ETV Bharat / bharat

পেগাচাছ : স্বতন্ত্ৰ তদন্তৰ দাবী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়

পেগাচাছ(PEGASUS) বিতৰ্ক সন্দৰ্ভত বুধবাৰে ৰায়দান কৰিব উচ্চতম ন্যায়ালয়ে । স্বতন্ত্ৰ তদন্তৰ দাবী জনাই দাখিল কৰা আবেদন সন্দৰ্ভত ৰায় দিব সৰ্বোচ্চ ন্যায়ালয়ে । আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই তথ্যত প্ৰকাশ কৰিছিল যে, প্ৰায় ৩০০টা ভাৰতীয় ফোন নম্বৰৰ জৰিয়তে কৰা সকলো কাম-কাজ অবৈধভাৱে পেগাচাছৰ জৰিয়তে নিৰীক্ষণ কৰা হৈছিল ।

Pegasus
পেগাচাছ বিতৰ্কৰ স্বতন্ত্ৰ তদন্তৰ দাবী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়
author img

By

Published : Oct 27, 2021, 1:09 PM IST

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ : পেগাচাছ স্পাইৱেৰ গোচৰৰ স্বতন্ত্ৰ তদন্তৰ দাবী জনাই দাখিল কৰা আবেদন সন্দৰ্ভত বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দান কৰিব । মুখ্য ন্যায়াধীশ এন ভি ৰমানা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে যোৱা ১৩ ছেপ্টেম্বৰত গোচৰটো সন্দৰ্ভত ৰায় সংৰক্ষিত ৰাখি কৈছিল যে আদালতে কেৱল জানিব বিচাৰে যে অভিযোগ উত্থাপিত হোৱাৰ দৰে সঁচাকৈ দেশৰ নাগৰিকসকলৰ ওপৰত চোৰাংচোৱাগিৰি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অবৈধভাৱে পেগাচাছ ছফ্টৱেৰ ব্যৱহাৰ কৰিছিল নেকি । বিচাৰপীঠে মৌখিকভাৱে কৈছিল যে, এই বিষয়টো তদন্ত কৰিবলৈ কাৰিকৰী বিশেষজ্ঞ সমিতি গঠন কৰিব আৰু ইজৰাইলী কোম্পানী এন এছ অ'ৰ ছফ্টৱেৰ পেগাচাছৰ জৰিয়তে একাংশ বিশিষ্ট ভাৰতীয় নাগৰিকৰ ফোন হেক কৰি নিৰীক্ষণ কৰাৰ অভিযোগৰ স্বতন্ত্ৰ তদন্ত বিচাৰি দাখিল কৰা আবেদনৰ সন্দৰ্ভত অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰিব ।

উচ্চতম ন্যায়ালয়ে কৈছিল যে, আদালতে কেইদিনমানৰ ভিতৰত এই সন্দৰ্ভত আদেশ ঘোষণা কৰিব । চৰকাৰে পুনৰ বিতং শপতনামা দিব বিচাৰিলে আদালতে কেন্দ্ৰৰ পক্ষত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক এই বিষয়ে উল্লেখ কৰিবলৈ কৈছিল । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা উল্লেখ কৰি বিতং শপতনামা দাখিল কৰিবলৈ চৰকাৰে অনিচ্ছা প্ৰকাশ কৰিছিল । কিন্তু আদালতে প্ৰশ্ন কৰিছিল যে, পেগাচাছৰ জৰিয়তে কৰা নিৰীক্ষণ আইনী প্ৰক্ৰিয়াৰে কৰা হৈছিল নে নাই ।

এই সন্দৰ্ভত গোপনীয়তা উলংঘন হোৱাৰ অভিযোগ তুলি সাংবাদিক আৰু আন বহু লোক আৰু দল-সংগঠনে প্ৰশ্ন উত্থাপন কৰিছিল । আনহাতে, কেন্দ্ৰীয় চৰকাৰ নিজৰ স্থিতিত অটল আছিল ।

কেন্দ্ৰই পেগাচাছ ব্যৱহাৰ কৰা হৈছিল নে নাই সেই সন্দৰ্ভত বিতং শপতনামা দাখিল কৰিবলৈ অনিচ্ছুক আছিল । কেন্দ্ৰই কাৰণ দৰ্শাইছিল যে, এয়া ৰাজহুৱাকৈ আলোচনা কৰা বিষয় নহয় আৰু এনে আলোচনা 'ৰাষ্ট্ৰীয় সুৰক্ষা'ৰ স্বাৰ্থ বিৰোধী । উল্লেখ্য যে, শীৰ্ষ ন্যায়ালয়ে এই সন্দৰ্ভত দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰি আছে । ইয়াৰ ভিতৰত জ্যেষ্ঠ সাংবাদিক এন ৰাম আৰু শশী কুমাৰৰ লগতে এডিটৰ্ছ গিল্ড অৱ ইণ্ডিয়াৰ তৰফৰ পৰা দাখিল কৰা আবেদন ।

