ETV Bharat / bharat

বিধানসভালৈ একেলগে শহুৰ-জোঁৱাই

শীঘ্ৰেই কেৰালা বিধানসভাত একেলগে দেখিবলৈ পোৱা যাব শহুৰ আৰু জোঁৱাইক । এক নতুন অধ্যায়ৰ সূচনা কৰিব তেওঁলোকৰ উপস্থিতিয়ে । ৰাইজৰ স্বাৰ্থত একেলগে কাম কৰি যোৱাৰ পৰিকল্পনা কৰিছে দুয়োগৰাকীয়ে । কিন্তু কোন এই শহুৰ-জোঁৱাই ? জানো আহক ।

Father in law and son in law in Kerala Assembly
কেৰালা বিধানসভাত একেলগে দেখা পোৱা যাব শহুৰ আৰু জোঁৱাইক
author img

By

Published : May 3, 2021, 5:15 PM IST

নেশ্যনেল ডেস্ক,৩ মে': শহুৰ হৈছে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন । আনহাতে, জোঁৱাই হৈছে ডেমক্ৰেটিক য়ুথ ফেডাৰেছনৰ ৰাষ্ট্ৰীয় সভাপতি তথা বেইপ'ৰেৰ বিজয়ী প্ৰাৰ্থী পি এ মহম্মদ ৰিয়াজ । নতুন চৰকাৰ গঠনৰ বাবে একেলগে সাজু হৈছে শহুৰ-জোঁৱাই । ৰিয়াজ হৈছে বিজয়নৰ কন্যা বীণাৰ স্বামী ৷

এইবাৰ বিধানসভা নিৰ্বাচনত গৃহ সমষ্টি কন্নুৰ জিলাৰ ধৰ্মাদমৰ পৰা ৫০ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়ী হৈছে পিনাৰায়ী বিজয়ন । ইফালে, ৪৪ বছৰীয়া পি এ মহম্মদ ৰিয়াজ বাওঁপন্থীৰ দুৰ্গ কোজিকোডৰ বেইপ'ৰেৰ পৰা নিৰ্বাচিত হৈছে । যদিও বিগত বছৰবোৰত বহু ৰাজনীতিবিদক নিজ কন্যাৰ সৈতে সদনত উপস্থিত থকা দেখা গৈছিল ৷ কিন্তু প্ৰথমবাৰৰ বাবে এইবাৰ সদনত একেলগে উপস্থিত থাকিব শহুৰ আৰু জোঁৱাই ।

২০০৯ চনৰ বিধানসভা নিৰ্বাচনতো কোজিকোডৰ পৰা ৰিয়াজে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেওঁ পৰাজিত হৈছিল । ২০২০ চনৰ ১৫ জুনত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ক্লিফ হাউচত বীণা আৰু ৰিয়াজৰ বিবাহ সম্পন্ন হয় । উল্লেখ্য যে, ৰাজ্যখনৰ আন আন ৰাজনীতিবিদসকলৰ আত্মীয়ও যোৱা ৬ এপ্ৰিলত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও তেওঁলোকৰ বহুতেই বিফল হৈছিল ।

কেৰালাৰ কংগ্ৰেছৰ(এম)ৰ মুৰব্বী জোছ কে মণি আৰু তেওঁৰ ভগ্নীৰ স্বামী এম পি জোছেফে ক্ৰমে পালা আৰু ত্ৰিক্কাৰীপুৰৰ পৰা যুঁজ দিছিল । কেৰালা কংগ্ৰেছৰ অধ্যক্ষ পি জে জোছেফে থোডুপুঝা সমষ্টিত জয়ী হয় । আনহাতে, তেওঁৰ জোঁৱাই ড০ জোছেফে কোঠামংগলম সমষ্টিত পৰাজিত হয় ।

প্ৰয়াত মুখ্যমন্ত্ৰী কে কৰুণাকৰণৰ সন্তান তথা কংগ্ৰেছ নেতা কে মুৰলীধৰণ আৰু পদ্মজা বেণুগোপালে ক্ৰমে নেমোম আৰু ত্ৰিচুৰত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰিবলগীয়া হয় । আনহাতে, ১৪০ খন আসনৰ ভিতৰত ২০ খনৰো অধিক আসনত চিপিআই(এম)নেতৃত্বাধীন এলডিএফ আৰু বিৰোধী কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কসকলৰ সন্তানে প্ৰতিদ্বন্দ্বিতা কৰিছিল ।

লগতে পঢ়ক: অৱশেষত নিলম্বন কৰা হ'ল পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ যাদৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.