ETV Bharat / bharat

দেশত একেৰাহে চতুৰ্থ দিনাও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

author img

By

Published : Oct 17, 2021, 10:55 AM IST

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সম্প্ৰতি সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে । প্ৰতিদিনে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিত চিন্তিত হৈ পৰিছে দেশৰ জনসাধাৰণ । চৰকাৰৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত ৰাইজ তথা দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

Petrol and diesel price
দেশত একেৰাহে চতুৰ্থ দিনাও বাঢ়িল পেট্ৰ'ল ডিজেলৰ মূল্য

নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ : দেশত বৃদ্ধি হৈয়ে আছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ মূল্য প্ৰতিদিনে আকাশলংঘী হৈছে । দেওবাৰেও পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে । তেল কোম্পানীবোৰে দেওবাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৩৪ পইচাৰ পৰা ৩৫ পইচা পৰ্যন্ত বৃদ্ধি কৰিছে ।

কেৱল অক্টোবৰ মাহতে পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈছে ৪.১০ টকা ৷ আনহাতে ডিজেলৰ মূল্য ৪.৩৫ টকাৰো অধিক বৃদ্ধি হৈছে । শেহতীয়া তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০৫.৮৪ টকা আৰু মায়ানগৰী মুম্বাইত প্ৰতি লিটাৰত ১১১.৭৭ টকা স্পৰ্শ কৰিছে । মুম্বাইত এতিয়া ডিজেলৰ প্ৰতি লিটাৰত ১০২.৫২ টকা আনহাতে দিল্লীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৪.৫৭ টকা ।

পেট্ৰ'ল আৰু ডিজেলৰ মূল্যই এতিয়া সাধাৰণ ৰাইজক বিভিন্ন ধৰণে অসুবিধাত পেলাইছে । ইন্ধনৰ মূল্যবৃদ্ধিক লৈ ৰাইজে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

ভাৰতৰ মুখ্য চহৰসমূহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য :

চহৰখনৰ নাম
পেট্ৰ'ল
ডিজেল
দিল্লী ১০৫.৮৪ ৯৪. ৫৭
মুম্বাই ১১১.৭৭১০২.৫২
কলকাতা ১০৬.৪৫ ৯৭.৮৮
চেন্নাই ১০৩.০৫ ৯৮.৮২

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধিৰ সৈতে একেৰাহে চতুৰ্থ দিনৰ বাবে বৃদ্ধি হ'ল দুয়োবিধ ইন্ধনজাত সামগ্ৰীৰ মূল্য । দেশৰ বেছিভাগ ঠাইতে সম্প্ৰতি পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ১০০ টকাৰ ওপৰত ৷ আনহাতে মধ্য প্ৰদেশ, ৰাজস্থান, ওড়িশা, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, গুজৰাট, মহাৰাষ্ট্ৰ, ছত্তিশগড় আৰু বিহাৰকে ধৰি ১২ খনৰো অধিক ৰাজ্যত ডিজেলৰ মূল্য প্ৰতি লিটাৰ ১০০ টকা হৈছে । উল্লেখ্য যে স্থানীয় কৰ আৰু মালবাহীৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰাজ্যত ইয়াৰ মূল্য পৃথক হয় ।

  • Prices of petrol and diesel rise by Re 0.35 (at Rs 105.84/litre) and Re 0.35 (at Rs 94.57/litre) respectively in Delhi today

    In Mumbai, petrol is priced at Rs 111.77/litre (up by Re 0.34) and diesel costs Rs 102.52/litre (up by Re 0.37) today pic.twitter.com/cNqotF9rqA

    — ANI (@ANI) October 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰতিদিনে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য আপডেট কৰা হয়

মন কৰিবলগীয়া কথা যে, বৈদেশিক মুদ্ৰা হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য দৈনিক সলনি হয় । তেল বিপণন কোম্পানীবোৰে মূল্য পৰ্যালোচনা কৰাৰ পিছত প্ৰতিদিনে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য নিৰ্ধাৰণ কৰে । ইণ্ডিয়ান অইল (Indian Oil), ভাৰত পেট্ৰ'লিয়াম (Bharat Petroleum) আৰু হিন্দুস্তান পেট্ৰ'লিয়ামৰ (Hindustan Petroleum) দৰে অইল কোম্পানীয়ে প্ৰতিদিনে পুৱা বিভিন্ন চহৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য আপডেট কৰে ।

আপোনাৰ চহৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিবলৈ SMS কৰক

পেট্ৰ'ল আৰু ডিজেলৰ মূল্য দৈনিক সলনি হয় । এই ক্ষেত্ৰত, আপুনি মাত্ৰ এটা এছ.এম.এছ.(SMS)ৰ জৰিয়তে প্ৰতিদিনে আপোনাৰ চহৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য জানিব পাৰে । ইয়াৰ বাবে, ইণ্ডিয়ান অইলৰ (IOCL) গ্ৰাহকসকলে RSP Code লিখি ৯২২৪৯৯২২৪৯ নম্বৰলৈ প্ৰেৰণ কৰিব লাগিব ।

লগতে পঢ়ক: প্ৰিয়ংকা গান্ধীৰ সামৰ্থক লৈ ভয় খাই ৰাহুল গান্ধীয়ে : প্ৰশান্ত কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.