ETV Bharat / bharat

Kharge Dig at PM : সদনত মৌন মোদীয়ে ৰাজস্থানত দিছে ৰাজনৈতিক ভাষণ; প্ৰধানমন্ত্ৰীক আক্ৰমণ খাৰ্গেৰ

author img

By

Published : Jul 27, 2023, 3:32 PM IST

বিৰোধীয়ে প্ৰধানমন্ত্ৰীক মণিপুৰৰ ওপৰত সংসদত কোনো বিবৃতি নিদিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে । ৩ মে'ৰ পৰা হিংসাত্মক ঘটনাত জৰ্জৰিত হৈ আহিছে উত্তৰ-পূবৰ ৰাজ্যখন । ইতিমধ্যে বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলৰ মাজতে সংসদৰ দুয়ো সদন অচল হৈ পৰিছে । প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি আৰু মণিপুৰ সন্দৰ্ভত আলোচনাৰ দাবী জনাই আছে বিৰোধীয়ে ।

Kharge Dig at PM
Kharge Dig at PM

নিউজ ডেস্ক, ২৭ জুলাই : কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰে । খাৰ্গেয়ে মোদীক সংসদত কথা কোৱাৰ পৰিৱৰ্তে ৰাজস্থানত ৰাজনৈতিক ভাষণ দিয়াৰ অভিযোগ কৰে ।

খাৰ্গেয়ে কয় যে মানুহ এতিয়া সচেতন হৈছে আৰু 'এই ধৰণৰ ৰাজনীতি'ৰ বিৰুদ্ধে যুঁজিব । "আজি মানুহ সচেতন হৈছে আৰু তেওঁলোকে যুঁজ দিব । এই যুঁজ অব্যাহত ৰাখিব... ইয়াৰ অৰ্থ হৈছে আপুনি সংসদত কথা পাতিব নিবিচাৰে- যিটো হৈছে গণতন্ত্ৰৰ মন্দিৰ । কিন্তু নতুন চিকিৎসা মহাবিদ্যালয় খোলাৰ সময়ত ৰাজস্থানত ৰাজনৈতিক ভাষণ দিব বিচাৰে ।" মণিপুৰ হিংসা সন্দৰ্ভত সংসদত মৌনতা অৱলম্বন কৰাৰ বাবে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি সংসদৰ বাহিৰত সাংবাদিকৰ আগত খাৰ্গেয়ে কয় ।

উল্লেখ্য যে বিৰোধীয়ে প্ৰধানমন্ত্ৰীক উত্তৰ-পূবৰ ৰাজ্যখনৰ ওপৰত সংসদত কোনো বিবৃতি নিদিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে । বিগত ৩ মে'ৰ পৰা হিংসাত্মক ঘটনাত জৰ্জৰিত হৈ আছে উত্তৰ-পূবৰ ৰাজ্যখন । বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলৰ মাজতে সংসদৰ দুয়োখন সদন অচল হৈ পৰিছে । প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি মণিপুৰ সন্দৰ্ভত আৰু ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ দাবী জনাই আহিছে বিৰোধীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ১.২৫ লাখ পিএম কিষাণ সমৃদ্ধি কেন্দ্ৰ দেশবাসীক উৎসৰ্গা কৰে । ৰাজস্থানৰ চিকাৰত এক ৰেলীত ভাষণ দি তেওঁ কেন্দ্ৰসমূহক কৃষকসকলৰ বাবে ৱান-ষ্টপ কেন্দ্ৰ হিচাপে অভিহিত কৰি কয় যে এই কেন্দ্ৰসমূহে কৃষকসকলৰ সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব । তেওঁ কয় যে ভাৰতে কেৱল তেতিয়াহে বিকাশ কৰিব পাৰিব, যেতিয়া দেশৰ গাঁওবোৰে বিকাশ কৰিব ।

লগতে তেওঁৰ চৰকাৰে চহৰসমূহত উপলব্ধ প্ৰতিটো সুবিধা গাঁওসমূহত প্ৰদান কৰাৰ বাবে কাম কৰি আছে বুলিও উল্লেখ কৰে । "আমাৰ চৰকাৰে ইউৰিয়াৰ মূল্যৰ বাবে কৃষকসকলক ক্ষতিগ্ৰস্ত হ'বলৈ নিদিয়ে ।" মোদীয়ে কয় । প্ৰধানমন্ত্ৰীয়ে লগতে বৰ্ণনা কৰে যে ভাৰতৰ কৃষকসকলে ২৬৬ টকাত এক বস্তা ইউৰিয়া বৰ্তমান লাভ কৰে । কিন্তু ইয়াৰ মূল্য পাকিস্তানত প্ৰায় ৮০০ টকাত, বাংলাদেশত ৭২০ টকাত আৰু চীনত ২,১০০ টকা ।

লগতে পঢ়ক :PM Kisan Yojana : ৰাজস্থানত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ চতুৰ্দশ কিস্তি প্ৰদান মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.