নেশ্যনেল ডেস্ক, 11 নৱেম্বৰঃ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবাখনো ৰাজ্যত হোৱা নিৰ্বাচনত বিজেপি দলে লাভ কৰা সমৰ্থনৰ পিচতে বিজেপি দলৰ প্ৰতি ৰাজ্য কেইখনৰ জনতাই প্ৰকাশ কৰা আস্থা আৰু বিশ্বাসক প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ মধ্যপ্ৰদেশৰ উপ নিৰ্বাচনৰ 28 খন আসনৰ ভিতৰত 19 খন আসনতে বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয় লাভ কৰে৷ তেওঁ বিজেপি দলক ৰাইজে আদৰি লোৱাৰ বাবে ধন্যবাদ জনাই ৰাজ্যখনৰ জনসাধাৰণক ৷
মধ্য প্ৰদেশত শিৱৰাজ সিং চৌহানৰ নেতৃত্বত প্ৰগতিশীল চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবেই ৰাজ্যখনৰ জনসাধাৰণে আমাক পছন্দ কৰিছে৷ এই ক্ষেত্ৰত বিজেপি দলৰ কৰ্মীসকলৰো অক্লান্ত পৰিশ্ৰম জড়িত হৈ আছে ৷ শেহতীয়াকৈ অনুষ্ঠিত উপ নিৰ্বাচনত বিজেপি দলক ৰাইজে আশীৰ্বাদ প্ৰদান কৰাৰ বাবে মই সংসদৰ সদস্যসকলক ধন্যবাদ জনাইছো ৷ ৰাজ্যজুৰি তেওঁলোকৰ মৰম অতুলনীয় ৷ এইদৰে টুইট কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷
3 নৱেম্বৰত উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি দলে 7 খন আসনৰ ভিতৰত 6 আসনতে নিৰংকুশ জয়লাভ কৰিবলৈ সক্ষম হয় ৷ যোগী আদিত্যনাথৰ অধীনত ৰাজ্যখনৰ জনসাধাৰণে চৰকাৰৰ জন সমৰ্থক নীতি সমূহৰ বাবে ৰাইজে বিজেপি দলক সমৰ্থন কৰিছে বুলি মন্তব্য কৰে৷
উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা বিধানসভাৰ উপ নিৰ্বাচনত বিজেপি দলে 7 খন আসনৰ 6 খন আসনতে জয়লাভ কৰাৰ পিচত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰৰ জনতাৰ প্ৰতি থকা প্ৰগতিশীল নীতি সমূহৰ বাবে আমাৰ দলক সমৰ্থন কৰিছে ৷ তেওঁলোকে বিজেপি দলৰ প্ৰতি স্পষ্ট সমৰ্থন দিছে যাৰ বাবে মই সকলোকে কৃতজ্ঞতা জনাইছো ৷ উত্তৰ প্ৰদেশ বিজেপিৰ কৰ্মকৰ্তা সকললৈও ধন্যবাদ জনাই টুইটযোগে প্ৰধান মন্ত্ৰীয়ে ৷
দলটো উপ নিৰ্বাচনত 8 খন আসনত নিৰংকুশ জয়লাভ কৰাৰ পিচত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে,গুজৰাটৰ জনসাধাৰণ আৰু বিজেপি দলৰ মাজত এক অটুট সম্পৰ্ক আছে ৷ গুজৰাট আৰু বিজেপি দলৰ জনসাধাৰণৰ মাজত বন্ধন অবিচ্ছেদ্য ৷ এই বন্ধ গুজৰাটৰ উপ নিৰ্বাচনত দেখা গৈছে , য'ত বিজেপি দলে 8 খন আসনত ক্লীন চুইপ কৰিছে ৷ এই অভূতপূৰ্ব সমৰ্থনৰ বাবে মই গুজৰাটৰ জলসাধাৰণক ধন্যবাদ জনাইছো৷ মই বিজয় ৰূপানীৰ লগতে স্থানীয় বিজেপিৰ সকলো কৰ্মকৰ্তাসকল আৰু ৰাজ্য চৰকাৰৰ কামক ধন্যবাদ জনাইছো ৷ এইদৰে টুইটাৰত টুইট কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷
বিজেপিৰ উন্নয়নৰ কাৰ্যসূচীক সমৰ্থন জনাই বিজেপি দলক পুনৰ বিশ্বাস কৰাৰ বাবে মণিপুৰৰ জনসাধাৰণকো ধন্যবাদ জনাই মোদীয়ে ৷ তেওঁ টুইটত কয় যে, পুনৰবাৰ বিজেপিৰ উন্নয়নকামী কাৰ্যসূচীৰ প্ৰতি বিশ্বাস কৰাৰ বাবে মই মণিপুৰৰ জনতাক ধন্যবাদ জনাইছো ৷ মণিপুৰৰ উপ নিৰ্বাচনত অভূতপূৰ্ব জয়ৰ পিচত মণিপুৰৰ বিজেপি কৰ্মকৰ্তাসকলকো অভিনন্দন জনাই৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বত মণিপুৰত চৰকাৰক শক্তিশালী কৰিব আৰু জনতাৰ আশা আকংখা পূৰণ কৰাত সক্ষম হ'ব ৷ এইদৰে টুইট কৰে প্ৰধানমন্ত্ৰীয়ে ৷
উল্লেখ্য যে, মণিপুৰৰ উপ নিৰ্বাচনত 5 খন আসনৰ ভিতৰত 4 খন আসনতে বিজেপি দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ প্ৰধান মন্ত্ৰীয়ে কয় যে, তেলেংগানাৰ ডুব্বকত বিজেপিৰ ঐতিহাসিক আৰু বিজেপি দলৰ কৰ্মীসকলৰ প্ৰশংসনীয় প্ৰচেষ্টা ৷ মই বিজেপি দলৰ তেলেংগানাৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছো ৷ এইয়া এক ঐতিহাসিক জয় আৰু আমাৰ বাবে ৰাজ্যখনত আৰু অধিক শক্তিশালী ভূমিকাৰে কাম কৰাৰ বাবে অনুপ্ৰেৰণা উৎসাহ দিব ৷ আমাৰ দলৰ কৰ্মীসকলেও যথেষ্ট কষ্ট কৰিছে এই বিজয়ৰ ক্ষেত্ৰত, মই বিজেপিৰ কাৰ্যসূচী আগুৱাই নিয়াৰ বাবে তেওঁলোকৰ শলাগ লৈছো ৷ এইদৰে টুইট কৰে মোদীয়ে ৷
লগতে চাওকঃ আজি ভোমোৰাগুৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্য্যটকৰ বাবে মুকলি কৰা হ’ব ৰিভাৰ