ETV Bharat / bharat

টীকাকৰণ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত মোডীৰ পৰ্যালোচনা বৈঠক

author img

By

Published : Jun 26, 2021, 10:00 PM IST

টীকাকৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এখন পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে । তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৬১,১৯,১৬৯ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । এতিয়ালৈকে দেশত প্ৰায় ৩১,৫০,৪৫,৯২৬ টা প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

Modi holds review meeting
টীকাকৰণ অভিযানৰ অগ্ৰগতি সন্দৰ্ভত মোডীৰ পৰ্যালোচনা বৈঠক

নেশ্যনেল ডেস্ক, ২৬ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে সমগ্ৰ দেশতে ক'ভিড-১৯ৰ টীকাকৰণ (Vaccination) অভিযানৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰিবলৈ এখন পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে । 'বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান'ৰ (world's largest vaccination drive) তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৬১,১৯,১৬৯ গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । লগতে এতিয়ালৈকে দেশত প্ৰায় ৩১,৫০,৪৫,৯২৬ টা প্ৰতিষেধকৰ পালি (Vaccine dose) প্ৰদান কৰা হৈছে ।

ভাৰতে এই বছৰৰ ১৬ জানুৱাৰীত বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযানৰ পৰ্যায়ক্ৰমে আৰম্ভ কৰিছিল আৰু স্বাস্থ্যসেৱা কৰ্মীসকলক (HCW) প্ৰথমে টীকাকৰণ কৰা হৈছিল । ফ্ৰণ্টলাইন কৰ্মীসকলৰ (FLW) টীকাকৰণ ২ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল । ক'ভিড-১৯ ৰ টীকাকৰণৰ পৰৱৰ্তী পৰ্যায়ত ৬০ বছৰৰ উৰ্ধৰ লোকসকলৰ বাবে আছিল আৰু আনুষংগিক ৰোগ থকা ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ লোকৰ বাবে ১ মাৰ্চৰ পৰা আৰম্ভ হৈছিল প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ।

ভাৰতত ১ এপ্ৰিলৰ পৰা ৪৫ বছৰতকৈ অধিক বয়সৰ সকলো লোকৰ বাবে টীকাকৰণ অভিযান আৰম্ভ হৈছিল । ১৮-৪৪ বছৰ বয়সৰ হিতাধিকাৰীসকলৰ বাবে টীকাকৰণ এই অভিযানৰ তৃতীয় পৰ্যায় (Third phase) ১ মে'ৰ পৰা আৰম্ভ কৰা হৈছিল । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত প্ৰায় ৪৮,৬৯৮ টা নতুন ক'ভিড আক্ৰান্তৰ ঘটনা (New covid case) পোহৰলৈ আহিছে ।

আনহাতে, ৬৪,৮১৮ গৰাকী আৰোগ্য হৈছে । অৱশ্যে ইয়াৰ মাজতে ১,১৮৩ গৰাকী লোকে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে । সম্প্ৰতি দেশত মুঠ আক্ৰান্ত সংখ্যা ৩,০১,৮৩,১৪৩ টা । ইয়াৰ ভিতৰত সুস্থ হোৱা লোকৰ সংখ্যা ২,৯১,৯৩,০৮৫ গৰাকী ।

আনহাতে দেশত এতিয়ালৈ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩,৯৪,৪৯৩ গৰাকী । বৰ্তমান দেশত ৫,৯৫,৫৬৫ টা সক্ৰিয় ঘটনা আছে । দেশত আৰোগ্যৰ হাৰ হৈছে ৯৬.৭২ শতাংশ আৰু মৃত্যুৰ হাৰ (Mortality rate) হৈছে ১.৩১ শতাংশ ।

লগতে পঢ়ক: ক'ভিডৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.