ETV Bharat / bharat

Nagaland election results 2023 : নাগালেণ্ডৰ জনতাক ধন্যবাদ প্ৰধানমন্ত্ৰী মোডীৰ - BJP alliance got majority seats

শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১২ খন আসন লাভ কৰাৰ বিপৰীতে এনডিপিপিয়ে ২৫ খন আসন লাভ কৰিছে । বিজেপি মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (BJP alliance got majority seats)। নাগালেণ্ডৰ ৰাইজ আৰু দলীয় কৰ্মীসকলক তেওঁ কৃতজ্ঞতা জনাইছে ।

Nagaland election results 2023
নাগালেণ্ডৰ জনতাক ধন্যবাদ প্ৰধানমন্ত্ৰী মোডীৰ
author img

By

Published : Mar 2, 2023, 8:24 PM IST

নেশ্যনেল ডেস্ক,২ মাৰ্চ : ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু মিত্ৰজোঁটৰ অংশীদাৰ নেচনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি)য়ে নাগালেণ্ডত ৩৭ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখনৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে (PM tweet on Nagaland election results trend)। প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ডাবল ইঞ্জিন চৰকাৰে ৰাজ্যখনৰ প্ৰগতিৰ বাবে কাম কৰি যাব । নিৰ্বাচনৰ ভোট গণনাৰ সময়তে টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে দলীয় কৰ্মীসকলক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে (PM Modi praises party worker in Nagaland)। কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ বাবে এই ফলাফল নিশ্চিত হৈছে । নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত থকাৰ মাজতে বিজেপি আৰু মিত্ৰজোঁটে ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰে । বৃহস্পতিবাৰে সন্ধিয়া ৬:১০ বজাত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া ট্ৰেণ্ড অনুসৰি, বিজেপিয়ে ১২ খন আসন লাভ কৰাৰ বিপৰীতে এনডিপিপিয়ে ২৫ খন আসন লাভ কৰে ।

আনহাতে কংগ্ৰেছে ৬ খন আসন লাভ কৰে আৰু এখন আসনত আগবাঢ়ি আছে । ভাৰতীয় ৰিপাব্লিকান পাৰ্টিয়ে (আঠৱালে) বিধানসভা নিৰ্বাচনত দুখন আসন লাভ কৰে । এই বছৰ ১৫ টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰা নৱাগত লোক জনশক্তি পাৰ্টীয়েও দুখন আসনত জয় লাভ কৰি তেওঁলোকৰ একাউণ্ট খুলিবলৈ সক্ষম হৈছে । নাগা পিপলছ ফ্ৰণ্টে দুখন আসনত জয়ী হৈছে (Nagaland election results)।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী তথা এনডিপিপিৰ প্ৰাৰ্থী নেইফিউ ৰিঅ'ই উত্তৰ আংগামি-২ বিধানসভা সমষ্টিত জয়লাভ কৰি কংগ্ৰেছৰ চেইভিলি চাচুক ১৫,৮২৪ টা ভোটৰ বিশাল ব্যৱধানত পৰাস্ত কৰে (Neiphiu Rio won Angami II seats)। তেওঁ মুঠ ১৭,০৪৫ টা ভোট লাভ কৰিছিল । সমষ্টিটোত মুঠ ভোটৰ ৯২.৮৭ শতাংশ তেওঁ অকলে লাভ কৰে ।

নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনাই আলংটাকি সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত জয়ী হৈছে (Nagaland BJP chief won)। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে জনতা দল (ইউনাইটেড)ৰ প্ৰাৰ্থী জে লানু লংচাৰক ৩,৭৪৮ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । তেওঁ মুঠ ৯,২৭৪ টা ভোট লাভ কৰিছে ।

নাগালেণ্ডে এইবাৰ প্ৰথমগৰাকী বিধায়িকা লাভ কৰিছে (First Nagaland woman MLA)। NDPP দলৰ পৰা বিধায়িকা হিচাবে নিৰ্বাচনত জয়ী হৈছে হেখানি জাখালু ৷ ৩ নং ডিমাপুৰ সমষ্টিৰ পৰা ১,৫৩৬ টা ভোটত জয়লাভ কৰি ইতিহাস ৰচনা কৰে ৪৮ বছৰীয়া হেখানিয়ে ।

লগতে পঢ়ক :Manik Saha wins from Town Bardowali : পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি মাণিক সাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.