ETV Bharat / bharat

Mahatma Gandhi 75th death anniversary: গান্ধীজীৰ ৭৫ তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 75 তম মৃত্যু বাৰ্ষিকী (Mahatma Gandhi 75th death anniversary)৷ ১৯৪৮ চনৰ ৩০ জানুৱাৰীত জাতিৰ পিতা মহাত্মা গান্ধীক দিল্লীৰ বিৰলা ভৱনত নাথুৰাম গডছেই গুলীয়াই হত্যা কৰিছিল ৷ বাপুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে জাতিৰ পিতাগৰাকীক দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে আগশাৰীৰ ৰাজনীতিবিদ সকলে টুইটযোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে(Tributes to Mahatma Gandhi) ৷

PM Modi pays tributes to Mahatma Gandhi
মহাত্মা গান্ধীৰ ৭৫ তম মৃত্যু বাৰ্ষিকী
author img

By

Published : Jan 30, 2023, 12:43 PM IST

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী: আজি অৰ্থাৎ 30 জানুৱাৰীত দেশজুৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ 75 তম মৃত্যু বাৰ্ষিকী পালন (Mahatma Gandhi 75th death anniversary) কৰা হৈছে ৷ ১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ বিৰলা ভৱনত সন্ধিয়াৰ প্ৰাৰ্থনা সভাৰ পৰা আহি থকা অৱস্থা নাথুৰাম গডছেই মহাত্মা গান্ধীৰ বুকু ভেদি যোৱাকৈ গুলীয়াই হত্যা কৰিছিল (Tributes to Mahatma Gandhi)৷

বাপুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi)শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টুইটত উল্লেখ কৰে যে "মই বাপুৰ পুণ্য তিথিত তেওঁক প্ৰণাম জনাইছো আৰু তেওঁক মহা চিন্তাধাৰাক স্মৰণ কৰিছো ৷ দেশৰ হকে শ্বহীদ হোৱা সকলোকে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। দেশে তেওঁলোকৰ ত্যাগ কেতিয়াও পাহৰিব নোৱাৰে ৷ লগতে আমাক এখন উন্নত ভাৰত গঢ়ি তুলিবলৈ সংকল্পবদ্ধ হোৱাত শক্তিশালী কৰিব ৷"

ইয়াৰোপৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে (Congress MP Rahul Gandhi ) টুইট কৰে যে "বাপুৱে দেশক সকলো ধৰ্মৰ মৰম আৰু সমতাৰে জীয়াই থাকিবলৈ আৰু সত্যৰ বাবে যুঁজ দিবলৈ শিকাইছিল। এই শ্বহীদ দিৱসত দেশৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰিছো ৷"

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও (Union Home Minister Amit Shah)গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টুইটত উল্লেখ কৰে যে বাপুৱে দেশখনক আত্মনিৰভৰ হ’বলৈ অনুপ্ৰাণিত কৰিছিল। "মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত তেওঁক স্মৰণ কৰিছো, যিয়ে আমাক থলুৱা আৰু আত্মনিৰ্ভৰশীলতাৰ পথ অনুসৰণ কৰি দেশখন আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল । অমৃত কালত বাপুৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, থলুৱা আৰু স্ব-ভাষাৰ ধাৰণা গ্ৰহণ কৰিলেহে গান্ধীজীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব ৷"

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defense Minister Rajnath Singh) মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে বিশ্ব শান্তিৰ বাবে তেওঁ দেখুওৱা পথ আজিও প্ৰাসংগিক। "মই সন্মানীয় বাপুৰ মৃত্যু বাৰ্ষিকীত সোঁৱৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো । বিশ্ব শান্তি আৰু ভাৰতৰ প্ৰগতিৰ বাবে তেওঁ দেখুওৱা পথ আজিও অতি প্ৰাসংগিক। তেওঁৰ অনুপ্ৰেৰণাৰ বাবে এখন নতুন আৰু স্বাৱলম্বী ভাৰতৰ নিৰ্মাণৰ হকে আমি আগবাঢ়িছো ৷"

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (BJP national president JP Nadda) বাপুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে মহাত্মা গান্ধীয়ে সত্য আৰু অহিংসাৰ জৰিয়তে মানৱতাৰ শান্তি আৰু কল্যাণৰ পথ প্ৰশস্ত কৰিছে। "মই ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো ৷ আপোনাৰ আদৰ্শ, জীৱন আৰু কল্যাণমূলক চিন্তাই আমাক সদায় ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিব ৷"

জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতেই 30 জানুৱাৰীত শ্বহীদ দিৱস পালন(Martyrs Day observed in India ) কৰা হয় ৷ ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছেই দিল্লীৰ বিৰলা ভৱনত সন্ধিয়াৰ প্ৰাৰ্থনা সভাৰ পৰা উঠি আহোতে সন্মুখৰ পৰা বাপুক তিনি জাই গুলীৰে গুলীয়াই হত্যা কৰিছিল (Mahatma Gandhi shot dead by Nathuram Godse) ৷

মহাত্মা গান্ধীৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে হোৱা শোভাযাত্ৰাক স্বাধীন ভাৰতৰ আটাইতকৈ বৃহৎ অন্ত্যেষ্টিক্ৰিয়া শোভাযাত্ৰা বুলি কোৱা হয়। গান্ধীজীক শেষ শ্ৰদ্ধা জনাবলৈ প্ৰায় ১০ লাখ মানুহে পদযাত্ৰা কৰি আহিছিল ৷ ইয়াৰোপৰি ১৫ লক্ষাধিক লোকে ৰাজপথৰ পৰাই তেওঁক শেষ বিদায় দিছিল ৷

লগতে পঢ়ক: Congress AIUDF alliance: কংগ্ৰেছ এ আই ইউ ডি এফক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.