ETV Bharat / bharat

বাগদত্তাৰ সৈতে শাৰীৰিক সম্পৰ্কক ধৰ্ষণ হিচাপে গণ্য কৰা হ’ব: দিল্লী উচ্চ ন্যায়ালয়

author img

By

Published : Oct 7, 2022, 8:08 AM IST

দিল্লী উচ্চ ন্যায়ালয়ৰ (Delhi High Court) ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই এক জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে কাৰোবাক বাগদান কৰিলেই যৌন সম্পৰ্কৰ অনুমতি প্ৰদান কৰিব নোৱাৰি (Physical relation with fiancee) ৷ বাগদত্তাৰ সৈতে শাৰীৰিক সম্পৰ্কক ধৰ্ষণ হিচাপেও গণ্য কৰা হ’ব পাৰে ৷

physical-relationship-with-fiancee-will-be-treated-as-rape-delhi-high-court
বাগদত্তাৰ সৈতে শাৰীৰিক সম্পৰ্কক ধৰ্ষণ হিচাপে গণ্য কৰা হ’ব- দিল্লী উচ্চ ন্যায়ালয়

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: বাগদত্তাৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পূৰ্বে বাৰম্বাৰ ভাবক ৷ বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ (Delhi High Court) ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই এক জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে কাৰোবাক বাগদান কৰিলেই যৌন সম্পৰ্কৰ অনুমতি প্ৰদান কৰিব নোৱাৰি (Physical relation with fiancee) ৷ বাগদত্তাৰ সৈতে শাৰীৰিক সম্পৰ্কক ধৰ্ষণ হিচাপেও গণ্য কৰা হ’ব পাৰে ৷

ঘটনা অনুসৰি শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালত এগৰাকী মহিলাই বাগদত্তাৰ হাতত ধৰ্ষণৰ বলি হোৱাৰ লগতে শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হোৱাৰ খবৰ পোহৰলৈ আহিছে (Physical relation with fiancee treated as rape )৷ 2020 চনত এগৰাকী মহিলাই অভিযুক্ত বাগদত্তাজনক প্ৰথমবাৰ লগ পাইছিল ৷ তাৰ পিছতেই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হ’ল ৷ এবছৰৰ প্ৰেমৰ সম্পৰ্কৰ পিছত 2021 চনৰ 11 অক্টোবৰত পৰিয়ালৰ সন্মতিক্ৰমে দুয়োৰে বাগদান হৈছিল ৷

কিন্তু বাগদানৰ চাৰিদিনৰ পিছতেই যুৱকজনে যুৱতীগৰাকীৰ লগত জোৰ জবৰদস্তি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে ৷ তেওঁ যুৱতীগৰাকীক আশ্বাস দিছিল যে যিহেতু তেওঁলোকে সোনকালেই বিবাহপাশত আবদ্ধ হ’ব, সেয়েহে তেওঁলোকে কোনোধৰণৰ ভুল কাম কৰা নাই ৷ ইয়াৰ পিছতে যুৱকজনে যুৱতীগৰাকীৰ লগত বাৰে বাৰে শাৰীৰিক সম্বন্ধ স্থাপন কৰে ৷ সেই সময়ছোৱাত যুৱতীগৰাকী গৰ্ভৱতীও হৈছিল ৷ যুৱকজনে তেওঁক গৰ্ভপাতৰ বাবে টেবলেতো খুৱাইছিল ৷

এই সকলোবোৰ দেখি অৱশেষত যুৱতীগৰাকীয়ে 2022 চনৰ 9 জুলাইত যুৱকজনৰ ঘৰলৈ একেবাৰে গুচি যায় ৷ কিন্তু এইবাৰ যুৱকজনৰ পৰিয়ালে যুৱতীগৰাকীক বিয়াৰ বাবে অস্বীকাৰ কৰে ৷ যুৱতীগৰাকীয়ে যুৱকজনক বাৰে বাৰে কাকুতি মিনতি কৰাৰ পিছতো ঘৰৰ লোকৰ সৈতে লগ হৈ যুৱকজনে বিয়াৰ বাবে অমান্তি হয় ৷

উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে 16 জুলাইত যুৱকজনৰ বিৰুদ্ধে দক্ষিণ দিল্লীত এটা গোচৰ ৰুজু কৰে ৷ যোৱা 22 জুলাইত যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল ৷ শেহতীয়াকে আদালতে যুৱকজনৰ জামিন আবেদন নাকচ কৰে ৷ ইফালে যুৱকজনৰ হৈ প্ৰতিৰক্ষাৰ অধিবক্তাজনে যুৱতীগৰাকীৰ হাতত কোনো প্ৰমাণ নাই বুলি অভিযোগ উত্থাপন কৰিছিল ন্যায়ালয়ত ৷

কিন্তু ন্যায়ালয়ে অভিযুক্তক জামিন দিয়া উচিত নহয় বুলি পুনৰ দ্বিতীয়বাৰ জামিন আবেদন খাৰিজ কৰে ৷

লগতে পঢ়ক: ডুবাইৰ চিত্ৰশিল্পীৰ হাতৰ পৰশত উজলিছে প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.