ETV Bharat / bharat

Israeli Diplomat Lauds PM Modi : স্বচ্ছ অভিযানক লৈ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা ইজৰাইলী কূটনীতিবিদৰ - Israeli Diplomat Lauds PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত মুম্বাইত আয়োজন কৰা হয় এক বিশেষ স্বচ্ছ অভিযানৰ । য'ত অংশ লয় ইজৰাইলী কূটনীতিবিদ কোবি শোশানীয়ে । হাতত ঝাড়ু লৈ তেওঁ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰী মোদীৰ পদক্ষেপক প্ৰশংসা কৰে ।

Israeli Diplomat Lauds PM Modi
স্বচ্ছ অভিযানক লৈ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা ইজৰাইলী কূটনীতিবিদৰ
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:35 AM IST

নেশ্যনেল ডেস্ক,২ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানমৰ্মে দেশজুৰি স্বচ্ছ অভিযানৰ আয়োজন কৰা হয় । য'ত বিভিন্ন ক্ষেত্ৰৰ লাখ লাখ লোকে অংশগ্ৰহণ কৰে । ইজৰাইলী কূটনীতিবিদ কোবি শোশানীয়েও 'স্বচ্ছতা হি সেৱা' শীৰ্ষক এক অভিযানৰ অংশ হিচাপে মুম্বাইত সাগৰৰ তীৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । পৰিৱেশৰ গুৰুত্বৰ ওপৰত জোৰ দি কূটনীতিবিদগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানক প্ৰশংসা কৰে । লগতে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লোকসকল ওলাই অহা বিষয়টোকো তেওঁ প্ৰশংসা কৰে ।

মুম্বাইত স্বচ্ছ অভিযানত অংশ লৈ ইজৰাইলৰ কূটনীতিবিদ কোবি শোশানীয়ে কয় যে তেওঁ এখন অতি সৰু দেশৰ পৰা আহিছে, যাৰ নাম হৈছে ইজৰাইল । দেশখন স্থলপথেৰে সংযুক্ত নহয় ইয়াৰ চাৰিওফালে সাগৰ আছে । পৰিৱেশ কেৱল ভাৰতৰে সমস্যা নহয় । ই এক গোলকীয় সমস্যা । তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰি কয় যে তেওঁ এই ক্ষেত্ৰত বহুত ভাল কাম কৰিছে । তেওঁ যি কয় বা কৰে মানুহে তেওঁক অনুসৰণ কৰে বুলিও কূটনীতিবিদগৰাকীয়ে উল্লেখ কৰে ।

তেওঁ কয় যে পৰিৱেশৰ বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিশ্চিতভাৱে বিশ্বৰ নেতা । এই সপ্তাহত সমুদ্ৰ তীৰত স্বচ্ছ অভিযান চলোৱা তেওঁৰ চতুৰ্থ বা পঞ্চম দিন হ'ব পাৰে, যিটো অতি অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কূটনীতিবিদগৰাকীয়ে উল্লেখ কৰে ।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে পৰিৱেশ সম্পৰ্কীয় বিষয়বোৰক ব্যক্তিগতভাৱে গুৰুত্ব দিছে । কিন্তু প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই লোকসকল ওলাই অহাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলিও তেওঁ উল্লেখ কৰে ।

  • Today, as the nation focuses on Swachhata, Ankit Baiyanpuriya and I did the same! Beyond just cleanliness, we blended fitness and well-being also into the mix. It is all about that Swachh and Swasth Bharat vibe! @baiyanpuria pic.twitter.com/gwn1SgdR2C

    — Narendra Modi (@narendramodi) October 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে ইজৰাইলৰ কূটনীতিবিদ শোশানীয়ে সক্ৰিয়ভাৱে স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰে আৰু হাতত ঝাড়ু লৈ সাগৰৰ তীৰ পৰিষ্কাৰ কৰাও দেখা গৈছে । মহাত্মা গান্ধীৰ জন্ম জয়ন্তীৰ প্ৰাকমুহূৰ্তত দেওবাৰে সমগ্ৰ দেশতে স্বচ্ছতা হি সেৱা শীৰ্ষক স্বচ্ছ অভিযানৰ শুভাৰম্ভ কৰা হয় । তাৰ অংশস্বৰূপে দেশৰ বিভিন্ন প্ৰান্তত স্বচ্ছ অভিযানৰ আয়োজন কৰা হয় আৰু যথেষ্ট সংখ্যক লোকে এই অভিযানত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Jaishankar US visit : আধুনিক আমেৰিকা-ভাৰত সম্পৰ্কত বৈদেশিক মন্ত্ৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.