ETV Bharat / bharat

পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য - পেট্ৰ'লৰ মূল্য

বিগত এসপ্তাহ দেশত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য ৷ মঙলবাৰ আৰু বুধবাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ কোনো ধৰণৰ সালসলনি হোৱা নাছিল ৷ কিন্তু ইয়াৰ মাজতে বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

Petrol diesel prices rise after two day pause
পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য
author img

By

Published : Oct 14, 2021, 2:22 PM IST

নিউজ ডেস্ক, 14 অক্টোবৰ : বৃহস্পতিবাৰে পুনৰ সমগ্ৰ দেশতে বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৷ ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'ল আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ০.৩৫ পইচা বৃদ্ধি পাইছে ৷ ইয়াৰ লগতে দিল্লীত প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য ১০৪.৭৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছে প্ৰতি লিটাৰত ৯৩.৫২ টকা ।

ভাৰতৰ বিত্তীয় ৰাজধানী হিচাপে জনাজাত মুম্বাইত পেট্ৰ'লৰ মূল্য ০.৩৪ টকা বৃদ্ধি হৈ প্ৰতি লিটাৰৰ মূল্য হয়গৈ ১১০.৭৫ টকা আৰু ডিজেলৰ মূল্য ০.৩৭ টকা বৃদ্ধি হৈ প্ৰতি লিটাৰত ১০১.৪ টকা হয় । একেদৰে মধ্য প্ৰদেশৰ ভূপালত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হয় ক্ৰমে ১১৩.৩৭ টকা আৰু ১০২.৬৬ টকা, পশ্চিমবংগৰ কলকাতাত ক্ৰমে ১০৫.৪৩ টকা আৰু ৯৬.৬৩ টকা আৰু চেন্নাইত ক্ৰমে ১০২.১০ টকা আৰু ৯৭.৯৩ টকা ।

উল্লেখ্য যে, তৈল কোম্পানীবোৰে বিগত সপ্তাহৰ পৰা পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ আৰম্ভ কৰিছিল ৷ বিগত এসপ্তাহ ধাৰাবাহিকভাবে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ পাছত ১২ অক্টোবৰ আৰু ১৩ অক্টোবৰত কোনো মূল্য বৃদ্ধি হোৱা নাছিল ৷ দুদিন বিৰতিৰ পাছত বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পাই পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

লগতে পঢ়ক : এসপ্তাহত ধাৰাবাহিকভাৱে বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.