ETV Bharat / bharat

প'ৰ্ট ব্লেয়াৰত ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫ সংখ্যক বাৰ্ষিকীত নেতাজীক স্মৰণ প্ৰধানমন্ত্ৰীৰ

বুধবাৰে প'ৰ্ট ব্লেয়াৰত ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫ সংখ্যক বাৰ্ষিকীত নেতাজী সুভাষ চন্দ্ৰ বসুক সুঁৱৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

author img

By

Published : Dec 30, 2020, 6:42 PM IST

প'ৰ্ট ব্লেয়াৰত ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫ সংখ্যক বাৰ্ষিকীত নেতাজীক স্মৰণ প্ৰধানমন্ত্ৰীৰ
প'ৰ্ট ব্লেয়াৰত ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫ সংখ্যক বাৰ্ষিকীত নেতাজীক স্মৰণ প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ৩০ ডিচেম্বৰ: ১৯৪৩ চনৰ ৩০ ডিচেম্বৰ । এই দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলৰ অগ্ৰণী যুদ্ধা নেতাজী সুভাষ চন্দ্ৰ বসুৱে প'ৰ্ট ব্লেয়াৰৰ জিমখানা খেলপথাৰত (বৰ্তমান নেতাজী ষ্টেডিয়াম) প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । নেতাজীৰ সাহসৰ পৰিচয় বহন কৰা এই দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে চিৰ স্মৰণীয় হৈ ৰ'ব ।

বুধবাৰে ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫ সংখ্যক বাৰ্ষিকীত নেতাজী সুভাষ চন্দ্ৰ বসুক শ্ৰদ্ধাৰে স্মৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে, '৭৫ সংখ্যক বাৰ্ষিকীৰ এই বিশেষ দিনটোত মই পৰ্ট ব্লেয়াৰলৈ গৈছিলো আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান জনাইছো । লগতে নেতাজী সুভাষ চন্দ্ৰ বসুক আজিৰ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছো' ।

  • 30th December 1943...a day etched in the memory of every Indian, when the brave Netaji Subhas Bose unfurled the Tricolour at Port Blair. To mark the 75th anniversary of this special day, I had gone to Port Blair and had the honour of hoisting the Tricolour. Sharing some memories. pic.twitter.com/aUEKfvEnN8

    — Narendra Modi (@narendramodi) December 30, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, ১৮৯৭ চনত উৰিষ্যাৰ কটকত অধিবক্তা জানকী কান্ত বসুৰত ঘৰত নেতাজীৰ জন্ম হৈছিল । স্বাধীনতা সংগ্ৰামৰ সময়ত সাহসেৰে দেশৰ হকে যুঁজ দিছিল । আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠা কৰিছিল নেতাজীয়ে । ১৯৪৫ চনৰ ১৮ আগষ্টত টাইপেত বিমান দুৰ্ঘটনাত সুভাষ চন্দ্ৰ বসুৰ মৃত্যু হোৱাক লৈ এক বিতৰ্ক চলি আছিল যদিও ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰে তথ্য জনাৰ অধিকাৰৰ জৰিয়তে এই ঘটনাৰ সত্যাসত্য প্ৰমাণিত কৰে । কেন্দ্ৰীয় চৰকাৰে বিমান দুৰ্ঘটনাতে নেতাজীৰ মৃত্য হোৱাতো নিশ্চিত কৰে ।

লগতে পঢ়ক:ঔৰংগাবাদত এজন লোকৰ পেট পালেগৈ টুথব্ৰাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.