ETV Bharat / bharat

Ferry service between India and Sri Lanka : ভাৰত আৰু শ্ৰীলংকাৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

ভাৰতৰ নাগাপট্টিনম আৰু শ্ৰীলংকাৰ কংকেশান্তুৰাইৰ মাজত ফেৰী সেৱা শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অনুষ্ঠানত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কথা উল্লেখ কৰে মোদীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 2:19 PM IST

Ferry service between India and Sri Lanka
ভাৰত আৰু শ্ৰীলংকাৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভ

নেশ্যনেল ডেস্ক,১৪ অক্টোবৰ : ভাৰত আৰু শ্ৰীলংকাৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক পূৰ্বৰে পৰা যথেষ্ট শক্তিশালী হৈ আহিছে । তাৰ মাজত এই সম্পৰ্কৰ এক নতুন অধ্যায় আৰম্ভ হ'ল । এইবাৰ ভাৰতৰ নাগাপট্টিনম আৰু শ্ৰীলংকাৰ কংকেশান্তুৰাইৰ মাজত ফেৰী সেৱা আৰম্ভ হ'ল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সেৱাৰ শুভাৰম্ভ কৰে । শনিবাৰে ফেৰী সেৱাৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত ফেৰী সেৱা আৰম্ভ কৰাটো এই সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰশংসা কৰে । ফেৰী সেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দি মোদীয়ে কয় যে ফেৰী সেৱাই সকলো ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কক প্ৰতিনিধিত্ব কৰিছে ।

প্ৰধানমন্ত্ৰীৰ মতে ফেৰী সেৱাই দুখন চহৰক সংযোগ কৰাই নহয় ই দুয়োখন দেশক ওচৰলৈ আনিব । লোকসকলক ওচৰলৈ আনিব আৰু হৃদয়ক ওচৰলৈ লৈ আহিব বুলিও তেওঁ দাবী কৰে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ জৰিয়তে ভাৰত আৰু শ্ৰীলংকাই কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে ।

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সংস্কৃতি, বাণিজ্য আৰু সভ্যতাৰ অংশীদাৰী ইতিহাসৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নাগাপট্টিনম আৰু ওচৰৰ চহৰসমূহ শ্ৰীলংকাকে ধৰি বহুতো দেশৰ সৈতে সাগৰীয় বাণিজ্যৰ বাবে জনাজাত আৰু পুম্পুহাৰৰ ঐতিহাসিক বন্দৰে প্ৰাচীন তামিল সাহিত্যৰ কেন্দ্ৰ হিচাপে গুৰুত্ব লাভ কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে পেটিনপ্পালাই আৰু মণিমেকলাইৰ দৰে সঙ্গম যুগৰ সাহিত্যৰ বিষয়েও কয় যিয়ে দুয়োখন দেশৰ মাজত নাও আৰু জাহাজৰ চলাচলক প্ৰতিনিধিত্ব কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে বিশিষ্ট কবি সুব্ৰমনিয়া ভাৰতীৰ 'সিন্ধু নধিন মিছাই' গীতটোও স্মৰণ কৰে, য'ত ভাৰত আৰু শ্ৰীলংকাক সংযোগ কৰা এখন দলঙৰ কথা উল্লেখ কৰা হৈছে । তেওঁ কয় যে ফেৰী সেৱাই সেই সকলো ঐতিহাসিক আৰু সাংস্কৃতিক সংযোগক জীৱন্ত কৰি তুলিছে ।

লগতে পঢ়ক :Durga Puja Celebration : কটকত ভাতৃত্ববোধৰ উৎকৃষ্ট নিদৰ্শন; পূজাৰ মণ্ডপ সজোৱাত ব্যস্ত মুছলমান পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.