ETV Bharat / bharat

PM Modi extends birthday wishes: জ্যোতিৰাদিত্য সিন্দিয়া-এন বীৰেণ সিঙলৈ জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ - PM Modi on greeted CM N Biren Singh on birthday

আজি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়া আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ জন্মদিন । দুয়োগৰাকী নেতাৰ জন্ম দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে । টুইট যোগে দুয়োগৰাকী নেতাৰেই দীৰ্ঘ আৰু সু-স্বাস্থ্যৰ কামনা কৰিছে (PM Narendra Modi Tweet)।

PM Narendra Modi
সিন্ধিয়া- সিঙক জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
author img

By

Published : Jan 1, 2023, 1:27 PM IST

নেশ্য়নেল ডেস্ক , ১ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াক তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে (PM Modi on greeted Jyotiraditya on birthday) । প্ৰধানমন্ত্ৰী মোডীয়ে সংযোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিমান খণ্ডৰ বিকাশ কৰা বাবে তেওঁক প্ৰশংসা কৰি কয়, "কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্দিয়াক জন্মদিনৰ শুভেচ্ছা জনাইছো । সৰ্বশক্তিমানে তেওঁক দীৰ্ঘ আৰু স্বাস্থ্যৱান জীৱনৰ আশীৰ্বাদ দিয়ক ।"

প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰি কয়, "১৯৭১ চনৰ ১ জানুৱাৰীত জন্ম গ্ৰহণ কৰা সিন্দিয়া হৈছে গোৱালিয়ৰ ৰাজ্যৰ অন্তিমগৰাকী মহাৰাজা জীৱজীৰাও সিন্দিয়াৰ নাতি (PM Narendra Modi)। তেওঁৰ পিতৃ মাধৱৰাও সিন্দিয়াও এগৰাকী ৰাজনীতিবিদ আৰু ৰাজীৱ গান্ধী চৰকাৰৰ মন্ত্ৰী আছিল (Madhavrao Scindia)।"

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটটোত পুনৰ উল্লেখ কৰে যে, ২০২০ চনত সিন্দিয়াই কংগ্ৰেছৰ সৈতে তেওঁৰ ১৮ বছৰীয়া সম্পৰ্ক ছেদ কৰি বিজেপিত যোগদান কৰে । ২০২১ চনত সিন্দিয়াক অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ দপ্তৰ অৰ্পণ কৰা হয় । তেওঁক হৰদীপ সিং পুৰীৰ স্থানত এই বিভাগটোৰ দায়িত্ব অৰ্পণ কৰা হৈছিল । কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ আই চৰকাৰৰ দিনত তেওঁ পাঁচবাৰ সাংসদ আছিল ।

একেটা টুইটতে উল্লেখ কৰা অনুসৰি কংগ্ৰেছে ১৫ মাহ ৰাজ্যশাসন কৰাৰ পিছত যোৱা বছৰ মধ্যপ্ৰদেশত বিজেপিৰ ক্ষমতালৈ উভতি অহাৰ ক্ষেত্ৰত সিন্দিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । স্পষ্টবাদী আৰু আকৰ্ষণীয়, সিন্দিয়া, মধ্য প্ৰদেশৰ ৰাজ্যসভাৰ সাংসদ । তেওঁ ২০০৯ ৰ পৰা ২০১২ চনৰ ভিতৰত ইউপিএ চৰকাৰৰ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ৰাজ্যিক মন্ত্ৰী আছিল । সিন্ধিয়া ২০১২ ৰ পৰা ২০১৪ চনৰ ভিতৰত কেন্দ্ৰীয় ক্ষমতা ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) আছিল ।

ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক তেওঁৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰি ৰাজ্যখনৰ পৰিৱৰ্তনৰ বাবে সহায়কভাৱে কাম কৰাৰ বাবে তেওঁক প্ৰশংসা কৰে (PM Modi on greeted CM N Biren Singh on birthday)। টুইট কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়,"মণিপুৰৰ গতিশীল মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক তেওঁৰ জন্মদিনত শুভেচ্ছা জনাইছো । তেওঁ ৰাজ্যখনৰ পৰিৱৰ্তন কৰিবলৈ কাম কৰি আছে । তেওঁৰ দীঘলীয়া আৰু স্বাস্থ্যৱান জীৱনৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।" উল্লেখ্য় যে সিঙৰ জন্ম ১৯৬১ চনৰ ১ জানুৱাৰীত মণিপুৰৰ ইম্ফলত হৈছিল ।

প্ৰধানমন্ত্ৰী মোডীয়ে টুইটটোত পুনৰ উল্লেখ কৰি কয়, "এজন প্ৰাক্তন ফুটবল খেলুৱৈৰ পৰা সাংবাদিকৰ পৰা ৰাজনীতিবিদ হোৱা সিঙে ২০১৬ চনৰ অক্টোবৰত বিজেপিত যোগদান কৰিছিল । ২০২০ চনৰ বিধানসভা নিৰ্বাচনত তেওঁৰ পৰম্পৰাগত হেইংগাং সমষ্টিৰ পৰা অভিলেখ পঞ্চমবাবাৰৰ বাবে জয়লাভ কৰিছিল । তেওঁ এজন ফুটবল খেলুৱৈ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু এজন খেলুৱৈ হিচাপে সীমান্ত সুৰক্ষা বাহিনীত (বিএছএফ) নিযুক্তি লাভ কৰিছিল । তেওঁ ঘৰুৱা প্ৰতিযোগিতাত বিএছএফ দলৰ হৈ খেলিছিল ।"

উল্লেখ্য় যে, ২০০২ চনত তেওঁ ডেম'ক্ৰেটিক ৰিভলিউচনাৰী পিপ'লছ পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মণিপুৰৰ হেইংগাং বিধানসভা সমষ্টিৰ পৰা প্ৰথম নিৰ্বাচনী যুঁজত জয়ী হৈছিল (Democratic Revolutionary Peoples Party) । পিছত তেওঁ কংগ্ৰেছত যোগদান কৰে আৰু ২০০৭ চনত আসনখন অব্য়াহত ৰাখে । ২০১২ চনলৈকে তেওঁ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে । চাৰি বছৰ পিছত তেওঁ বিজেপিত যোগদান কৰে আৰু ২০১৭ চনত পুনৰ একেটা সমষ্টিৰ পৰা জয়ী হয় । ২০২০ চনত বিজেপিয়ে বিধানসভা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত সিঙে একেৰাহে দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:Drugs worth Rs 1 cr seized: 1 কোটি টকাৰ ড্ৰাগছসহ 16 জন নাইজেৰিয়ানক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.