এই আবেদনসমূহৰ জৰিয়তে পেগাচাছ বিতৰ্কৰ স্বতন্ত্ৰ তদন্তৰ দাবী জনোৱা হৈছে । আনহাতে, যোৱা ১৯ জুলাইত কংগ্ৰেছে দাবী কৰিছিল যে, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ লগতে আন কেইবাজনো বিৰোধী নেতা, সংবাদ ক্ষেত্ৰৰে জড়িত ব্যক্তি আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ কাম-কাজ ইজৰাইলী স্পাইৱেৰ পেগাচাছ ব্যৱহাৰ কৰি অবৈধভাৱে নিৰীক্ষণ কৰা হৈছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰো দাবী তোলে কংগ্ৰেছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে পদত্যাগ নকৰিলে তেওঁক বৰ্খাস্ত কৰিবলৈও কংগ্ৰেছে দাবী উত্থাপন কৰিছিল । এই অভিযোগৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে পেগাচাছ ছফ্টৱেৰ ব্যৱহাৰ কৰি অবৈধভাৱে নিৰীক্ষণ কৰাৰ অভিযোগ নস্যাৎ কৰে । তেওঁ কৈছিল যে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ ঠিক আগমূহুৰ্তত এনে অভিযোগ উত্থাপন কৰি ভাৰতীয় গণতন্ত্ৰৰ ভাৱমূৰ্তি কলুষিত কৰাৰ প্ৰয়াস কৰিছে অভিযোগকাৰীয়ে ।

পেগাচাছ স্পাইৱেৰ কি ?

পেগাচাছ হৈছে ইজৰাইলৰ চাইবাৰ সুৰক্ষা প্ৰতিষ্ঠান এনএছঅ'(NSO)ৰ দ্বাৰা বিকশিত এক স্পাইৱেৰ ৷ এই ছফ্টৱেৰ ব্যৱহাৰ কৰি মোবাইল আৰু কম্পিউটাৰৰ পৰা গোপনীয় আৰু ব্যক্তিগত তথ্য সংগ্ৰহ কৰা হয় । ইয়াৰ পাচত এই তথ্য হেকাৰক যোগান ধৰা হয় ।

ইজৰাইলী কোম্পানী এনএছঅ' গ্ৰুপে দাবী কৰা মতে, তেওঁলোকে কেৱল বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰক এই ছফ্টৱেৰ প্ৰদান কৰিছে । পেগাচাছৰ জৰিয়তে আইঅএছ অথবা এণ্ড্ৰইড অপাৰেটিং চিষ্টেম থকা ফোন হেক কৰিব পৰিব পাৰি পেগাচাছৰ জৰিয়তে । ফোন হেক কৰাৰ পাচত ফোন ডাটা, ই-মেইল, কেমেৰা, কল ৰেকৰ্ড আৰু ফটো এই সকলোবোৰ তথ্য সংগ্ৰহ কৰিব পাৰি ।

সাাৱধান ! পেগাচাছৰ জৰিয়তে কেনেদৰে নিৰীক্ষণ কৰা হয় জানি লওক :

যদি এই পেগাচাছ স্পাইৱেৰৰ জৰিয়তে কোনো লোকৰ ফোন হেক কৰা হয় তেন্তে ২৪ ঘণ্টাই ব্যক্তিজন হেকাৰৰ নিৰীক্ষণত থাকিব । লোকজনলৈ প্ৰেৰণ কৰা প্ৰতিটো বাৰ্তাৰ প্ৰতিলিপি কৰে পেগাচাছে আৰু লগে লগে হেকাৰৰ সৈতে সকলো তথ্য শ্বেয়াৰ কৰিব । ফোনৰ জৰিয়তে হোৱা কথোপকথনো ৰেকৰ্ড কৰিব পাৰি পেগাচাছৰ দ্বাৰা ।

ফোনৰ গৰাকীৰ অজ্ঞাতে পেগাচাছে ফোনৰ পৰাই লোকজনৰ ভিডিঅ' প্ৰস্তুত কৰিব পাৰে । এই স্পাইৱেৰৰ মাইক্ৰ'ফোন সক্ৰিয় কৰাৰ ক্ষমতা আছে । সেয়ে, অজ্ঞাত লিংকত ক্লিক কৰাৰ আগতে সাৱধান হোৱা প্ৰয়োজন ।

কেনেকৈ পেগাচাছৰ জৰিয়তে ফোন হেক কৰিব পাৰি ?

যেনেদৰে ফোনত আন ভাইৰাছ অথবা ছফ্টৱেৰ আহে, তেনেদৰে পেগাচাছো আহে । ইণ্টাৰনেট লিংকৰ জৰিয়তে ফোনৰ সৈতে সংযুক্ত কৰা হয় । এই লিংকবোৰ মেচেজ, ই-মেইল, হোৱাটছএপ মেচেজৰ জৰিয়তে প্ৰেৰণ কৰা হয় ।

প্ৰথমে ২০১৬ চনত পেগাচাছৰ প্ৰসংগ উত্থাপিত হৈছিল । ডুবাইৰ মানৱ অধিকাৰ কৰ্মীয়ে দাবী কৰিছিল যে, লিংকৰ সৈতে থকা কেইবাটাও এছএমএছ তেওঁৰ ফোনলৈ আহিছিল । তাৰ পাচত পৰীক্ষা কৰাত পোহৰলৈ আহে যে, সেই লিংকবোৰৰ ভিতৰত স্পাইৱেৰৰ লিংকো আছে ।

বিশেষজ্ঞসকলৰ মতে, সেয়া পেগাচাছৰ আটাইতকৈ পুৰণি সংস্কৰণ আছিল । এতিয়া ইয়াৰ প্ৰযুক্তি আৰু অধিক বিকশিত হৈছে । এতিয়া লিংকত ক্লিক নকৰাকৈয়ে কেৱল ভইচ কলিঙৰ জৰিয়তে পেগাচাছে ফোন হেক কৰিব পাৰে ।

লগতে পঢ়ক:সুস্মিতা দেৱক আক্ৰমণ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই ত্ৰিপুৰা আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.