ETV Bharat / bharat

সোমনাথ মন্দিৰৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Aug 20, 2021, 4:13 PM IST

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(Narendra Modi) ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটৰ সোমনাথ মন্দিৰৰ(Somnath Temple) বহুকেইটা প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷ উক্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah), কেন্দ্ৰীয় পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইক(Shripad Naik) আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী(Vijay Rupani) ৷

PM Modi lays foundation
প্ৰধানমন্ত্ৰীৰ আধাৰশিলা স্থাপন

নেশ্যনেল ডেস্ক, 20 আগষ্ট: গুজৰাটৰ সোমনাথ মন্দিৰৰ(Somnath Temple) বহুকেইটা প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ(Narendra Modi) ৷ শুকুৰবাৰে ভিডিঅ’ কনফাৰেন্সযোগে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ(Amit Shah), কেন্দ্ৰীয় পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইক(Shripad Naik) আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানী(Vijay Rupani) ৷

উদ্বোধন কৰা প্ৰকল্পবোৰৰ ভিতৰত আছে- সোমনাথ প্ৰমেনাড(Somnath Promenade), সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰ(Somnath Exhibition Centre) আৰু পুৰণি (জুনা) সোমনাথৰ পুনঃনিৰ্মাণ কৰা মন্দিৰৰ চৌহদ । ইয়াৰ লগতে শ্ৰীপাৰ্বতী মন্দিৰৰ(Shree Parvati Temple) আধাৰশিলাও স্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

মন্দিৰটো মুঠ 30 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । ইয়াত অন্তৰ্ভুক্ত হ’ব সোমপুৰা ছালাটছ ষ্টাইলত মন্দিৰ নিৰ্মাণ, গৰ্ভ গৃহ আৰু নৃত্য মণ্ডপৰ বিকাশ । অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিগত দহ বছৰত সোমনাথৰ উন্নয়নৰ হকে এক নতুন দৃষ্টিভংগী আগবঢ়াইছে’’ ।

লগতে পঢ়ক: OBC বিধেয়কলৈ সন্মতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহে কয়, ‘‘সোমনাথৰ এই উন্নয়নে মন্দিৰলৈ পৰ্যটকসকলক আকৰ্ষণ কৰিব ।" প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিজ্ঞপ্তি অনুসৰি, মুঠ 47 কোটি টকাৰো অধিক ব্যয়ৰে PRASHAD (Pilgrimage Rejuvenation and Spiritual, Heritage Augmentation Drive) আঁচনিৰ অধীনত সোমনাথ প্ৰমেনাডৰ উন্নয়ন কৰা হ’ব ৷

আনহাতে, সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰত পুৰণি সোমনাথ মন্দিৰৰ ধ্বংস হোৱা অংশ আৰু পুৰণি সোমনাথৰ নগৰ শৈলীৰ মন্দিৰ স্থাপত্যৰ ভাস্কৰ্যসমূহ প্ৰদৰ্শন কৰা হৈছে ৷ পুৰণি (জুনা) সোমনাথৰ পুনঃনিৰ্মাণ কৰা মন্দিৰৰ চৌহদটো শ্ৰীসোমনাথ ট্ৰাষ্টে(Shree Somnath Trust) মুঠ 3.5 কোটি টকা ব্যয়ৰে সম্পূৰ্ণ কৰিছে ।

এই মন্দিৰটোক ‘অহিল্যাবাই’(Ahilyabai) মন্দিৰ বুলিও জনা যায় ৷ কিয়নো এই মন্দিৰটো ইন্দোৰৰ ৰাণী অহিল্যাবাইয়ে নিৰ্মাণ কৰিছিল ৷ তেওঁ দেখিছিল যে, পুৰণি মন্দিৰটো ধ্বংসস্তূপত পৰিণত হৈছে । পুৰণি মন্দিৰৰ চৌহদটো সম্পূৰ্ণকৈ তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ বাবে আৰু বৰ্ধিত ক্ষমতাৰ সৈতে সামগ্ৰিকভাৱে পুনৰ বিকশিত কৰা হৈছে ।

লগতে পঢ়ক: প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম বাৰ্ষিকী...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.