ETV Bharat / bharat

বিৰোধীৰ ভুৱা অভিযোগক সঠিক তথ্যৰে খণ্ডনৰ বাবে সাজু বিজেপি

সঁচা তথ্য প্ৰকাশ কৰি বিৰোধীৰ অভিযোগৰ উত্তৰ দিবলৈ বিজেপি (BJP)ৰ সাংসদক আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) । মঙলবাৰে বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে সাংসদসকলক কয় যে, চৰকাৰে কৰা কামৰ বিষয়ে জনসাধাৰণে যাতে অৱগত হ'ব পাৰে তাৰ বাবে সাংসদসকলে সঠিক তথ্য দাঙি ধৰা উচিত ।

author img

By

Published : Jul 20, 2021, 2:06 PM IST

PM Narendra Modi asks BJP MPs to defeat Cong lies with truth
কংগ্ৰেছৰ মিছা অভিযোগ সঠিক তথ্যৰে খণ্ডন কৰিবলৈ বিজেপি সাংসদক আহ্বান প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ২০ জুলাই: বিৰোধীৰ প্ৰতিটো অভিযোগ সঠিক তথ্য আৰু যুক্তিৰ আধাৰত খণ্ডন কৰাৰ বাবে সাজু হৈছে বিজেপি । বিৰোধী দল, বিশেষকৈ কংগ্ৰেছৰ অভিযোগক মিছা আখ্যা দি এই অভিযোগ সঁচা তথ্যৰ জৰিয়তে খণ্ডন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে বিজেপি(BJP)ৰ সাংসদসকলক আহ্বান জনায় । এক সূত্ৰই জানিবলৈ দিয়া মতে, বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে সাংসদসকলক চৰকাৰে কৰা কামৰ বিষয়ে জনসাধাৰণৰ মাজত সঁচা তথ্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে । কংগ্ৰেছৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, বিৰোধী হিচাপে কংগ্ৰেছ জনসাধাৰণক লৈ চিন্তিত নহয় ।

৬০ বছৰ ধৰি দেশত শাসন কৰাৰ পাছত মানুহে বিজেপিক নিৰ্বাচিত কৰাতো কংগ্ৰেছে সহজভাৱে ল'ব পৰা নাই বুলি তেওঁ মন্তব্য কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে কয় যে, পশ্চিমবংগৰ নিৰ্বাচনত বিৰোধীৰ দায়িত্ব পালন কৰা নাই কংগ্ৰেছে । প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়, বিৰোধী হিচাপে কংগ্ৰছে জনসাধাৰণৰ কল্যাণৰ বিষয়বোৰ দৃঢ়ভাৱে পৰ্যালোচনা কৰা উচিত । কিন্তু তেওঁলোকে এয়া কৰা নাই ।

আনহাতে, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে (Prahlad Joshi) মঙলবাৰৰ সংসদীয় দলৰ বৈঠকৰ বিষয়ে অৱগত কৰি কয় যে, প্ৰধানমন্ত্ৰীয়ে বিৰোধীৰ মনোভাৱৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিশেষকৈ কংগ্ৰেছ সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ষমতা কংগ্ৰছৰ অধিকাৰ আৰু এই মানসিকতা অনুসৰিয়েই দলটোৱে কাম কৰে বুলি তেওঁ ভাৱে । প্ৰধানমন্ত্ৰীয়ে সংসদত সকলো বিষয়ৰে আলোচনা ফলপ্ৰসু হোৱাটো বিচাৰে ।

কংগ্ৰেছে সদনত দায়িত্বহীন আচৰণ প্ৰদৰ্শন কৰিছে বুলি কটাক্ষ কৰে প্ৰহ্লাদ যোশীয়ে। প্ৰতিষেধকেই হওঁক অথবা কল্যাণমূলক আঁচনিয়েই হওঁক, বিজেপি সাংসদসকলক সকলো তথ্য নিশ্চিত কৰিবলৈ কোৱা হৈছে । বৰ্তমানলৈকে ৪১ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে । দিল্লীৰ ফ্ৰণ্টলাইন যোদ্ধাসকলৰ টীকাকৰণ সম্পূৰ্ণ নোহোৱা বাবেও প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰিছে বুলি প্ৰহ্লাদ যোশীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক:সংসদৰ বৰ্ষাকালীন অধিৱেশন: বিজেপিৰ সংসদীয় দলৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.