ETV Bharat / bharat

পুনৰ আৰম্ভ বৈষ্ণো দেৱী মন্দিৰ যাত্ৰা - Mata Vaishno Devi shrine officials

ত্ৰিকুটা পাহাৰৰ বিখ্যাত মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যাত্ৰা পুনৰ আৰম্ভ হৈছে । এই বিষয়ে সদৰী কৰিছে শ্ৰীমাতা বৈষ্ণো দেৱী শ্ৰাইন ব'ৰ্ডে(Mata Vaishno Devi shrine officials)।

Mata Vaishno Devi shrine officials
পুনৰ আৰম্ভ বৈষ্ণো দেৱী মন্দিৰ যাত্ৰা
author img

By

Published : Aug 20, 2022, 1:34 PM IST

নেচনেল ডেস্ক, ২০ আগষ্ট: জম্মু-কাশ্মীৰৰ ৰিয়াচি জিলাৰ ত্ৰিকুটা পাহাৰস্থিত বিখ্যাত মাতা বৈষ্ণো দেৱী মন্দিৰলৈ(Mata Vaishno Devi shrine)দৰ্শনাৰ্থীৰ যাত্ৰা শনিবাৰে পুৱাৰে পৰা পুনৰ আৰম্ভ হৈছে(jk vaishno devi pilgrimage)। উল্লেখ্য় যে ধাৰাসাৰ বৰষুণৰ বাবে দৰ্শনাৰ্থীৰ যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছিল। ফলত বহুতো তীৰ্থযাত্ৰীয়ে ধাৰাসাৰ বৰষুণৰ মাজত দৰ্শন অবিহনে শিবিৰলৈ উভতি আহিবলগীয়া হৈছিল । এই বিষয়ে সদৰি কৰিছে শ্ৰীমাতা বৈষ্ণো দেৱী শ্ৰাইন ব'ৰ্ডে(Mata Vaishno Devi shrine officials)।

উল্লেখ্য় যে ত্ৰিকুটা পাহাৰত ধাৰাসাৰ বৰষুণৰ পিছত শুক্ৰবাৰে সন্ধিয়া তীৰ্থযাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হৈছিল । হাজাৰ হাজাৰ তীৰ্থযাত্ৰী মন্দিৰত উপস্থিত হোৱাৰ পিছতেই সন্ধিয়া ৬ বজাত ধাৰাসাৰ বৰষুণ মাজনিশালৈকে অব্যাহত থাকে । সামাজিক মাধ্য়মত প্ৰকাশ কৰা কেইবাটাও ভিডিঅ'ত বৈষ্ণো দেৱী পথত বানপানীৰ দৰে পৰিস্থিতি দেখুওৱা হৈছে ।

এই প্ৰসংগত শ্ৰীমাতা বৈষ্ণো দেৱী শ্ৰাইন ব'ৰ্ডৰ(Shri Mata Vaishno Devi Shrine Board)মুখ্য কাৰ্যবাহী বিষয়া অংশুল গাৰ্গে কয় যে ধাৰাসাৰ বৰষুণৰ ফলত কোনো লোক হতাহত হোৱা নাই । তদুপৰি ক্ষয়-ক্ষতি হোৱাৰ কোনো তথ্য় পোৱা নাই বুলিও তেওঁ কয় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তীৰ্থস্থান পৰিষদে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত সতৰ্কতামূলক ব্যৱস্থা হিচাপে শুক্ৰবাৰে সন্ধিয়া কাটৰাৰ পৰা যাত্ৰাৰ উৰ্ধমুখী চলাচল বন্ধ কৰিছিল । এই অঞ্চলত থকা যাত্ৰীসকলক শ্ৰাইন ব'ৰ্ডৰ কৰ্মচাৰী,আৰক্ষী আৰু চিআৰপিএফ বিষয়াসকলে সুৰক্ষা প্ৰদানৰ বাবে ব্য়ৱস্থা কৰে । আনকি বেয়া বতৰৰ বাবে হেলিকপ্টাৰ সেৱা স্থগিত ৰখা হৈছে বুলি বিষয়াসকলে কয় ।

ইপিনে,যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা দল(Disaster Management teams)আৰু চিকিৎসা গোটসমূহকো সতৰ্ক কৰি ৰখা হৈছে বুলি উল্লেখ কৰিছে শ্ৰী মাতা বৈষ্ণো দেৱী শ্ৰাইন ব'ৰ্ডে ।

লগতে পঢ়ক:জোনাইত বুঢ়ী সুতিঁ নদীত নিখোজ এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.