ETV Bharat / bharat

দেশবাসীলৈ দীপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোডীৰ

পোহৰৰ উৎসৱ দীপাৱলীত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । এইবাৰ ৰাজৌৰীত সীমান্ত অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাত থকা সামৰিক বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ।

author img

By

Published : Nov 4, 2021, 11:01 AM IST

Diwali
দেশবাসীক দীপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ : দেশত এতিয়া দীপাৱলীৰ আনন্দ-উল্লাস । দেশবাসীয়ে পৰম্পৰা অনুসৰি দীপাৱলী (Diwali) উদযাপনৰ প্ৰস্তুতি চলাইছে । এই বিশেষ মূহুৰ্তত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) ।

  • दीपावली के पावन अवसर पर देशवासियों को हार्दिक शुभकामनाएं। मेरी कामना है कि यह प्रकाश पर्व आप सभी के जीवन में सुख, संपन्नता और सौभाग्य लेकर आए।

    Wishing everyone a very Happy Diwali.

    — Narendra Modi (@narendramodi) November 4, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বৃহস্পতিবাৰে দীপাৱলী উপলক্ষে টুইটযোগে দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে । পোহৰৰ উৎসৱে সকলোৰে জীৱনলৈ যাতে সুখ,সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । হিন্দু শাস্ত্ৰ অনুসৰি আটাইতকৈ বেছি পৱিত্ৰ কাতি মাহত এই দীপাৱলী পালন কৰা হয় । ইয়াৰোপৰি বিশ্বাস কৰা হয় যে এই দিনটোতে ভগৱান ৰামে ১৪ বছৰ বনবাসৰ পাছত ৰাৱণৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ ঘৰলৈ উভতি আহিছিল ।

পৰম্পৰা অনুসৰি লোকসকলে তেওঁলোকৰ ঘৰবোৰ সজাই তোলে, উপহাৰৰ আদান প্ৰদান কৰে লগতে সকলো অশুভ শক্তি নাশ হোৱাৰ বাবে ভক্তসকলে প্ৰাৰ্থনা কৰে । উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে এইবাৰ ৰাজৌৰীত সীমান্ত অঞ্চলৰ নিয়ন্ত্ৰণ ৰেখাত (Line of Control) থকা সামৰিক বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰিব । কাৰ্যসূচী অনুসৰি প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমে জম্মুত উপস্থিত হ'ব আৰু তাৰ পৰা ৰাজৌৰীৰ নওচেৰা চেক্টৰলৈ ৰাওনা হ'ব আৰু এলঅ'চিত (LoC) সামৰিক বাহিনীৰ সৈতে দীপাৱালী উদযাপন কৰিব ।

লগতে পঢ়ক : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.