ETV Bharat / bharat

9th Years of Modi Govt : মহা জনসম্পৰ্ক অভিযান আৰম্ভ মোদীৰ; আজমীৰত কংগ্ৰেছক আক্ৰমণ

author img

By

Published : May 31, 2023, 6:21 PM IST

কেন্দ্ৰত চৰকাৰ গঠনৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে বিজেপিয়ে আৰম্ভ কৰিছে এমাহজোৰা প্ৰচাৰ অভিযান । তাৰেই অংশ হিচাবে বুধবাৰে আজমীৰত অনুষ্ঠিত হয় প্ৰথম মুখ্য অনুষ্ঠানৰ । ৩১ মে'ৰ পৰা ৩০ জুনলৈকে অনুষ্ঠিত হ'বলগীয়া এই মহা জনসংযোগৰ অধীনত সমগ্ৰ দেশতে বিজেপিয়ে ৰাজহুৱা কাৰ্যসূচী অনুষ্ঠিত কৰিব (BJP Maha Jansampark campaign) ।

9th Years of Modi Govt
9th Years of Modi Govt

নিউজ ডেস্ৰ, ৩১ মে' : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে নিৰ্বাচনমুখী ৰাজস্থানত আৰম্ভ কৰে বিজেপিৰ এমাহজোৰা 'মহা জনসম্পৰ্ক' অভিযান (PM Modi launch BJPs Maha Jansampark campaign) । বিজেপিৰ এই অভিযান সমগ্ৰ ভাৰততে চলিব । তাৰেই অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে আজমীৰত এক ৰেলী সম্বোধন কৰে । কেন্দ্ৰত বিজেপি চৰকাৰৰ নৱম বছৰ উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (Nine years of BJP government) । এই ৰেলীত প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় ।

তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই দাবী কৰে যে দলটো শাসনত থকাৰ সময়ত সীমান্তত পথ এটা নিৰ্মাণ কৰিবলৈও ভয় কৰিছিল । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কংগ্ৰেছে ৫০ বছৰ ধৰি দেশখনক দৰিদ্ৰতাৰ পৰা উদ্ধাৰ কৰাত ব্যৰ্থ হৈছিল । লগতে তেওঁ কংগ্ৰেছক টীকাকৰণ কাৰ্যসূচীৰ শোচনীয় অৱস্থাৰ বাবেও সমালোচনা কৰে (PM Modi attacks Congress at Ajmer) ।

উল্লেখ্য যে কেন্দ্ৰত ক্ষমতা হস্তগত কৰাৰ নৱম বছৰ উপলক্ষে বিজেপিয়ে এমাহ ধৰি এক প্ৰচাৰ অভিযান হাতত লৈছে । এইটো হৈছে তাৰে ভিতৰত প্ৰথম মুখ্য অনুষ্ঠান । অহা ৩১ মে'ৰ পৰা ৩০ জুনলৈ অনুষ্ঠিত হ'বলগীয়া এই মহা জনসংযোগৰ অধীনত সমগ্ৰ দেশতে বিজেপিয়ে ৰাজহুৱা কাৰ্যসূচী সম্পন্ন কৰিব (Narendra Modi slams congress) । সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীয়ে বিয়লি প্ৰায় ৩ বজাত কিষাণগড় বিমানবন্দৰত উপস্থিত হয় ।

উল্লেখ্য যে ৰাজস্থানত শাসনাধিষ্ঠিত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত নেতৃত্বৰ বিবাদ চলি আছে । তাৰে মাজতে মৰু ৰাজ্যখনত চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন (Rajasthan assembly election 2023) । সেয়ে তেনে পৰিস্থিতিত বিজেপিৰ প্ৰচাৰ অভিযানৰ আৰম্ভণি আজমীৰৰ পৰা কৰাটোৱে বিশেষ চৰ্চা লাভ কৰিছে । মোদীয়ে কিষাণগড় বিমানবন্দৰৰ পৰা পুষ্কৰলৈ হেলিকপ্টাৰেৰে যাত্ৰা কৰে । তাত উপস্থিত হোৱাৰ পিচত তেওঁ আবেলি ৩.৪০ বজাৰ পৰা ৪ বজালৈকে ব্ৰহ্ম মন্দিৰত প্ৰাৰ্থনা কৰে ।

উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু কৈলাস চৌধুৰী তথা ৰাজস্থানৰ আন বিজেপি নেতাসকলে অংশগ্ৰহণ কৰে । আনহাতে, আজমীৰ উত্তৰৰ বিধায়ক বাসুদেৱ দেৱনানীয়ে কয় যে ৪৫ টা বিধানসভা আৰু আঠটা লোকসভা সমষ্টিৰ বিজেপি কৰ্মীসকল উক্ত সমদলটোত একত্ৰিত হয় । এই সমষ্টিকেইটা আজমীৰ, নাগাউৰ, টংক, ভিলৱাৰা, ৰাজচামান্দ, জয়পুৰ আৰু পালি জিলাত পৰে । ইয়াৰ উপৰি কেইসপ্তাহমান পূৰ্বে মোদীয়ে ৰাজসমান্দ আৰু চিৰোহীও ভ্ৰমণ কৰিছিল ।

উল্লেখ্য যে মোদীৰ প্ৰধানমন্ত্ৰী হিচাপে ন বছৰ উপলক্ষে বিজেপি নেতাসকলে ইতিমধ্যে কেইবাখনো ৰাজ্যত সংবাদমেল অনুষ্ঠিত কৰিছে । প্ৰধানমন্ত্ৰীৰ বুধবাৰৰ ৰেলীটোৱে বিজেপিৰ গুৰুত্বপূৰ্ণ প্ৰচাৰ অভিযানৰ অংশ হিচাবে কেইবাখনো দলীয় সভাৰ শুভাৰম্ভণি কৰে ।

লগতে পঢ়ক :Amit Shah Manipur Visit : সমস্যাজৰ্জৰ ম'ৰে আৰু কাংপোকপিৰ নিৰাপত্তা পৰ্যালোচনা কৰিব গৃহমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.