ETV Bharat / bharat

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনত গুজৰাটৰ ২৬ খনতেই জয় লাভৰ লক্ষ্য প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Mar 9, 2023, 7:39 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে গুজৰাট ভ্ৰমণ কৰে (Narendra Modi Gujrat visit) । গুজৰাট ভ্ৰমণকালত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত চতুৰ্থখন টেষ্ট মেচ উপভোগ কৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে । তাৰ পিচতে ৰাজভৱনত এক উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বৈঠক অনুষ্ঠিত কৰে আৰু গুজৰাটৰ ৰাজনীতি সম্পৰ্কে আলোচনা কৰে ।

Narendra Modi Gujrat visit
Lok Sabha Election 2024

নিউজ ডেস্ক, ৯ মাৰ্চ : ২০২৪ চনত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন (Lok Sabha Election 2024) । তেনে পৰিপ্ৰেক্ষিততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে গুজৰাট ভ্ৰমণ কৰে (Narendra Modi Gujrat visit) । আনহাতে, গুজৰাট ভ্ৰমণকালত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত অনুষ্ঠিত চতুৰ্থখন টেষ্ট মেচ উপভোগ কৰে সম্প্ৰতি ভাৰত ভ্ৰমণৰত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে (Modi and Australian PM at Narendra Modi stadium) । তাৰ পিচতে প্ৰধানমন্ত্ৰী মোদী পোনপটীয়াকৈ ৰাজভৱনলৈ যায় । ৰাজভৱনত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এক উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বৈঠক অনুষ্ঠিত কৰে আৰু গুজৰাটৰ ৰাজনীতি সম্পৰ্কে নতুন তথ্য প্ৰদান কৰে (Modi meeting on political situation in Gujrat) ।

নৱসাৰীৰ সাংসদ চি আৰ পেটেলক ২০২০ চনৰ ২০ জুলাইত গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল (Gujrat BJP president CR Patel) । গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতিৰ কাৰ্যকাল হৈছে 3 বছৰ । সেয়ে পেটেলৰ কাৰ্যকাল সোনকালেই সমাপ্ত হ'ব । ফলত বৰ্তমান নতুন ৰাজ্যিক সভাপতিৰ বিষয়েও আলোচনা হ'ব পাৰে । তাৎপৰ্যপূৰ্ণভাৱে চি আৰ পেটেলক মোদীৰ অত্যন্ত বিশ্বাসী বুলি গণ্য কৰা হয় । চি আৰ পাটিলৰ নেতৃত্বতে বিজেপিয়ে বিধানসভা নিৰ্বাচনত ১৫৬ খন আসন লাভ কৰি ইতিহাস সৃষ্টি কৰে । সেয়ে এতিয়া পাটিলৰ কাৰ্যকাল জুলাইৰ শেষলৈ বৃদ্ধি কৰা আৰু লোকসভা নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰাৰো সম্ভাৱনা আছে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দহটা বোৰ্ড কৰ্পোৰেচনৰ অধ্যক্ষক পদত্যাগ কৰাইছিল । আজিৰ বৈঠকত অনাগত দিনত ৰাজ্য চৰকাৰৰ বোৰ্ড আৰু নিগমসমূহত নিযুক্তিৰ বিষয়টোও আলোচনা কৰিব পাৰে । এইটো লক্ষ্যনীয় যে, ৰাজ্য চৰকাৰৰ বহুতো বোৰ্ড বিগত কেইবা বছৰ ধৰি গাঁওবোৰত খালী হৈ আছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকতো বিষয়টো আলোচনা কৰা হয় ।

ৰাজ্যখনত ভূপেন্দ্ৰ পেটেল চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা কেবিনেট সম্প্ৰসাৰণৰ বিষয়ে আলোচনা হৈ আহিছে (Gujrat CM Bhupendra Patel) । ভূপেন্দ্ৰ পেটেলৰ চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰিত কৰা হ'ব বুলি বহুবাৰ আলোচনা কৰা হৈছে । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে আৰু কেবিনেট সম্প্ৰসাৰণ সম্পৰ্কে আলোচনা চলি আছে ।

যদি ভূপেন্দ্ৰ পেটেল চৰকাৰত কেবিনেট সম্প্ৰসাৰণ হয়, তেন্তে তিনিজন নতুন মন্ত্ৰীকো অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে বিজেপিয়ে গুজৰাট মডেলক আগত ৰাখি বহুতো নিৰ্বাচনত জয়লাভ কৰিছে । কিয়নো বিজেপিৰ বাবে গুজৰাট এক পৰীক্ষাগাৰৰ দৰে, যাৰ আধাৰত বিজেপিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে ।

লগতে পঢ়ক :Congress protest : আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.