ETV Bharat / bharat

Mehbooba Mufti Slams BJP : পুঁজিপতিৰ লাভৰ বাবে জম্মু কাশ্মীৰৰ প্ৰাকৃতিক সম্পদ শোষণ বিজেপিৰ; মেহবুবা মুফতি

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 2:23 PM IST

পিডিপিৰ সভাপতি মেহবুবা মুফতিয়ে বিজেপিক জম্মু আৰু কাশ্মীৰৰ প্ৰাকৃতিক সম্পদৰ শোষণ কৰি পুঁজিপতিক লাভান্বিত কৰাৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদনৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জম্মু অঞ্চলত পোৱা লিথিয়ামৰ ভাণ্ডাৰ সোনকালেই নিলাম কৰা হ'ব ।

Mehbooba Mufti Slams BJP
Mehbooba Mufti Slams BJP

নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ প্ৰাকৃতিক সম্পদ শোষণ কৰি পুঁজিপতিক লাভান্বিত কৰা বুলি বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পিডিপিৰ সভাপতি মেহবুবা মুফতিৰ । তেওঁ সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই অভিযোগ কৰে । তেওঁ লগতে কয় যে জম্মু অঞ্চলত পোৱা লিথিয়ামৰ ভাণ্ডাৰ সোনকালেই নিলাম কৰা হ'ব ।

"জম্মু-কাশ্মীৰৰ জলসম্পদ আৰু খনিজ পদাৰ্থৰ দায়িত্ব লোৱাৰ পিছত ভাৰত চৰকাৰে জম্মুৰ লিথিয়াম ভাণ্ডাৰৰ ওপৰত দৃষ্টি দিছে । ৰাজ্যৰ দ্বাৰা উৎপাদিত বিদ্যুৎ আনক যোগান ধৰা হয় (আনকি বিনামূলীয়াকৈও) যদিও, আমি কিন্তু নিজেই অন্ধকাৰত ভুগিছোঁ । এতিয়া এই লিথিয়াম ভাণ্ডাৰবোৰ বিজেপিৰ আশিসপুষ্ট পুঁজিপতিসকলক শোষণ আৰু উপহাৰ দিয়া হ'ব । আমি জম্মু-কাশ্মীৰে লাভ কৰা অংশৰ ওপৰত দায়বদ্ধতা বিচাৰিব লাগিব ।" মেহবুবা মুফতিয়ে মঙলবাৰে এক্সত এনেদৰে লিখিছে ।

আনহাতে, দিনটোৰ শেষৰ ফালে প্ৰকাশ কৰা এক বিবৃতিত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ জলসম্পদ আৰু খনিজ পদাৰ্থ অধিগ্ৰহণ কৰাৰ পিছত এতিয়া অঞ্চলটোৰ ভূপৃষ্ঠৰ তলত থকা বিশাল লিথিয়াম ভাণ্ডাৰৰ দিশে গুৰুত্ব আৰোপ কৰা হৈছে ।

"আধুনিক বেটাৰীৰ এক গুৰুত্বপূৰ্ণ উপাদান লিথিয়ামে পৰিষ্কাৰ আৰু বহনক্ষম শক্তি সমাধানৰ দিশত পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশ্বজুৰি যথেষ্ট গুৰুত্ব বহন কৰে । যিহেতু বিশ্বই বৈদ্যুতিক বাহন, নৱীকৰণযোগ্য শক্তি সঞ্চয় আৰু প'ৰ্টেবল ইলেক্ট্ৰ'নিক সঁজুলিবোৰ ক্ৰমান্বয়ে গ্ৰহণ কৰিছে, সেয়ে লিথিয়ামৰ চাহিদাও বৃদ্ধি পাইছে । জম্মু-কাশ্মীৰত যথেষ্ট পৰিমাণে লিথিয়াম জমা হৈ আছে, যিটো এই বৰ্ধিত বিশ্বজনীন চাহিদা পূৰণত গুৰুত্বপূৰ্ণ ।" তেওঁ কয় ।

মুফতিয়ে লগতে কয় যে, এইটো মন কৰিবলগীয়া যে যদিও জম্মু-কাশ্মীৰৰ দ্বাৰা উৎপাদিত বিদ্যুৎ ঐতিহাসিকভাৱে আন অঞ্চললৈ যোগান ধৰা হৈছে, কেতিয়াবা আনকি বিনামূলীয়াকৈও, কিন্তু জম্মু-কাশ্মীৰৰ লোকসকলে প্ৰায়ে পৰ্যাপ্ত পৰিমাণৰ বিদ্যুৎ যোগানৰ অভাৱৰ বাবে নিজে অন্ধকাৰত থাকিবলগা হৈছে । "এতিয়া এই লিথিয়াম ভাণ্ডাৰৰ অবাধ শোষণৰ জৰিয়তে স্থানীয় লোকসকলৰ ওচৰত এই লাভালাভবোৰ পৰ্যাপ্তভাৱে উপলব্ধ নহ'ব পাৰে বুলি উদ্বেগ সৃষ্টি হৈছে ।" তেওঁ কয় ।

উল্লেখ্য যে, নেহবুবা মুফতিয়ে আশংকা ব্যক্ত কৰিছে যে জম্মুৰ লিথিয়াম ভাণ্ডাৰবোৰ অন্বেষণ কৰি শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ সৈতে জড়িত পুঁজিপতিসকলক আগবঢ়োৱা হ'ব । যাৰ ফলত জম্মু-কাশ্মীৰৰ লোকসকল এই সম্পদৰ পৰা উৎপন্ন সম্পদত তেওঁলোকৰ ন্যায্য অংশৰ পৰা বঞ্চিত হ'ব ।

"লিথিয়াম হৈছে এক বিশ্বজুৰি আকাংক্ষিত সম্পদ আৰু জম্মু-কাশ্মীৰৰ ভাণ্ডাৰ কেৱল আমাৰ অঞ্চলৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । এই সম্পদসমূহৰ অন্বেষণে জম্মু-কাশ্মীৰৰ লোকসকলক লাভান্বিত কৰাটো নিশ্চিত কৰাটো কেৱল কেইজনমান নিৰ্বাচিত লোকৰ বাবে নহয়, আমাৰ সামূহিক দায়িত্ব ।" তেওঁ লগতে কয় ।

উল্লেখ্য যে অষ্ট্ৰেলিয়া, চিলি আৰু চীনৰ দৰে সৰ্বাধিক লিথিয়াম ভাণ্ডাৰ থকা দেশ তথা ৰাজ্যসমূহে তেওঁলোকৰ নাগৰিকসকলৰ বাবে দায়িত্বশীল সম্পদ ব্যৱস্থাপনা আৰু স্বচ্ছ লাভালাভৰ আবণ্টনৰ উদাহৰণ সৃষ্টি কৰিছে । মেহবুবা মুফতিয়ে জম্মু-কাশ্মীৰৰ লিথিয়াম ভাণ্ডাৰৰ পৰা উৎপন্ন সম্পদৰ ন্যায়সঙ্গত বিতৰণ নিশ্চিত কৰাৰ বাবে কেন্দ্ৰই নিৰ্দিষ্ট নীতি অনুসৰণ কৰিব লাগিব বুলি জোৰ দি এই কথা কয় । তেওঁ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত স্বচ্ছতা, ন্যায্য ক্ষতিপূৰণ আৰু স্থানীয় অংশীদাৰসকলৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক :Indo China Relations: গালৱান সংঘৰ্ষৰ পৰায়ে অস্বাভাৱিক অৱস্থাত ভাৰত-চীন সম্পৰ্ক; বিদেশ মন্ত্ৰী জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.