নেশ্যনেল ডেস্ক, 7 জানুৱাৰী: আমেৰিকাৰ কেপিট'ল বিল্ডিং আক্ৰমণক গৰিহণা প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সোমবাৰে টুইটাৰযোগে তেওঁ লিখে, "শান্তিপূৰ্ণভাৱে ক্ষমতাৰ হস্তান্তৰ হোৱাটো উচিত ৷" তেওঁ ইয়াৰোপৰি লিখে, "বে-আইনী প্ৰতিবাদৰ মাজেৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াক বন্ধ হ'ব দিব নোৱাৰে ৷"
-
Distressed to see news about rioting and violence in Washington DC. Orderly and peaceful transfer of power must continue. The democratic process cannot be allowed to be subverted through unlawful protests.
— Narendra Modi (@narendramodi) January 7, 2021 " class="align-text-top noRightClick twitterSection" data="
">Distressed to see news about rioting and violence in Washington DC. Orderly and peaceful transfer of power must continue. The democratic process cannot be allowed to be subverted through unlawful protests.
— Narendra Modi (@narendramodi) January 7, 2021Distressed to see news about rioting and violence in Washington DC. Orderly and peaceful transfer of power must continue. The democratic process cannot be allowed to be subverted through unlawful protests.
— Narendra Modi (@narendramodi) January 7, 2021
বুধবাৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ একাংশ সমৰ্থকে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এক নতুন মোৰ দিয়াৰ চেষ্টাৰে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হয় ৷ কিয়নো বুধবাৰে বাইডেনক ৰাষ্ট্ৰপতি হিচাপে মোহৰ প্ৰদানৰ বাবে কেপিট'ল বিল্ডিঙত যৌথ অধিৱেশন চলিছিল ৷ পৰিস্থিতি কোনো দিশে ঢাল খাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কেপিট'ল বিল্ডিঙত পূৰ্বৰ পৰাই মোতায়েন কৰা হৈছিল পৰ্যাপ্ত আৰক্ষী আৰু সেনা ৷ কিন্তু সেয়াও ফলপ্ৰসু নহ'ল ৷
প্ৰতিনিধি সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কেপিট'ল বিল্ডিঙৰ চাৰিওদিশে কঠোৰ নিৰাপত্তা বেষ্টনী প্ৰদান কৰা হৈছিল ৷ বেৰিকেড আদিও স্থাপন কৰা হৈছিল সেই স্থানত ৷ কিন্তু বাহিৰত ট্ৰাম্পৰ সমৰ্থকসকলৰ ভিৰ আৰু অধিক বৃদ্ধি পায় ৷ নিৰাপত্তাৰক্ষী সকলৰ সৈতে আৰম্ভ হয় তেওঁলোকৰ সংঘৰ্ষ ৷ একাংশই বেৰিকেড উফৰাই প্ৰৱেশ কৰে কেপিট'ল বিল্ডিঙৰ ভিতৰত ৷ ইয়াৰ মাজতে গুলীবিদ্ধ হৈ এগৰাকী মহিলা মৃত্যুমুখত পৰে ৷
লগতে পঢ়ক: 117 তম কংগ্ৰেছৰ বাবে নৱনিৰ্বাচিত চিনেটৰৰ শপত গ্ৰহণ