নিউজ ডেস্ক , 14 এপ্ৰিল : এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেছিয়ে এক মন্তব্য যোগে কয় যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী এটা মুদ্ৰাৰে ইপিঠি সিপিঠি ৷ মঙলবাৰে পশ্চিম বংগত এক নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কঠুৰ সমালোচনা কৰে ওৱেছিয়ে ৷
পশ্চিম বংগৰ আচানচলত এক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে আছাদুদ্দিন ওৱেছিয়ে ৷ প্ৰচাৰ সভাত তেওঁ কয়," নৰেন্দ্ৰ মোডী আৰু মমতা বেনাৰ্জীৰ মাজত কোনো পাৰ্থক্য নাই ৷ দুয়োজন এটা মুদ্ৰাৰে ইপিঠি সিপিঠি ৷"
"তেওঁলোকৰ মন্তব্যবোৰে জনতাক বিভ্ৰান্ত কৰিছে ৷ জনতাক মূৰ্খ সজাবলৈ বিভিন্ন সময়ত তেওঁলোক নিৰ্বাচনকেন্দ্ৰিক বাক যুদ্ধত লিপ্ত হয় ৷ তেওঁলোকৰ সম্পৰ্ক ভাতৃ আৰু ভগ্নী ৷" এই দৰে মন্তব্য প্ৰকাশ কৰে আছাদুদ্দিন ওৱেছিয়ে ৷
তদুপৰি পশ্চিম বংগত টিএমচিয়ে যোৱা 10 বছৰে একোৱে কাম নকৰিলে বুলি মন্তব্য প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছক কঠুৰ সমালোচনা কৰে ৷ যোৱা 10 বছৰৰ কাৰ্য কালত টিএমচিয়ে বংগৰ মুছলিম সকলৰ বাবে কি কাম কৰিলে তাৰ খতিয়ান দিয়ক বুলি প্ৰত্যাহ্বান জনাই ওৱেচিয়ে ৷ উল্লেখ্য যে, পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ 8 টা পৰ্যায় ইতিমধ্যে সমাপ্ত হৈছে ৷
লগতে পঢ়ক: বাইহাটাতো পৰম্পৰা ৰক্ষা কৰি গৰু বিহু পালন