ETV Bharat / bharat

PhD in Mathematics without PG: স্নাতকোত্তৰ ডিগ্ৰী অবিহনেই গণিতত পিএইচ ডি

author img

By

Published : Jul 11, 2022, 2:09 PM IST

প্ৰায়ভাগ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত পিএইচ ডিৰ বাবে সাজু হয় । পিছে কিছুমানৰ ভাগ্য়তহে এয়া সম্ভৱ । তদুপৰি বহুতৰে ইচ্ছা থাকে যদিও কিছুমান নিয়মৰ বাবে থমকি ৰ'ব লগীয়া হয় । বিশেষকৈ আইআইটি অথবা বিশ্ববিদ্যালয়সমূহত গণিতত পিএইচ ডি কৰাৰ ক্ষেত্ৰত এনে সমস্য়াৰ উদ্ভৱ হোৱা দেখা যায়। অৱশ্য়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি-2020 সম্পূৰ্ণৰূপে ৰূপায়ণ হোৱাৰ পাছত এনে সমস্য়াৰ উদ্ভৱ নহ’ব(National Education Policy 2020)।

u
PhD in Mathematics: স্নাতকোত্তৰ ডিগ্ৰী অবিহনেই গণিতত পিএইচ ডি

নেচনেল ডেস্ক,১১জুলাই: প্ৰায়ভাগ মেধাবী ছাত্ৰ-ছাত্ৰীয়ে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত পিএইচ ডিৰ বাবে সাজু হয় । পিছে কিছুমানৰ ভাগ্য়তহে এয়া সম্ভৱ । তদুপৰি বহুতৰে ইচ্ছা থাকে যদিও কিছুমান নিয়মৰ বাবে থমকি ৰ'বলগীয়া হয় । বিশেষকৈ আই আইটি অথবা বিশ্ববিদ্যালয়সমূহত গণিতত পিএইচ ডি কৰাৰ ক্ষেত্ৰত এনে সমস্য়াৰ উদ্ভৱ হোৱা দেখা যায় । অৱশ্য়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি-2020 সম্পূৰ্ণৰূপে ৰূপায়ণ হোৱাৰ পাছত এনে সমস্য়াৰ উদ্ভৱ নহ‘ব (National Education Policy 2020)।

সাম্প্ৰতিক সময়ত, সমগ্ৰ বিশ্বতে বহুমুখী গৱেষণাত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । কিন্তু আমাৰ দেশৰ আই আই টি অথবা বিশ্ববিদ্যালয়সমূহত গণিতত পিএইচ ডি কৰাৰ ক্ষেত্ৰত কিছু কঠোৰ নিয়ম বান্ধি দিয়া হৈছে (PhD in Mathematics without PG)। বৰ্তমানৰ প্ৰচলিত নিয়ম অনুসৰি,গণিতত পিএইচ ডি কৰিবলৈ গণিতত এমএছচি অথবা এমএ কৰিব লাগিব । যদি ৰাষ্ট্ৰীয় শিক্ষা নীতি-2020 সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা হয়, তেন্তে এই ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিব । ৰাষ্ট্ৰীয় শিক্ষা নীতি-2020 সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ পাছত এইক্ষেত্ৰত শিথিলতা প্ৰদান কৰিলে বি টেক (B Tech) ডিগ্ৰীৰ লগতে যিসকলে গণিত বিষয়ত ভালদৰে দক্ষসকলে টাটা গৱেষণা প্ৰতিষ্ঠান, চেন্নাই গাণিতিক প্ৰতিষ্ঠান আৰু গাণিতিক বিজ্ঞান প্ৰতিষ্ঠানৰ দৰে কেইখনমান গৱেষণা প্ৰতিষ্ঠানত গণিতত পিএইচডি কৰিবলৈ সুযোগ লাভ কৰিব পাৰিব (Tata Institute of Fundamental Research, Chennai Mathematical Institute, The Institute of Mathematical Sciences)।

অৱশ্যে এইক্ষেত্ৰত প্ৰৱেশ পৰীক্ষা/সাক্ষাৎকাৰত এমএছচি/এমএ গণিতৰ শিক্ষাৰ্থীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব । এইখিনিতে উল্লেখ কৰিব পাৰি যে বিদেশৰ বহু ঠাইত চাৰি বছৰৰ ডিগ্ৰী লাভ কৰাৰ পিছত স্নাতকোত্তৰ ডিগ্ৰী লাভ নকৰাকৈ পচন্দৰ বিষয়ত পিএইচ ডি কৰাটো সম্ভৱ ।

লগতে পঢ়ক:Sidhu Moosewala murder: আজি আদালতত হাজিৰ কৰোৱা হ’ব হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড লৰেন্সক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.