ETV Bharat / bharat

Modi spoke to Putin: মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক

author img

By

Published : Feb 25, 2022, 3:59 PM IST

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হিংসাৰ পথ পৰিহাৰ কৰি আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে (Modi speaks to Putin over Ukraine situation)৷ প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক জনাইছে যে, ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সমস্যাৰ কূটনৈতিক সমাধান হোৱাটো বিচাৰে ৷

Modi spoke to Putin
মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক

নতুন দিল্লী, ২৫ ফেব্ৰুৱাৰী: ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ(Russia Ukraine crisis)ৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক হিংসাৰ পথ পৰিহাৰ কৰিবলৈ আৰু আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিবলৈ আহ্বান জনাইছে ৷ বৃহস্পতিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনৰ সৈতে ফোনযোগে কথা পাতিছিল (Modi spoke to Putin)৷

প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনক জনাইছে যে, ভাৰতে ৰাছিয়া আৰু ইউক্ৰেইনৰ সমস্যাৰ কূটনৈতিক সমাধান হোৱাটো বিচাৰে ৷ মোদীয়ে ৰাছিয়া আৰু নাটো গোটৰ মাজত সুস্থ স্বাস্থ্যকৰ আলোচনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তেওঁ পুটিনক ইউক্ৰেইনৰ ওপৰত চলা আক্ৰমন আৰু হিংসা বন্ধ কৰিবলৈ আহ্বান জনায় ৷

মোদীয়ে বৃহস্পতিবাৰে পুটিনৰ সৈতে কথা পতাৰ পূৰ্বে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ এখন বৈঠকটো ভাগ লয় ৷ এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থাকে ৷

এই বৈঠকৰ পিছত বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই কয় যে ২০,০০০ ভাৰতীয় ইউক্ৰেইনত আছে, যাৰ ভিতৰত যোৱা কেইদিনমানত প্ৰায় ৪,০০০ ভাৰতীয় দেশলৈ উভতি আহিবলৈ সক্ষম হৈছে ৷

ভাৰতে ইউক্ৰেইনৰ পৰা পোলেণ্ড আৰু হাংগেৰীৰ সীমান্তত আৱদ্ধ ভাৰতীয়সকলক স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ ব্যৱস্থা গ্ৰহন কৰিছে । শ্ৰীংলাৰ মতে ইউক্ৰেইনৰ আকাশ মাৰ্গত বিমান চলাচল স্থগিত থকাৰ বাবে এই বিকল্প পথটো বাচি লোৱা হৈছে ।

লগতে পঢ়ক: স্বদেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান অসহায় ৰাষ্ট্ৰপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.