ETV Bharat / bharat

শেহতীয়া ক'ভিড-19 পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সকলেৰে বৈঠক প্ৰধানমন্ত্ৰীৰ - প্ৰধানমন্ত্ৰী মোদী

মোদীৰে হোৱা ভাৰ্চুৱেল বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজধানী দিল্লীত কৰ‘ণাৰে যুঁজ দিয়াৰ বাবে সহায়ক হোৱাকৈ অতিৰিক্ত এক হাজাৰখন আই.চি.ইউ. বিচনা প্ৰদানৰ দাবী জনায় ৷

PM Modi likely to hold virtual meet with states over COVID situation, vaccine distribution plan
শেহতীয়া ক'ভিড-19 পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সকলেৰে বৈঠক প্ৰধানমন্ত্ৰীৰ
author img

By

Published : Nov 24, 2020, 6:39 PM IST

নিউজ ডেস্ক, 24 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশৰ অধিক কৰ‘ণা ভাইৰাছত আক্ৰান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধি সকলৰ লগত ভাৰ্চুৱেল বৈঠকত মিলিত হয় ৷ প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকত কৰ‘ণাৰ প্ৰতিষেধক সন্দৰ্ভত দেশৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী তথা প্ৰতিনিধি সকলক কয় যে, বিশ্বৰ সকলো প্ৰতিষেধকৰ উপৰত চৰকাৰে দৃষ্টি ৰাখিছে ৷ তথাপিও বৰ্তমানলৈকে আমি সতৰ্কতা অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত ৷

তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী সকলৰ ওচৰত এই পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ ক্ষেত্ৰত কোনো পৰামৰ্শ থাকিলে লিখিত ভাৱে প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ লগতে মোদীয়ে ৰাজ্যসমূহৰ শেহতীয়া ক‘ভিড-19 ৰ পৰিস্থিতিৰো বুজ লয় ৷

এই বৈঠকতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজধানী দিল্লীত কৰ‘ণাৰে যুঁজ দিয়াৰ বাবে সহায়ক হোৱাকৈ অতিৰিক্ত এক হাজাৰখন আই.চি.ইউ. বিচনা প্ৰদানৰ দাবী জনায় ৷

লগতে পঢ়ক: চীনক কোনো কাৰণতে বিশ্বাসত ল'ব নোৱাৰি : জ্যেষ্ঠ সাংবাদিক প্ৰেম প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.