নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী: দেশজুৰি পেট্ৰ'ল, ডিজেলৰ আকাশলংঘী মূল্যৰ পাচতে বুধবাৰেও ইয়াৰ কোনোধৰণৰ পৰিৱৰ্তন হোৱা পৰিলক্ষিত নহ'ল । তৈল কোম্পানীয়ে একেৰাহে সপ্তম দিনাও ইয়াৰ মূল্যক কোনো পৰিৱৰ্তন কৰা পৰিলক্ষিত নহ'ল ।
বুধবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮৬.৩০ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৭৬.৪৮ টকা । মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯২.৮৬ আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮৩.৩০ টকা, আনহাতে চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ বিক্ৰী মূল্য ৮৮.৮২ আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৮১.৭১ টকা, কলকাতাত ৮৭.৬৯ টকা প্ৰতি লিটাৰত আৰু প্ৰতি লিটাৰ ডিজেল ৮০.০৮ টকা ।
জানুৱাৰী মাহত দুটা অটো ইন্ধন প্ৰতি লিটাৰৰ মূল্য ক্ৰমে ২.৫৯ টকা আৰু ২.৬১ টকা বৃদ্ধি পোৱাত পেট্ৰ'ল, ডিজেলৰ মূল্য দহগুণে বৃদ্ধি পাইছে । যাৰফলত সমগ্ৰ দেশজুৰি পেট্ৰ'ল, ডিজেলৰ আকাশলংঘী মূল্যই দেশবাসীক জ্বলাকলা খুৱাইছে । পেট্ৰ'ল, ডিজেলৰ কেন্দ্ৰীয় কৰ বৃদ্ধি পোৱাৰ ফলতে ইয়াৰ মূল্য়বৃদ্ধি হৈছে । বাজেটত এক নতুন কৃষি আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত কৰ বৃদ্ধি কৰিছে ।
বিগত বৰ্ষৰ ৭ ডিচেম্বৰত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮৩.৭১ টকা আছিল । এই মূল্যই সৰ্বকালৰ সকলো ৰেকৰ্ড ভংগৰ দিশে উপক্ৰম হৈছিল । ২০১৮ চনৰ ৪ অক্টোবৰত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮৪ টকা আছিল । কিন্তু পুনৰ ৬ জানুৱাৰীৰ পৰা ইয়াৰ মূল্য বৃদ্ধি হয় । অনাগত দিনত ইয়াৰ মূল্য আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে তৈল কোম্পানীৰ বিষয়াসকলে ।
লগতে পঢ়ক:আহমেদাবাদত ভয়ংকৰ অগ্নিকাণ্ড