ETV Bharat / bharat

পেগাচাছ বিতৰ্ক: ভাৰতে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ পাকিস্তানৰ

author img

By

Published : Jul 24, 2021, 1:48 PM IST

ইজৰাইল ভিত্তিক চাইবাৰ সুৰক্ষা প্ৰতিষ্ঠান এনএছঅ'(NSO)ই বিকশিত কৰা পেগাচাছ(Pegasus) স্পাইৱেৰ ব্যৱহাৰ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানকে ধৰি বিদেশী নাগৰিক, সাংবাদিক, ৰাজনীতিবিদসকলৰ কাৰ্যকলাপ অবৈধভাৱে নিৰীক্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ভাৰতৰ বিৰুদ্ধে । আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীয়ে কেতবোৰ তথ্য প্ৰকাশ কৰাৰ পাছতে সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে । শুকুৰবাৰে পেগাচাছৰ জৰিয়তে অবৈধভাৱে নিৰীক্ষণ কৰা কাৰ্যক গৰিহণা দিয়ে পাকিস্তানে ।

Pakistan raises concern over India's spying operations
পেগাচাছ বিতৰ্কক লৈ ভাৰতত সমালোচনা পাকিস্তানৰ

নেশ্যনেল ডেস্ক, ২৪ জুলাই : পেগাচাছ(Pegasus) স্পাইৱেৰৰ জৰিয়তে ৰাজনৈতিক নেতা, সংবাদিকৰ কাৰ্যকলাপ অবৈধভাৱে নিৰীক্ষণ কৰা বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীয়ে তথ্য প্ৰকাশ কৰাৰ পাছতে এই কাৰ্যক গৰিহণা দিয়ে পাকিস্তানে । পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ জাহিদ হাফিজ চৌধুৰীয়ে ইজৰাইল ভিত্তিক চাইবাৰ সুৰক্ষা প্ৰতিষ্ঠান এনএছঅ'(NSO)ই বিকশিত কৰা পেগাচাছ(Pegasus) স্পাইৱেৰ ব্যৱহাৰ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰা কাৰ্যক সমালোচনা কৰে । এই অভিযোগ কেৱল আন্তঃৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীটোৱে প্ৰকাশ কৰা তথ্যৰ ভিত্তিতহে উত্থাপন কৰা হৈছে । অৱশ্যে ভাৰত চৰকাৰে চোৰাংচোৱাগিৰি কৰাৰ কথা নস্যাৎ কৰিছে ।

জাহিদ হাফিজ চৌধুৰীয়ে কয় যে, পাকিস্তানে এই তথ্যবোৰৰ ভিত্তিত পৰ্যালোচনা কৰি আছে আৰু ভাৰতৰ এনে কাৰ্যকলাপ সন্দৰ্ভত সকলো দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব । লগতে, ৰাষ্ট্ৰসংঘক এই বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ আহ্বান জনাইছে পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰগৰাকীয়ে । পেগাচাছ স্পাইৱেৰৰ সাম্ভাব্য নিৰীক্ষণ তালিকাত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান(Imran Khan), ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন(Emmanuel Macron) আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচা(Cyril Ramaphosa) আৰু শতাধিক চৰকাৰী বিষয়াকে ধৰি বিশ্বৰ কেইবাজনো নেতা আছে । আনহাতে, ভাৰত চৰকাৰে যোৱা ১৯ জুলাইত ইজৰাইলী স্পাইৱেৰ ব্যৱহাৰ কৰাৰ অভিযোগ মিছা বুলি অভিহিত কৰে আৰু এয়া দেশৰ গণতন্ত্ৰ আৰু প্ৰতিষ্ঠানসমূহক অপবাদ জাপি দিয়াৰ এক প্ৰয়াস বুলি কয় ।

ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে(Ashwini Vaishnav) কয় যে, দেশত আইন ব্যৱস্থা নিয়ন্ত্ৰণ কৰাৰ বাবে ভাৰসাম্য ৰক্ষা কৰা আৰু একে সময়তে অবৈধ নিৰীক্ষণ কৰা সম্ভৱ নহয় । বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিয়ে বৃহস্পতিবাৰে কয় যে, ইজৰাইলী স্পাইৱেৰ পেগাচাছৰ জৰিয়তে অবৈধভাৱে নিৰীক্ষণ কৰাৰ অভিযোগ মনে সজা কাহিনী আৰু ইয়াৰ কোনো প্ৰমাণ নাই । ইফালে, পেগাচাছৰ নিৰীক্ষণ সন্দৰ্ভত প্ৰকাশিত তথ্য মিছা বুলি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে আন এক তথ্য ।

কিন্তু এমনেষ্টি ইণ্টাৰনেশ্যনেলে স্পষ্ট কৰি দিছে য়ে, পেগাচাছৰ নিৰীক্ষণ সম্পৰ্কীয় তথ্য সঁচা । আনহাতে, সাংবাদিক, ৰাজনীতিবিদসকলৰ ফোন হেক কৰা কাৰ্যই গোপনীয়তাৰ প্ৰতি ভাবুকি আনিছে । ইজৰাইলী চাইবাৰ সুৰক্ষা প্ৰতিষ্ঠান এনএছঅ'ৰ নিৰীক্ষণ ছফ্টৱেৰৰ অপব্যৱহাৰ সন্দৰ্ভত উত্থাপিত অভিযোগসমূহ পুনৰীক্ষণ কৰিবলৈ এখন সমিতি স্থাপন কৰা হৈছে । এই সমিতি স্থাপনে নিৰীক্ষণৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ বিষয়ো পোহৰলৈ অহাৰ ক্ষেত্ৰত সম্ভাৱ্য পৰ্যালোচনা চলোৱাৰ ইংগিত দিছে ।

লগতে পঢ়ক: টকিঅ' অলিম্পিক: হকীত নিউজিলেণ্ডক ৩-২ গ’লত পৰাস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.