নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল : চৌদিশে আৰম্ভ হৈছে ৰঙালীৰ উছাহ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসমবাসীক ব’হাগ বিহুৰ শুভেচ্ছা জনাইছে (PM Modi greets Assamese on Rongali Bihu) । টুইটযোগে অসমীয়া ভাষাতে বহাগ বিহুৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে, এই বিশেষ উৎসৱে অসমৰ সংস্কৃতি প্ৰদৰ্শন কৰি আহিছে । এই বিহুৱে সকলোৰে জীৱনত সুখ-সমৃদ্ধি কঢ়িয়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।
-
Bohag Bihu greetings to everyone! pic.twitter.com/W5UWbLJhiF
— Narendra Modi (@narendramodi) April 14, 2022 " class="align-text-top noRightClick twitterSection" data="
">Bohag Bihu greetings to everyone! pic.twitter.com/W5UWbLJhiF
— Narendra Modi (@narendramodi) April 14, 2022Bohag Bihu greetings to everyone! pic.twitter.com/W5UWbLJhiF
— Narendra Modi (@narendramodi) April 14, 2022
ব’হাগ বিহুৰ সমান্তৰালকৈ পুথাণ্ডু, ওড়িয়া নৱবৰ্ষ আৰু বৈশাখীৰো শুভেচ্ছা জ্ঞাপন কৰে । তামিলনাডুৰ ৰাইজে পালন কৰা পুথাণ্ডুৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, আগন্তুক বছৰটো সকলোৰে বাবে সফলতা আৰু সুখেৰে ভৰি পৰক (PM Modi greets people of Tamil Nadu on Puthandu) । তামিল ভাই-ভনীসকলৰ সকলো আকাংক্ষা পূৰণ হোৱাৰ আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।
ইফালে ওড়িয়া নৱবৰ্ষ আৰু মহা বিশুবা পানা সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন বছৰটো সুখেৰে ভৰি থাকক (PM Modi greets Oriya New Year) । সমাজত ভাতৃত্ববোধ বৃদ্ধি হোৱাৰ লগতে আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । বৈশাখী উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে শুভেচ্ছাবাণী প্ৰেৰণ কৰে । সকলোকে বৈশাখীৰ শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ।
লগতে পঢ়ক : পৰম্পৰাগত পোছাকত শীতলাক মাতাৰ উপাসনাত নিমজ্জিত ছত্তিশগড়ৰ আবকাৰী মন্ত্ৰী