ETV Bharat / bharat

Asian Games 2023 : এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

author img

By ANI

Published : Sep 23, 2023, 10:46 PM IST

ছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৬৫৫ জনীয়া শক্তিশালী ভাৰতীয় খেলুৱৈৰ এটা দলে ৪১ টা শাখাত অংশগ্ৰহণ কৰিব ৷

Asian Games 2023
এছিয়ান গেমছ

স্পৰ্টছ ডেস্ক, 23 ছেপ্টেম্বৰ : শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে ৷ চীনে আয়োজন কৰা এছিয়ান গেমছ শনিবাৰে সন্ধিয়াৰ পৰা আৰম্ভ হৈছে ৷

৬৫৫ জনীয়া শক্তিশালী ভাৰতীয় খেলুৱৈৰ এটা দলে ৪১ টা শাখাত অংশগ্ৰহণ কৰিব ৷ বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰাৰ পাছত অনুষ্ঠিত হোৱা এখন সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে ৷ এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বি চি চি আইৰ সভাপতি ৰজাৰ বিনি, সম্পাদক জয় শ্বাহ আৰু উপ-সভাপতি ৰাজীৱ শুক্লাও উপস্থিত আছিল ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, "আজিৰ পৰা আৰম্ভ হ'ব এছিয়ান গেমছ ৷ গেমছত অংশগ্ৰহণ কৰা সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা প্ৰেৰণ কৰিছো ৷ ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতে যি সফলতা প্ৰত্যক্ষ কৰিছে সেয়া ক্ৰীড়াৰ প্ৰতি দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ প্ৰমাণ ৷ চৰকাৰে প্ৰতিটো স্তৰতে ক্ৰীড়াবিদসকলক সহায় কৰি আছে; TOPS হৈছে চৰকাৰৰ এনে এখন আঁচনি।" এই অনুষ্ঠানত কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, আৰু কপিল দেৱ, ভাৰতৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীও উপস্থিত থাকে।

  • As the Asian Games commence, I convey my best wishes to the Indian contingent. India’s passion and commitment to sports shines through as we send our largest ever contingent in the Asian Games. May our athletes play well and demonstrate in action what true sporting spirit is. pic.twitter.com/KLlsBj0C3e

    — Narendra Modi (@narendramodi) September 23, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এছিয়ান গেমছত ট্ৰেক এণ্ড ফিল্ড ইভেণ্টত ভাৰতৰ ৬৮ জনীয়া খেলুৱৈৰ দলে ভাগ লব । ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এথলেটিকছ প্ৰতিযোগিতা, ৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ জেভলিন থ্ৰ’ ফাইনেল ভাৰতৰ ‘গোল্ডেন বয়’ নীৰজ চোপ্ৰাৰ বাবে এক গুৰুত্বপূৰ্ণ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব ৷

বেডমিণ্টনৰ তাৰকা পি ভি সিন্ধু, বক্সাৰ লভলিনা বৰগোহাঁই, মল্লযুঁজাৰু বজৰং পুনিয়া আৰু ভাৰোত্তোলক মিৰাবাই চানুৱেও অংশগ্ৰহণ কৰিছে।

হাৰ্ডলাৰ জ্যোতি ইয়াৰ্ৰাজী, ষ্টীপলচেজ ৰেচাৰ অবিনাশ ছেবল, লং জাম্পাৰ মুৰালী শ্ৰীশংকৰ, প্ৰাক্তন এছিয়ান চেম্পিয়ন বক্সাৰ শিৱ থাপা, ভাৰতীয় টেবুল টেনিছৰ তাৰকা মণিকা বাটৰা, শৰথ কমল আৰু টিন চেছ প্ৰডিজি আৰ প্ৰাগনানন্ধা আদি খেলুৱৈৰ খেলো আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব ৷

উল্লেখ্য যে, শনিবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা এছিয়ান গেমছৰ মাৰ্চ পাষ্টত ৰাষ্ট্ৰীয় পতাকা লৈ ভাৰতক প্ৰতিনিধিত্ব কৰে বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ৷ এইবাৰৰ এছিয়ান গেমছত অসমৰ 7 গৰাকীকৈ খেলুৱৈৱে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক : Team India World Ranking : ক্ৰিকেট বিশ্বৰ একছত্ৰী সম্ৰাট ভাৰত; আটাইকেইটা ফৰ্মেটতে বিশ্বৰ শীৰ্ষত টীম ইণ্ডিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.