ETV Bharat / bharat

Pew Survey 2023 : মোদীকেই পুনৰ প্ৰধানমন্ত্ৰী বিচাৰে দেশৰ 80 শতাংশ জনতাই; Pew ৰ সমীক্ষা

অটুত আছে মোদীৰ জনপ্ৰিয়তা ৷ পুনৰ প্ৰধানমন্ত্ৰী হিচাপে মোদীকে সৰহ সংখ্যক ভাৰতীয়ই বিচাৰে ৷ এই তথ্য প্ৰকাশ কৰিছে Pew গৱেষণা কেন্দ্ৰ নামৰ এটা সংস্থাই ৷

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:06 AM IST

Pew Survey 2023
পিউৰ সমীক্ষাত জনপ্ৰিয় মোদী

নিউজ ডেস্ক, 31 আগষ্ট : বৰ্তমান প্ৰধানমন্ত্ৰী মোদী ভাৰতত কিমান জনপ্ৰিয় বা মোদীৰ সিদ্ধান্তৰ প্ৰতি কিমানে শতাংশ লোকে সহমত প্ৰকাশ কৰে ! বৰ্তমান সমগ্ৰ বিশ্বতে মোদীৰ জনপ্ৰিয়তা কিমান ! এই সন্দৰ্ভত বিশেষ তথ্য প্ৰকাশ কৰিছে পি ই ডব্লিউ (PEW) গৱেষণা প্ৰতিষ্ঠানে ৷ PEW গৱেষণা কেন্দ্ৰৰ এক জৰীপ অনুসৰি প্ৰায় 80 শতাংশ ভাৰতীয়ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাল পায় ৷ প্ৰতি 10 জন ভাৰতীয়ৰ ভিতৰত প্ৰায় সাতজনে প্ৰধানমন্ত্ৰী মোদীক বিশ্বাস কৰে যে বিশ্বৰ অধিক প্ৰভাৱশালী ব্যক্তি বুলি ৷

সমগ্ৰ বিশ্বতে প্ৰধানমন্ত্ৰীৰ মোদীৰ জনপ্ৰিয়তা 34 শতাংশৰ বিপৰীতে ভাৰতত 46 শতাংশ লোকে প্ৰধানমন্ত্ৰীক সমৰ্থন কৰে ৷ ইয়াৰে 16 শতাংশই নিৰপেক্ষ মতামত প্ৰকাশ কৰে । আনহাতে ইজৰাইলৰ 71 শতাংশ লোকে ভাৰতৰ নীতি সমৰ্থন কৰে ৷ জি-20 শীৰ্ষ সন্মিলনৰ পূৰ্বে প্ৰকাশ পোৱা এই তথ্যই এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷

  • The popularity of Prime Minister Shri @narendramodi certainly remains intact!

    Majority of people in India and across the world believe that India's global influence is getting stronger!

    A recent survey (spanning the February 2020 to May 2023 period) conducted across 24… pic.twitter.com/0PJfHTYEpa

    — BJP (@BJP4India) August 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে পিউ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ সন্দৰ্ভত ভাৰতৰ লগতে বিভিন্ন দেশত থকা ভাৰতীয়সকলৰ মতামত পৰীক্ষা কৰিছিল ৷ য’ত ভাৰতৰ 2,611 আৰু 24 খন দেশৰ 30,861 জন লোকৰ মাজত কৰা হৈছিল এই সমীক্ষা ৷ এই সমীক্ষা চলাইছিল চলিত বৰ্ষৰ 20 ফেব্ৰুৱাৰীৰ পৰা 22 মে'লৈ ৷ আনহাতে প্ৰতি 10 জন ভাৰতীয়ৰ ভিতৰত 8 জনে প্ৰধানমন্ত্ৰী মোদীক সমৰ্থন কৰে ৷ অৰ্থাৎ 55 শতাংশ লোকে প্ৰধানমন্ত্ৰীক সমৰ্থন কৰে ৷ এই তথ্য প্ৰকাশ কৰে পিউ তৰফৰ পৰা ৷

তৃতীয়বাৰলৈ বিজেপি ক্ষমতালৈ আহিব নে বা তৃতীয়বাৰলৈ মোদী প্ৰধানমন্ত্ৰী হ’ব পাৰিব নে সেই সন্দৰ্ভত চলোৱা সমীক্ষাত বিজেপিৰ বাবে শুভ সংকেত হিচাপে গণ্য কৰা হৈছে ৷ সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি সৰহ সংখ্যক লোকে 2024 ত প্ৰধানমন্ত্ৰী হিচাপে পুনৰ মোদীকে বিচাৰে ৷ পিউ জৰীপৰ তথ্যৰ প্ৰতি সহমত প্ৰকাশ কৰি বিজেপিৰ তৰফৰ পৰা X ত কয়, ’’মোদীৰ জনপ্ৰিয়তা নিশ্চিতভাৱে অটুট আছে ! ভাৰত আৰু সমগ্ৰ বিশ্বৰ বেছিভাগ লোকে বিশ্বাস কৰে যে ভাৰতৰ বিশ্বব্যাপী প্ৰভাৱ শক্তিশালী হৈ আছে !’’

লগতে পঢ়ক:Opposition meet Mumbai: বিজেপিৰ মায়াজাল ফালিবলৈ মুম্বাইত INDIA মিত্ৰজোঁটৰ তৃতীয় বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.