ETV Bharat / bharat

Cleanliness drive : স্বচ্ছ অভিযানত দেশবাসীক অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

দেশত ১ অক্টোবৰৰ পৰা স্বচ্ছ অভিযান আৰম্ভ হ'ব । এই অভিযানত দেশবাসীক অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ । অভিযানৰ অংশস্বৰূপে ৰাইজৰ সুবিধাৰ্থে পৰ্টেলো মুকলি কৰা হ'ব ।

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 4:57 PM IST

Cleanliness drive
স্বচ্ছ অভিযানত দেশবাসীক অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২৯ ছেপ্টেম্বৰ : ১ অক্টোবৰৰ পৰা দেশত আৰম্ভ হ'ব স্বচ্ছ ভাৰত অভিযানৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানত অংশ ল'বলৈ দেশবাসীক আহ্বান জনায় । প্ৰধানমন্ত্ৰীৰ মতে স্বচ্ছ ভাৰত অভিযান এক অংশীদাৰী দায়িত্ব আৰু ইয়াৰ সকলো প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ । ১ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া স্বচ্ছ অভিযানত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ দেশৰ লোকসকলক আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয় যে এক পৰিষ্কাৰ ভৱিষ্যতৰ বাবে এই মহৎ প্ৰচেষ্টাত সহযোগ কৰক । পূৰ্বে মন কি বাতৰ ১০৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এই স্বচ্ছ অভিযানৰ ঘোষণা কৰিছিল ।

ৰাইজক আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে সকলোৱে সময় উলিয়াব লাগে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় এই অভিযানত সহায় কৰা উচিত । সকলোকে নিজৰ ওচৰৰ বাট-পথ, উদ্যান, নদী, হ্ৰদ বা আন যিকোনো ৰাজহুৱা স্থানত চলা স্বচ্ছ অভিযানত অংশ ল'বলৈ তেওঁ আহ্বান জনায় । গান্ধী জয়ন্তীৰ দিনটোত 'এক তাৰিখ, এক ঘণ্টা, একেলগে' শীৰ্ষক এই অভিযান এক বৃহৎ স্বচ্ছ অভিযান । এই কাৰ্যসূচী 'স্বচ্ছতা পখৱাড়া-স্বচ্ছতা হি সেৱা' ২০২৩ অভিযানৰ অংশ ।

প্ৰধানমন্ত্ৰী মোদীয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে এক ঘণ্টা শ্ৰমদানৰ বাবে আবেদন জনায় । তেওঁ উল্লেখ কৰা মতে ৰাইজৰ নেতৃত্বত প্ৰতিখন চহৰ, গাঁও পঞ্চায়ত, চৰকাৰৰ সকলো খণ্ড যেনে অসামৰিক বিমান পৰিবহণ, ৰে'লৱে আৰু ৰাজহুৱা প্ৰতিষ্ঠানত স্বচ্ছ অভিযানৰ আয়োজন কৰা হ'ব । সংগঠনবোৰক বিভিন্ন কাৰ্যসূচী আয়োজন কৰাত সহায় কৰিবলৈ এটা বিশেষ পৰ্টেল স্থাপন কৰা হৈছে । পৰ্টেলটোৰ জৰিয়তে প্ৰভাৱশালী ব্যক্তি আৰু নাগৰিকসকলক স্বচ্ছ অভিযানৰ দূত হিচাপে এই গণ আন্দোলনত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাব । ৰাইজেও তেওঁলোকৰ উপস্থিতি দেখুৱাবলৈ ফটো তুলিব পাৰিব আৰু সেইবোৰ পৰ্টেলত আপলোড কৰিব পাৰিব ।

ইয়াৰ পূৰ্বে ২০২১ চনত প্ৰধানমন্ত্ৰী মোদীয়ে স্বচ্ছ ভাৰত মিছন-নগৰ ২.০ আৰম্ভ কৰিছিল । স্বচ্ছ ভাৰত মিছন (এছবিএম-ইউ) ২.০ অভিযান ২০২১ চনৰ ১ অক্টোবৰত আৰম্ভ হৈছিল । ইয়াৰ মুখ্য উদ্দেশ্য আছিল আৱৰ্জনাৰ বৈজ্ঞানিক নিষ্কাশনৰ জৰিয়তে সকলো চহৰক আৱৰ্জনামুক্ত কৰা । প্ৰধানমন্ত্ৰী মোদীয়ে এই অভিযান সন্দৰ্ভত কয় যে মহাত্মা গান্ধীৰ স্বচ্ছ ভাৰতৰ সপোন পূৰণৰ দিশত এই অভিযানক আগুৱাই লৈ যোৱাটো এক ডাঙৰ পদক্ষেপ হ'ব ।

লগতে পঢ়ক :Karnataka Bandh : তামিলনাডুক পানী এৰি দিয়াৰ বিৰোধিতা; কৰ্ণাটক বন্ধৰ ফলত বাতিল ৪৪ খন বিমানৰ যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.