ETV Bharat / bharat

PM Kisan 14th Installment Released: প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ চতুৰ্দশ কিস্তি মুকলি - প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ চতুৰ্দশ কিস্তি। ইয়াৰ লগে লগে প্ৰায় ৮.৫ কোটি কৃষকৰ একাউণ্টত ২০০০ টকা আবণ্টন দিয়া হ’ল। এই হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব? জানিবলৈ সম্পূৰ্ণ খবৰ পঢ়ক...

PM Kisan 14th Installment Released
কিষাণ সন্মান নিধিৰ চতুৰ্দশ কিস্তি মুকলি
author img

By

Published : Jul 27, 2023, 10:00 PM IST

নিউজ ডেস্ক, 27 জুলাই : প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ চতুৰ্দশ কিস্তি । ইয়াৰ লগে লগে ২০০০ টকা ৮ কোটিৰো অধিক কৃষকৰ একাউণ্টত সোমাই পৰিছে । ডিবিটিৰ জৰিয়তে মুঠ ১৭০০০ কোটি টকা কৃষকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে । চৰকাৰে কৃষকৰ একাউণ্টত বছৰি ৬০০০ টকা তিনিটা কিস্তিত দিয়ে । যদিও একাংশ কৃষক এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হৈছে । তালিকাত আপোনাৰ নাম আছে নে নাই জানিবলৈ তালিকাখন এনেদৰে পৰীক্ষা কৰক ।

তালিকাত নাম পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া

প্ৰথমে প্ৰধানমন্ত্ৰী কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisn.gov.in চাওক ।

ইয়াত farmers corner ৰ শিতানলৈ গৈ হিতাধিকাৰী তালিকাত ক্লিক কৰক ।

কৃষকৰ ৰাজ্য, জিলা, তহচিল, ব্লক আৰু গাঁৱৰ নাম লিখি Get Report ত ক্লিক কৰক ।

ইয়াৰ পিছত খোল খাব পৰা তালিকাখনত আপোনাৰ নামটো পৰীক্ষা কৰক ।

কিস্তি পোৱাত কোনো সমস্যা হ'লে বা পিএম কিষাণ যোজনাৰ লগত জড়িত কোনো সমস্যা হ’লে কৃষকসকলে অফিচিয়েল ইমেইল id pmkisan-ict@gov.in ত যোগাযোগ কৰিব পাৰে । ইয়াৰ উপৰিও কিষাণ যোজনাৰ হেল্পলাইন নম্বৰ ১৫৫২৬১ বা ১৮০০১১৫৫২৬ (টোল ফ্ৰী) বা ০১১-২৩৩৮১০৯২ নম্বৰত যোগাযোগ কৰিও আপোনাৰ সমস্যাৰ সমাধান পাব পাৰে ।

এই কৃষকসকলে Pm kisan Yojana ৰ সুবিধা নাপালে, e-kyc আৰু PM Kisan Samman Nidhi Yojana ৰ সুবিধা ল'বলৈ ভূমি পৰীক্ষণ কৰাটো প্ৰয়োজনীয় কৰি তোলা হৈছে । সেয়ে এই কাম নকৰা কৃষকৰ নাম কিষাণ যোজনাৰ হিতাধিকাৰী তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৃহৎ সংখ্যক কৃষক এই সুবিধাৰ পৰা বঞ্চিত হৈছে ।

লগতে পঢ়ক : Physical cruelty against children : দেশৰ চাইল্ডকেয়াৰ কেন্দ্ৰতে সুৰক্ষিত নহয় শিশু !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.