ETV Bharat / bharat

চিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ নায়ক গব্বৰ সিঙক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 5:30 PM IST

দেহৰাদুনত অনুষ্ঠিত উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ নায়ক গব্বৰ সিঙক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰীক ওচৰৰ পৰা পাই ধন্য সিং ।

PM Modi met Gabar Singh
চিল্কিয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ নায়ক গব্বৰ সিঙক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেহৰাদুনত অনুষ্ঠিত উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ ৰ উদ্বোধন কৰে । অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে চিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ নায়ক গব্বৰ সিঙক সাক্ষাৎ কৰে আৰু তেওঁৰ কামৰ যথেষ্ট প্ৰশংসা কৰে । ইফালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি অভিভূত গব্বৰ সিং । আজি তেওঁৰ জীৱন ধন্য হোৱা বুলি উল্লেখ কৰে সিঙে ।

উল্লেখ্য যে গব্বৰ সিঙক সাক্ষাতৰ বাবে প্ৰতিদিন তেওঁৰ ঘৰলৈ বহু লোক আহি আছে । লগতে তেওঁক দেশ আৰু বিদেশৰ পৰাও দৈনিক ফোনযোগে প্ৰশংসা কৰি আছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰীয়েও তেওঁক সাক্ষাৎ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে উত্তৰাখণ্ড বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ত অংশগ্ৰহণ কৰে । এই কাৰ্যসূচীত, ভাৰত আৰু বিদেশৰ বহু বিশিষ্ট বিনিয়োগকাৰীয়েও অংশগ্ৰহণ কৰে । ইফালে, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে চিল্কিয়াৰা সুৰংগৰ উদ্ধাৰ অভিযানৰ নায়ক গব্বৰ সিঙক সাক্ষাৎ কৰে । সুৰংগৰ ভিতৰত আৱদ্ধ ৪১ গৰাকী শ্ৰমিকৰ ভিতৰত অন্যতম গব্বৰ সিঙে সুৰংগৰ ভিতৰত সকলোকে সাহস দিয়াৰ লগতে যথেষ্ট যত্ন লৈছিল ।

প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পাছত গব্বৰ সিং নেগীয়ে কয় যে তেওঁ আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি ধন্য হৈছে । সিঙে কোৱা মতে যেতিয়া তেওঁ সুৰংগটোত আৱদ্ধ হৈ আছিল তেতিয়া প্ৰাৰম্ভিক দিনবোৰত প্ৰতিটো মুহূৰ্তই অনুভৱ কৰিছিল যে তেওঁ জীয়াই থাকিব নে নাথাকে । কিন্তু যেতিয়া ৰাজ্য চৰকাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল, তেতিয়া তেওঁ নিশ্চিত আছিল যে সকলোৱে সোনকালে বাহিৰলৈ ওলাই আহিব পাৰিব ।

লগতে পঢ়ক :মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ শক্তি হ'ব; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.