ETV Bharat / bharat

Siddaramaiahs disqualification Petition : অযোগ্যতা আবেদন সন্দৰ্ভত সিদ্দাৰামাইয়ালৈ জাননী কৰ্ণাটক হাইকোৰ্টৰ

author img

By

Published : Jul 28, 2023, 6:11 PM IST

গেৰাণ্টি আঁচনিৰ জৰিয়তে কংগ্ৰেছে ভোটাৰসকলক প্ৰলোভিত কৰিছে । ই উৎকোচ আৰু জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ১২৩ (১) আৰু ধাৰা ১২৩ (২)-ৰ অধীনত ভোটাৰসকলক প্ৰভাৱিত কৰাৰ এক প্ৰয়াস । সেয়েহে বৰুণা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে সিদ্দাৰামাইয়াৰ নিৰ্বাচন অবৈধ বুলি বাতিল কৰিব লাগে । আবেদনখনত কোৱা হৈছে ।

Siddaramaiahs disqualification Petition
Siddaramaiahs disqualification Petition

নিউজ ডেস্ক, ২৮ জুলাই : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়ালৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জাননী । শেহতীয়া নিৰ্বাচনত মহীশূৰৰ বৰুণা সমষ্টিৰ পৰা বিধানসভালৈ সিদ্দাৰামাইয়াৰ নিৰ্বাচনক প্ৰত্যাহ্বান জনোৱা এক আবেদন সন্দৰ্ভত শুকুৰবাৰে এই জাননী জাৰি কৰে ।

ন্যায়াধীশ সুনীল দত্ত যাদৱৰ নেতৃত্বত এখন বিচাৰপীঠে মুখ্যমন্ত্ৰীক জাননী জাৰি কৰে । তাৰ পিছত মহীশূৰৰ বৰুণা হবলিৰ কুদানাহাল্লি গাঁৱৰ বাসিন্দা কে এম শংকৰে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে আৰু এই শুনানি ১ ছেপ্টেম্বৰলৈকে স্থগিত ৰাখে ।

শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তাই কয়, "গেৰাণ্টি আঁচনিৰ জৰিয়তে কংগ্ৰেছে ভোটাৰসকলক প্ৰলোভিত কৰিছে । ই উৎকোচ আৰু জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ১২৩ (১) আৰু ধাৰা ১২৩ (২)-ৰ অধীনত ভোটাৰসকলক প্ৰভাৱিত কৰাৰ এক প্ৰয়াস । ধাৰা ১২৩ (৪)-য়েও প্ৰলোভিত কৰি বিজ্ঞাপন দিয়াটো অপৰাধ হিচাপে গণ্য কৰে । সেয়েহে বৰুণা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে সিদ্দাৰামাইয়াৰ নিৰ্বাচন অবৈধ উপায়েৰে হোৱা নিৰ্বাচন হোৱা বুলি ধৰি বাতিল কৰিব লাগে ।" অধিবক্তাজনে দাবী কৰে ।

লগতে কংগ্ৰেছ দল আৰু প্ৰাৰ্থী সিদ্দাৰামাইয়াই ঘোষণা কৰা গেৰাণ্টি আঁচনিবোৰ এক অৱদান আৰু প্ৰতিশ্ৰুতিৰ ৰূপত আছে । গেৰাণ্টি আঁচনিবোৰ সিদ্দাৰামাইয়াৰ সন্মতিত প্ৰকাশ কৰা হৈছিল । তেওঁলোকে ভোটাৰসকলক বৰুণা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ প্ৰলোভিত কৰিছে । ইয়াৰ দ্বাৰা সিদ্দাৰামাইয়াই নিৰ্বাচনত অনিয়ম কৰিছে । ভোটাৰক কৰা প্ৰলোভন উৎকোচ আৰু দুৰ্নীতিৰ সমান । লগতে এইটো জনপ্ৰতিনিধিত্ব আইনৰ অধীনত এক অপৰাধ আৰু নিৰ্বাচনী আদৰ্শ আচৰণ বিধিৰ স্পষ্ট উলংঘন । সেয়েহে বৰুণা সমষ্টিৰ বিধায়ক হিচাপে সিদ্দাৰামাইয়াৰ নিৰ্বাচন বাতিল কৰিব লাগে বুলি আবেদনখনত অনুৰোধ জনোৱা হৈছে ।

আনহাতে, মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক জাননী জাৰি কৰাৰ পিছত উচ্চ ন্যায়ালয়ে শুনানি স্থগিত ৰাখে । ইয়াৰ পূৰ্বে ২১ জুলাইত আবেদনখনৰ শুনানি গ্ৰহণ কৰা উচ্চ ন্যায়ালয়ে ইয়াক ২৮ জুলাইলৈ স্থগিত ৰাখিছিল ।

লগতে পঢ়ক :Rahul Gandhis Bharat Jodo Yatra 2 : লক্ষ্য ২০২৪ চনৰ নিৰ্বাচন; এইবাৰ ৰাহুলৰ পোৰবন্দৰৰ পৰা আগৰতলালৈ পদযাত্ৰা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.