভাৰতে 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'ৰ উদ্দেশ্যক গুৰুত্ব প্ৰদান কৰিছে আৰু গ্লোবেল ছাউথৰ হৈ মাত মাতিছে । আফ্ৰিকাক স্থায়ী জি-২০ সদস্য কৰাৰ ভাৰতৰ প্ৰস্তাৱত সমৰ্থন কৰাৰ বাবে ৰাষ্ট্ৰপতি বিডেনক তেওঁ ধন্যবাদ জনায় ।

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "মই দৃঢ়ভাৱে বিশ্বাস কৰো যে বিশ্বৰ দুটা বৃহৎ গণতন্ত্ৰ ক্ৰমে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই সমগ্ৰ বিশ্বৰ আশা আৰু আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হ'ব ।" ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০ জনীয়া গোটৰ (জি-২০) সদস্যসকলৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি আফ্ৰিকান ইউনিয়নৰ স্থায়ী সদস্যপদ প্ৰদান কৰিবলৈ আহ্বান জনাইছিল । আফ্ৰিকা মহাদেশৰ ৫৫ খন দেশৰ দ্বাৰা গঠিত ইউনিয়নৰ অনুৰোধ অনুসৰিয়ে এই প্ৰস্তাৱটো লোৱা হৈছিল, যাৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আফ্ৰিকাৰ কণ্ঠস্বৰ বৃদ্ধি কৰা আৰু অংশীদাৰী বিশ্বৰ ভৱিষ্যত গঢ়ি তোলা ।

প্ৰধানমন্ত্ৰী মোডীয়ে আফ্ৰিকাৰ স্বাৰ্থৰ দৃঢ় সহযোগ আৰু সমৰ্থন কৰে আৰু এই বিষয়ত সন্মুখৰ পৰা নেতৃত্ব দিছে । প্ৰধানমন্ত্ৰী মোডীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিশ্বব্যাপী দক্ষিণৰ দেশসমূহ, বিশেষকৈ আফ্ৰিকাৰ দেশসমূহৰ কণ্ঠস্বৰ উত্থাপন কৰাত দৃঢ় বিশ্বাসী । ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অংশ হিচাপে, তেওঁ বিশেষভাৱে আফ্ৰিকাৰ দেশসমূহৰ অগ্ৰাধিকাৰসমূহক জি-২০ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

উল্লেখ্য যে এছিয়াৰ বিত্তীয় সংকটৰ পাছত ১৯৯৯ চনত জি-২০ প্ৰতিষ্ঠা কৰা হৈছিল । এই গোটটোত ২০ টা সৰ্ববৃহৎ অৰ্থনীতি (দেশ) অন্তৰ্ভুক্ত আছে । জি-২০ সদস্যসকল হৈছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, দক্ষিণ কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ইউকে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়ন । ইফালে ভাৰতে ছেপ্টেম্বৰত নতুন দিল্লীত জি-২০ সন্মিলন আয়োজন কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক :PM Modi White House Dinner Speech : হোৱাইট হাউচৰ ৰাজ্যিক নৈশভোজত মোডীৰ অংশগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.