ETV Bharat / bharat

মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ শক্তি হ'ব; প্ৰধানমন্ত্ৰী মোদী - PM Modi attend Uttarakhand Global Investors Summit

শেহতীয়াকৈ তিনিখন ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত উৎসাহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচন সন্দৰ্ভত এক ডাঙৰ বিবৃতি দিছে । দেহৰাদুনত অনুষ্ঠিত উত্তৰাখণ্ড গোলকীয় বিনিয়োগকাৰী সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰত তৃতীয়টো কাৰ্যকালতো তেওঁৰ চৰকাৰ অহাৰ কথা ঘোষণা কৰে । প্ৰধানমন্ত্ৰী মোদীৰ এই মন্তব্যই ৰাজনৈতিক মহলত তাব্ৰ চৰ্চা লাভ কৰিছে ।

PM Modi on India global power
মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ শক্তি হ'ব; প্ৰধানমন্ত্ৰী মোদী
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 2:36 PM IST

নিউজ ডেস্ক, ৮ ডিচেম্বৰ : উত্তৰাখণ্ড গোলকীয় বিনিয়োগকাৰী সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এক ডাঙৰ মন্তব্য কৰিছে । তেওঁৰ তৃতীয় কাৰ্যকালৰ বিষয়ে এক ডাঙৰ ঘোষণা কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰত বিজেপি চৰকাৰৰ তৃতীয় কাৰ্যকালৰ কথা উল্লেখ কৰি তিনিখন ৰাজ্যত পৰাজয়ৰ পিছত বিৰোধীক যেন কেঁচা ঘাত নিমখ সানি দিলে ।

দেহৰাদুনত অনুষ্ঠিত গ্লোবেল ইনভেষ্টৰ্ছ ছামিটত মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দুপৰীয়া ১২.২৩ বজাৰ পৰা ১২.৫৫ বজালৈ ভাষণ প্ৰদান কৰে । এই সময়ছোৱাত তেওঁ কেইবাটাও ডাঙৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ এবাৰ আগ্ৰাসী ৰূপত দেখা যায় ।

তেওঁ পাহাৰীয়া ৰাজ্যখনৰ কথা উল্লেখ কৰি উত্তৰাখণ্ডৰ ভূমিক দেৱভূমি বুলি অভিহিত কৰে । তেওঁ লগতে কয় যে এই ভূমিৰ প্ৰতি তেওঁ সদায় ঋণী হৈ থাকিব । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়াই তেওঁ এই ভূমিৰ বাবে কিবা কৰাৰ সুযোগ লাভ কৰে, তেতিয়াই তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয় হ'ব ।

নিজৰ কাৰ্যকাল সন্দৰ্ভতো মোদীয়ে এক ডাঙৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত নিৰন্তৰ উন্নয়ন আৰু নীতি পৰ্যায়ৰ উন্নতিৰ ওপৰত ভাষণ প্ৰদান কৰি তেওঁ সকলো বিনিয়োগকাৰীক উত্তৰাখণ্ডত অধিক বিনিয়োগ কৰিবলৈ আহ্বান জনায় ।

এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে তেওঁৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'বলৈ গৈ আছে । ইয়াৰ পৰা এইটো স্পষ্ট যে প্ৰধানমন্ত্ৰী মোদী ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী ।

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ চনৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব । কিন্তু লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্যই ৰাজনৈতিক মহলত নিশ্চিতভাৱে চৰ্চিত হ'বলৈ গৈ আছে । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত তিনিখন ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ গৈ থকা বিজেপিৰ প্ৰদৰ্শনত সুখী বুলি উল্লেখ কৰিছে ।

এই মন্তব্যই এইটো দেখুৱাইছে যে তেওঁ সম্পূৰ্ণ আত্মবিশ্বাসত আছে । ইয়াৰ উপৰি আগন্তুক লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে তেওঁ নিজৰ তৃতীয় কাৰ্যকালৰ কথাও ঘোষণা কৰে ।

লগতে পঢ়ক :দেশৰ স্বাৰ্থৰ বিষয়ত প্ৰধানমন্ত্ৰী মোদীক ভয় খুৱাব বা ভাবুকি দিব নোৱাৰি; পুটিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.