নিউজ ডেস্ক, ৯ এপ্ৰিল : দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কৰ্ণাটকৰ বান্দিপুৰ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত উপস্থিত হয় (PM Modi at Bandipur Tiger Reserve in Karnataka) । তাত তেওঁ সংৰক্ষণ প্ৰচেষ্টাত জড়িত আগশাৰীৰ ক্ষেত্ৰ কৰ্মচাৰী আৰু আত্মসহায়ক গোটসমূহৰ সৈতে বাৰ্তালাপ কৰিব । তাৰ পিচত তেওঁ মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ (Mudumalai Tiger Reserve) থেপ্পাকাডু হস্তী শিবিৰো (Theppakadu Elephant camp) পৰিদৰ্শন কৰি হস্তী শিবিৰৰ মাউত আৰু হস্তী তদাৰকসকলৰ সৈতে বাৰ্তালাপ কৰিব ।
আনহাতে, তেওঁ শেহতীয়াকৈ সমাপ্ত হোৱা ব্যৱস্থাপনা কাৰ্যকৰিতা মূল্যায়ন অনুশীলনৰ পঞ্চম চক্ৰত সৰ্বাধিক নম্বৰ লাভ কৰা বাঘ সংৰক্ষণৰ ক্ষেত্ৰ পৰিচালকসকলৰ সৈতেও বাৰ্তালাপ কৰিব । প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মতে, প্ৰধানমন্ত্ৰী মোডীয়ে তাত ইণ্টাৰনেশ্যনেচ বিগ কেটছ এলায়েন্স (International Big Cats Alliance, IBCA) মুকলি কৰিব (Modi launch International Big Cats Alliance) । উল্লেখযোগ্য যে ২০১৯ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী মোডীয়ে এছিয়াত চোৰাং চিকাৰৰ চাহিদা বিলুপ্ত কৰিবলৈ আৰু অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায় (illegal wildlife trade in Asia) দৃঢ়তাৰে নিয়ন্ত্ৰণ কৰিবলৈ বিশ্ব নেতাসকলৰ মিত্ৰজোঁটৰ আহ্বান জনাইছিল ।
-
PM Modi arrives at Bandipur Tiger Reserve in Karnataka
— ANI Digital (@ani_digital) April 9, 2023 " class="align-text-top noRightClick twitterSection" data="
Read @ANI Story | https://t.co/rXMThnvbTx#PMModi #Karnataka #bandipurtigerreserve pic.twitter.com/0UHqV8URS5
">PM Modi arrives at Bandipur Tiger Reserve in Karnataka
— ANI Digital (@ani_digital) April 9, 2023
Read @ANI Story | https://t.co/rXMThnvbTx#PMModi #Karnataka #bandipurtigerreserve pic.twitter.com/0UHqV8URS5PM Modi arrives at Bandipur Tiger Reserve in Karnataka
— ANI Digital (@ani_digital) April 9, 2023
Read @ANI Story | https://t.co/rXMThnvbTx#PMModi #Karnataka #bandipurtigerreserve pic.twitter.com/0UHqV8URS5
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে আইবিচিএয়ে বিশ্বৰ সাতবিধ মুখ্য 'বৃহৎ মেকুৰী' প্ৰজাতিৰ (major big cats of world) প্ৰাণী বাঘ, সিংহ, নাহৰফুটুকী, বগা নাহৰফুটুকী, ঘোং, লতামাকৰী আৰু চিতাৰ সুৰক্ষা আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী মোডীয়ে 'বাঘৰ ৫০ বছৰীয়া স্মৰণীয় অনুষ্ঠান'টোও (Commemoration of 50 years of Project Tiger) উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰী কাৰ্যসূচীৰ সময়ত তেওঁ 'বাঘ সংৰক্ষণৰ বাবে অমৃত কালৰ ভিজন' (Amrit Kaal Ka Vision for Tiger Conservation) নামৰ প্ৰকাশনসমূহ উন্মোচন কৰিব ।
এই প্ৰকাশনসমূহ হৈছে ব্যাঘ্ৰ সংৰক্ষণৰ ব্যৱস্থাপনা কাৰ্যকৰী মূল্যাঙ্কনৰ পঞ্চম চক্ৰৰ সাৰাংশ প্ৰতিবেদন, বাঘৰ সংখ্যা ঘোষণা কৰা আৰু সৰ্বভাৰতীয় বাঘ অনুমানৰ (পঞ্চম চক্ৰ) সাৰাংশ প্ৰতিবেদন (All India Tiger Estimation) । প্ৰধানমন্ত্ৰী মোডীয়ে ব্যাঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে এটা স্মাৰক মুদ্ৰাও মুকলি কৰিব (commemorative coin on 50 years of Project Tiger) ।
লগতে পঢ়ক: PM Modi selfie: চেন্নাইত বিশেষভাৱে সক্ষম বিজেপি কৰ্মীৰে প্ৰধানমন্ত্ৰীৰ বিশেষ ছেলফি !