ETV Bharat / bharat

'ৰাষ্ট্ৰীয় খোৱাৰ যোগ্য তেল মিছন-অইল পাম' ঘোষণা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Aug 9, 2021, 8:28 PM IST

খেজুৰ তেলৰ উপৰিও ৰন্ধন কাৰ্যত ব্যৱহৃত বিভিন্ন তেল ভাৰততে প্ৰস্তুত কৰি দেশক এই ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যেৰে এক অভিযান আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । সোমবাৰে তেওঁ এই 'ৰাষ্ট্ৰীয় খোৱাৰ যোগ্য তেল মিছন-অইল পাম'(NMEO-OP) শীৰ্ষক অভিযানৰ বিষয়ে ঘোষণা কৰে ।

Narendra Modi has announced National Edible Oil Mission Oil Palm
'ৰাষ্ট্ৰীয় খোৱাৰ যোগ্য তেল মিছন-অইল পাম' ঘোষণা প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক, ৯ আগষ্ট : ৰন্ধন কাৰ্যত ব্যৱহৃত তেলৰ আমদানি হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বিশেষ ঘোষণা কৰে । 'ৰাষ্ট্ৰীয় খোৱাৰ যোগ্য তেল মিছন-অইল পাম' ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । খেজুৰ তেলৰ উপৰিও ৰন্ধন কাৰ্যত ব্যৱহৃত বিভিন্ন তেল ভাৰততে প্ৰস্তুত কৰি দেশক এই ক্ষেত্ৰত স্বাৱলম্বী কৰি তোলাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে ।

সোমবাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনা বিষয়ক এক ভাৰ্চুৱেল অনুষ্ঠানত অংশ লৈ তেওঁ কয় যে, এডিবল অইল ইক' ছিষ্টেমত ১১,০০০ কোটিৰো অধিক টকা বিনিয়োগ কৰা হ'ব । প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত ৯.৭৫ কোটিৰো অধিক কৃষকৰ একাউণ্টলৈ ১৯,৫০০ কোটিৰো অধিক টকা স্থানান্তৰ কৰিছে ।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত চাউল, ঘেঁহু আৰু চেনী উৎপাদনত আত্মনিৰ্ভৰ হৈছে যদিও এয়া পৰ্যাপ্ত নহয় । কিয়নো দেশ এতিয়াও খোৱা তেলৰ বৃহৎ আমদানিৰ ওপৰত নিৰ্ভৰশীল । মোডীয়ে কয় যে, ভাৰতে খোৱা তেলৰ ক্ষেত্ৰতো আত্মনিৰ্ভৰশীল হ'ব লাগিব আৰু সেয়ে, এন এম ই অ'-অ'পি ঘোষণা কৰা হৈছে ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, খেতিয়কসকলে খেজুৰ তেল আৰু অন্যান্য তেল বীজ উৎপাদন কৰাৰ ক্ষেত্ৰত উন্নত মানৰ বীজৰ পৰা প্ৰয়োজনীয় প্ৰযুক্তিলৈকে সকলো সুবিধা লাভ কৰাটো চৰকাৰে নিশ্চিত কৰিব । উল্লেখ্য যে, ঘৰুৱা চাহিদা পূৰণৰ বাবে ভাৰত খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰশীল । মুঠ আমদানিৰ ভিতৰত, খেজুৰ তেল প্ৰায় ৫৫ শতাংশ ।

দেশখনে খোৱা তেল আমদানিৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰে বুলিও প্ৰধানমন্ত্ৰী মোডী জনায় । তেওঁ লগতে কয় যে, আমদানিৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ পৰিৱৰ্তে এই ধন কৃষকসকলে লাভ কৰা উচিত, যাতে তেওঁলোকে অধিক উৎপাদন কৰাত সহায়ক হয় । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰ-পূৱৰ ৰাজ্যসমূহ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত খেজুৰ খেতি বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি ।

লগতে পঢ়ক : আজি বিশ্ব আদিবাসী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.