ETV Bharat / bharat

Sydney Dialogue : ভাৰতৰ প্ৰযুক্তি বিকাশ আৰু বিপ্লৱ সম্পৰ্কে ক'ব প্ৰধানমন্ত্ৰীয়ে - প্ৰযুক্তি বিকাশ আৰু বিপ্লৱ

১৭ নৱেম্বৰৰ পৰা ১৯ তাৰিখলৈ অনুষ্ঠিত হৈছে চিডনী আলোচনাচক্ৰ । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীৰ উপৰিও ভাষণ দিব অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে আৰু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেয়ে ।

Sydney Dialogue
ভাৰতৰ প্ৰযুক্তি বিকাশ আৰু বিপ্লৱ সম্পৰ্কে ক'ব প্ৰধানমন্ত্ৰীয়ে
author img

By

Published : Nov 18, 2021, 12:49 PM IST

নেশ্যনেল ডেস্ক, ১৮ নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) বৃহস্পতিবাৰে চিডনী আলোচনা চক্ৰত (Sydney Dialogue) অংশগ্ৰহণ কৰিব । আলোচনা চক্ৰত তেওঁ মুখ্য বক্তা হিচাপে ভাগ ল'ব । প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত "প্ৰযুক্তি বিকাশ আৰু বিপ্লৱ" (India's technology evolution and revolution) সম্পৰ্কীয় বিষয়বস্তুৰ ওপৰত বক্তব্য ৰাখিব ।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ( Australian Prime Minister Scott Morrison) তাৰ পূৰ্বে উদ্বোধনী ভাষণ প্ৰদান কৰিব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা স্পষ্ট কৰে । ইফালে চিডনী আলোচনা চক্ৰ ১৭ ৰ পৰা ১৯ নৱেম্বৰ লৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে । অষ্ট্ৰেলিয়ান ষ্ট্ৰেটেজিক পলিচী ইনষ্টিটিউটৰ (Australian Strategic Policy Institute) ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।

চিডনী আলোচনা চক্ৰই প্ৰকৃততে ৰাজনীতিবিদ, ব্যৱসায় আৰু চৰকাৰৰ মুৰব্বীসকলক বিভিন্ন ধৰণৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনায় । ইয়াৰ জৰিয়তে নতুন ধাৰণা সৃষ্টি, গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ পৰা উদ্ভৱ হোৱা সুযোগ আৰু প্ৰত্যাহ্বানৰ উমৈহতীয়া বুজাবুজিৰ দিশত কাম কৰিব বুলি আশা কৰা হয় । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেয়েও (Shinzo Abe) চিডনী আলোচনাত ভাষণ আগবঢ়াব ।

লগতে পঢ়ক :Do not travel to Jammu and Kashmir : দেশীয় নাগৰিকলৈ সতৰ্কবাণী আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.