ETV Bharat / bharat

Rahul Gandhi Slams PM Modi : বিজেপিৰ আদৰ্শই মণিপুৰক জ্বলাইছে বাবেই নীৰৱ প্ৰধানমন্ত্ৰী; ৰাহুল গান্ধী - congress attack PM Modi over Manipur situation

ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰ সন্দৰ্ভত একো কোৱা নাই বা কৰা নাই । ইয়াৰ কাৰণ হৈছে তেওঁক তাত থকা লোকসকলৰ বেদনাই প্ৰভাৱিত কৰা নাই । তেওঁ আৰএছএছ আৰু বিজেপিক ক্ষমতালোভী বুলিও অভিযোগ কৰে ।

Rahul Gandhi Slams PM Modi
Rahul Gandhi Slams PM Modi
author img

By

Published : Jul 27, 2023, 4:45 PM IST

নিউজ ডেস্ক, ২৭ জুলাই : মণিপুৰ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধী মোদীৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈছে । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মণিপুৰ সন্দৰ্ভত নীৰৱতা'ক আক্ৰমণ কৰি কয় যে তেওঁ মুখ নোখোলাৰ কাৰণ হৈছে, তেওঁ জানিছিল যে তেওঁলোকৰ আদৰ্শই ৰাজ্যখন জ্বলাই দিছে ।

ৰাহুল গান্ধীয়ে এতিয়ালৈকে হিংসাপীড়িত মণিপুৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কি কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰি কয় যে দেশৰ আন নাগৰিকসকলৰ দৰে ভুক্তভোগীসকলৰ বেদনা আৰু আঘাতে তেওঁক প্ৰভাৱিত কৰা নাই । লগতে তেওঁ অভিযোগ কৰে যে আৰএছএছ আৰু বিজেপিয়ে কেৱল ক্ষমতাৰ বাবেই যিকোনো ৰাজ্য জ্বলাই দিব পাৰে । এই সন্দৰ্ভত বৃহস্পতিবাৰে দুটা ভিডিঅ' কংগ্ৰেছে টুইটাৰত শ্বেয়াৰ কৰে ।

"মণিপুৰত কি ঘটিছে সকলোৱে দেখিছে । আপোনালোক আচৰিত হ'ব যে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ বিষয়ে এটাও শব্দ উচ্চাৰণ কৰা নাই । যিটো এনে পৰিস্থিতিৰ সময়ত কোনো প্ৰধানমন্ত্ৰীয়ে সচৰাচৰ নকৰে । প্ৰধানমন্ত্ৰীয়ে অন্তত এবাৰ হেলিকপ্টাৰেৰে ৰাজ্যখন ভ্ৰমণ কৰিব পাৰিলেহেঁতেন আৰু ইম্ফলৰ লোকসকলৰ সৈতে কথা পাতিব পাৰিলেহেঁতেন । অতীজৰ আন প্ৰধানমন্ত্ৰীসকলে এইটো কৰিলেহেঁতেন । যদি কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী হ'লহেঁতেন, তেন্তে তেওঁ গৈ তাত বহি থাকিলহেঁতেন ।" ৰাহুল গান্ধীয়ে কয় ।

প্ৰধানমন্ত্ৰীয়ে কিয় মণিপুৰলৈ যোৱা নাই বা এই সন্দৰ্ভত একো কোৱা নাই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয় যে মোদী 'নিৰ্বাচিত কিছুসংখ্যক লোকৰ'হে প্ৰধানমন্ত্ৰী, বিশেষকৈ 'আৰএছএছৰ প্ৰধানমন্ত্ৰী' । "মণিপুৰৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই । তেওঁ জানে যে তেওঁলোকৰ আদৰ্শই ৰাজ্যখন জ্বলাই দিছে ।" ৰাহুল গান্ধীয়ে কয় ।

ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদী কেৱল ক্ষমতাৰ বিষয়ত চিন্তিত আৰু মণিপুৰৰ জনসাধাৰণে ভোগ কৰা দুখ আৰু আঘাতৰ বাবে তেওঁ একেবাৰে চিন্তিত নহয় । "তেওঁ (মোদীয়ে) কেৱল ক্ষমতা বিচাৰে আৰু ইয়াৰ বাবে যিকোনো কাম কৰিব । তেওঁ মণিপুৰ বা আন যিকোনো ৰাজ্যক জ্বলিবলৈ অনুমতি দিব, কাৰণ তেওঁ কেৱল ক্ষমতা বিচাৰে । তেওঁ আন কোনো বিষয়ৰ দ্বাৰা বিচলিত নহয় ।" ৰাহুল গান্ধীয়ে কয় ।

আনহাতে, বিজেপি আৰু আৰএছএছক সমালোচনা কৰি তেওঁ অভিযোগ কৰে যে দুয়োটায়ে দীৰ্ঘদিন ধৰি দেশক বিভাজন কৰি আহিছে আৰু ক্ষমতা ধৰি ৰাখিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে । ৰাহুল গান্ধীয়ে লগতে কয়, "ক্ষমতাৰ বাবে তেওঁলোকে মণিপুৰ বা সমগ্ৰ দেশো জ্বলাই দিব পাৰে ।"

লগতে পঢ়ক :INDIA MPs to visit Manipur : ২৯ জুলাইত মণিপুৰলৈ যাব ইণ্ডিয়াৰ সংসদীয় দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.