ETV Bharat / bharat

Global Maritime India Summit 2023: ১৮,৮০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:25 PM IST

মুম্বাইত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় গ্ল’বেল মেৰিটাইম ইণ্ডিয়া সন্মিলন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এই সন্মিলনৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰে । তেওঁ লগতে ১৮,৮০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ।

Global Maritime India Summit 2023
১৮,৮০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

নিউজ ডেস্ক, ১৭ অক্টোবৰ: গ্ল’বেল মেৰিটাইম ইণ্ডিয়া সন্মিলনৰ তৃতীয় সংস্কৰণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ১৮,৮০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । গুজৰাটৰ দীনদয়াল বন্দৰ ৪৫৩৯ কোটি টকাৰ সকলো বতৰৰ বাবে অনুকূল ডিপ ড্ৰাফ্ট টাৰ্মিনেলৰ (Tuna Tekra all-weather deep-draft terminal at Deendayal Port Authority) আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিড’ৰক সহায় কৰিবলৈ নিৰ্মাণ কৰা হৈছে এই টাৰ্মিনেল ।

এই প্ৰকল্প মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিনিয়োগকাৰীসকলে ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰাৰ লগতে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইইচি)ৰ অংশ হোৱাৰ সুযোগ আছে বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে যোৱা দশকত প্ৰধান বন্দৰসমূহৰ ক্ষমতা দুগুণ হৈছে, বন্দৰসমূহত কণ্টেইনাৰৰ টাৰ্ণ-আউটৰ সময় যথেষ্ট হ্ৰাস পাইছে ।

গ্ল’বেল মেৰিটাইম ইণ্ডিয়া সন্মিলন উদ্বোধনৰ পাচত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৰিড’ৰ সন্দৰ্ভত এক ঐকমত্য গঢ়ি তুলিবলৈ জি-২০ সন্মিলনত ভাৰতে অগ্ৰগতি লাভ কৰিছিল । অতি কম সংখ্যক দেশহে উন্নয়ন, জনগাঁথনি, গণতন্ত্ৰ আৰু চাহিদাৰে ধন্য হোৱা বুলি উল্লেখ কৰি মোদীয়ে বিশ্বৰ বিনিয়োগকাৰীক ভাৰতৰ এই যাত্ৰাৰ অংশ হ’বলৈ আমন্ত্ৰণ জনায় ।

ইতিহাসত যেতিয়াই ভাৰতৰ সামুদ্ৰিক সামৰ্থ শক্তিশালী হয়, তেতিয়াই দেশ আৰু বিশ্বই ইয়াৰ পৰা লাভৱান হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে যোৱা ৯-১০ বছৰত তেওঁৰ চৰকাৰে সামুদ্ৰিক খণ্ডক শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে । উল্লেখ্য যে, মুম্বাইত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় গ্ল’বেল মেৰিটাইম ইণ্ডিয়া সন্মিলন আৰম্ভ হৈছে । এই সন্মিলনত ১০ লাখ কোটি টকা বিনিয়োগৰ আশা কৰা হৈছে আৰু শীৰ্ষ সন্মিলনৰ সময়ত ৩০০ৰো অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: PM Modi G20 Parliamentary Speakers Summit : নৱম G২০ সংসদীয় অধ্যক্ষ সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.