নেশ্যনেল ডেস্ক,৩ ডিচেম্বৰ : সম্প্ৰতি ৪ ৰাজ্যৰ ভোটগণনা অব্যাহত আছে । নিৰ্বাচনৰ আয়োগৰ শেহতীয়া তথ্য অনুসৰি তেলেংগানাৰ বাহিৰে বাকী তিনি ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপি দল আগবাঢ়ি আছে । এনে পৰিস্থিতিত বিজেপিয়ে ইতিমধ্যে তিনিওখন ৰাজ্যতে বিজয় উদযাপনৰ যো-জা কৰিছে ।
ইয়াৰ মাজতে বিজেপিৰ সাংসদ সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ জনসাধাৰণৰ হৃদয়ত আছে । সাংসদগৰাকীয়ে লগতে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী মোদী সমগ্ৰ দেশৰে হৃদয়ত আছে । তেওঁৰ মতে দেশত উন্নয়ন হৈছে, মহিলাৰ প্ৰতি সন্মান বাঢ়িছে আৰু দেশত নিৰাপত্তা উন্নত হৈছে । বিজেপি চৰকাৰে কাম কৰিছে আৰু সেই কামে কথা কয় । সাধ্বী প্ৰজ্ঞাৰ মতে বিজেপি চৰকাৰ আধা নহয় পূৰ্ণ সংখ্যাগৰিষ্ঠ চৰকাৰ । বিজেপিৰ সাংসদগৰাকীৰ মতে এইখন হিন্দুৰ দেশ আৰু তেনেকৈয়ে থাকিব । তেওঁৰ মতে বিজেপি ধৰ্মৰ পক্ষত আছে ।
উল্লেখ্য যে মধ্যপ্ৰদেশত বিজয় উদযাপন ইতিমধ্যে আৰম্ভ হোৱা দেখা গৈছে । কিয়নো বিজেপিয়ে আৰামেৰে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিছে । মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানকো তেওঁৰ বাসগৃহত আনন্দিত দেখা গৈছে । মধ্যপ্ৰদেশত বিজেপিয়ে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰাৰ লগে লগে বিজেপি কৰ্মীসকলে আতচবাজী ফুটাই, ঢোল বজাই আৰু মিঠাই বিতৰণেৰে বিজয় উদযাপন কৰা দেখা গৈছে ।
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত বিজেপি ১৬১ খনত আগবাঢ়ি আছিল । আনহাতে, কংগ্ৰেছ ৬৬ খন আসনত আগবাঢ়ি আছিল । বিজেপিৰ মতে ৰাজ্যখনত 'লাডলি বেহনা আঁচনি'ৰ দৰে কিছুমান গুৰুত্বপূৰ্ণ আঁচনিৰ বাবে বিজেপিয়ে ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক :'কংগ্ৰেছে লাড়ু প্ৰস্তুত কৰি থাকিলে আৰু বিজেপিয়ে নীৰৱে কাম কৰিলে': সিন্ধিয়া